• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হোষ্টেলত সোমাই নিৰ্বিচাৰ ছুৰীকাঘাত! ৰাছিয়াত ৪ জন ভাৰতীয় মেডিকেল শিক্ষাৰ্থী গুৰুতৰভাৱে আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2026 9:23 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ এখন প্ৰসিদ্ধ মেডিকেল ইউনিভাৰ্চিটিৰ হোষ্টেলত ছুৰীৰে আক্ৰমণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উফা চহৰৰ ষ্টেট মেডিকেল ইউনিভাৰ্চিটিৰ হোষ্টেলত শনিবাৰে সংঘটিত হোৱা এই ঘটনাত ৪ ভাৰতীয় ছাত্ৰ আৰু দুজন আৰক্ষী সহ মুঠ ৮ জন লোক গুৰুতৰভাৱে আহত হয়।

ঘটনাস্থলীৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত এটি ১৫ বছৰীয়া কিশোৰক। আহত আটাইকেইজন স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ৰাছিয়াৰ তদন্ত সংস্থাই এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Apply Now

উফা আৰক্ষীৰ সূত্ৰ অনুসৰি শনিবাৰে হোষ্টেলৰ ক্ৰীড়া হলত ছাত্ৰ-ছাত্ৰীৰ সমাগম হৈছিল। সেই সময়ত কিশোৰগৰাকী হঠাতে তাত সোমাই পৰে। প্ৰথমতে তেওঁৰ উপস্থিতিত বিশেষ সন্দেহ কোনেও কৰা নাছিল। অভিযোগ অনুসৰি, অলপ সময়ৰ ভিতৰতে তেওঁ ছুৰী উলিয়াই নিৰ্বিচাৰে আঘাত কৰিবলৈ আৰম্ভ কৰে। নিমিষতে গোটেই হলঘৰটোত আতংক বিয়পি পৰে। ছুৰীৰ আঘাতত ৰক্তাক্ত হৈ মজিয়াত পৰি ৰয় ৬ জন লোক।

ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে ততাতয়াকৈ আহি হোষ্টেলত উপস্থিত হয়। অভিযুক্তই তেতিয়াও এই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল। চাৰিজন আৰক্ষী বিষয়াই তেওঁক ঘেৰি ধৰে। পৰিস্থিতি প্ৰতিকূল বুলি উপলব্ধি কৰি কিশোৰগৰাকীয়ে পলাবলৈ চেষ্টা কৰে। সেই সময়ত যেতিয়া দুজন আৰক্ষী বিষয়াই তেওঁক বাধা দিবলৈ আগবাঢ়ি আহিল, তেতিয়া তেওঁলোককো ছুৰীৰে আক্ৰমণ কৰে। গুৰুতৰভাৱে আহত হয় আৰক্ষী বিষয়া দুজনো। শেষত বহু চেষ্টাৰ অন্তত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰৰ সময়ত অভিযুক্ত নিজেও গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত তেওঁক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। যদিও অভিযুক্তৰ বয়স ১৫ বছৰ, তথাপিও তেওঁ নাবালক হোৱাৰ বাবে তেওঁৰ নাম প্ৰকাশ কৰা হোৱা নাই। ৰাছিয়াৰ গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰ মেজৰ জেনেৰেল ইৰিনা ভল্কে কয় যে, ‘গ্ৰেপ্তাৰৰ সময়ত অভিযুক্তই তীব্ৰ প্ৰতিৰোধ কৰিছিল। সেই সময়ত দুজন আৰক্ষী বিষয়াক ছুৰীৰে আঘাত কৰা হৈছিল। অভিযুক্তই নিজেও নিজকে আঘাত কৰিছিল।”

এই আক্ৰমণৰ প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰে যে সমগ্ৰ হোষ্টেলৰ মজিয়া তেজেৰে ৰাঙলী হৈ পৰিছে। ছাত্ৰ-ছাত্ৰীসকল আতংকিত হৈ পৰে। ৰেন টিভিয়ে এম্বুলেন্সত আহতসকলক চিকিৎসালয়লৈ লৈ যোৱাৰ ভিডিঅ’ ফুটেজ প্ৰকাশ কৰে। আহত ছাত্ৰ-ছাত্ৰী আৰু আৰক্ষী বিষয়াক স্থানীয় ক্লিনিকেল হস্পিতালত ভৰ্তি কৰোৱা হৈছে। ৰাছিয়াৰ তদন্ত সংস্থাই এই ঘটনাৰ আঁৰৰ কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd