ডিগবৈত গছত খুন্দা মাৰি ভয়াবহ দুৰ্ঘটনাত পতিত গাড়ী; ৪ জন নিহত

তিনিচুকীয়া জিলাৰ ডিগবৈত বৃহস্পতিবাৰে নিশা এখন গাড়ীয়ে গছত খুন্দা মৰাৰ ফলত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত দুগৰাকী মহিলাসহ চাৰিজন লোক নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়।

তিনিচুকীয়া জিলাৰ ডিগবৈ থানাৰ অন্তৰ্গত গোলাইস্থিত ভাৰতীয় তেল নিগমৰ তেল টাৰ্মিনেলৰ সমীপত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে জনোৱা মতে, ডিবগৈৰ ফালৰ পৰা লিডুলৈ গৈ থকা টাটা টিয়াগো গাড়ীখনে গোলাই তেল টাৰ্মিনেলৰ সন্মুখত পথৰ কাষৰ গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। লোককেইজনে এটা বিয়াৰ পাৰ্টিত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি আহিছিল।

লগতে পঢ়ক: পুৱতি নিশা কলিয়াবৰত নৈশ বাছ-ট্ৰাকৰ সংঘৰ্ষত থিতাতে নিহত এজন; আহত বহুকেইজন বাছ যাত্ৰী

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, বাহনখনৰ চালক আৰু এগৰাকী মহিলাৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত আঘাতপ্ৰাপ্ত আন দুজন লোকৰ মৃত্যু হয়।

নিহত লোককেইজন হৈছে জাগুনৰ অমৃত দত্ত আৰু লিডু বজাৰৰ দিশা গোপ, সুভাষ গোপ আৰু সাধনা গোপ।

আনহাতে, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৰতন গোপ।

লগতে পঢ়ক: কাশ্মীৰত সেনাৰ গুলীত নিহত ৫ উগ্ৰপন্থী; চলিছে ব্যাপক তালাচী

মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু ঘটনাৰ তদন্ত চলি আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।