নতুন বছৰৰ আৰম্ভণিতে মণিপুৰত পুনৰ হিংসাত্মক ঘটনা; ৪জন নিহত, ৫খন জিলাত জাৰি সান্ধ্য আইন

নতুন বছৰৰ আৰম্ভণিতে মণিপুৰত পুনৰ সংঘটিত হৈছে হিংসাত্মক ঘটনা। ৰাজ্যখন থৌবাল জিলাত সোমবাৰে বিয়লি সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষত কমেও তিনিজন লোক নিহত হয়। মণিপুৰ চৰকাৰে ৰাজধানী ইম্ফলকে ধৰি উপত্যকাৰ পাঁচখন জিলাত আইন-শৃংখলাৰ পৰিস্থিতি ৰোধ কৰিবলৈ সান্ধ্য আইন জাৰি কৰিছে। থৌবালৰ উপৰিও ইম্ফল ইষ্ট, ইম্ফল পশ্চিম, বিষ্ণুপুৰ আৰু কোকচিঙত জাৰি কৰা হৈছে সান্ধ্য আইন।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ঘটনাত নিহত ব্যক্তি তিনিজনক গাড়ীৰে চিকিৎসালয়লৈ লৈ যোৱা অৱস্থাতে লিলং চিংঝাও অঞ্চলত বিৰোধী গোষ্ঠীৰ দুস্কৃতিকাৰীয়ে গাড়ীখন অৱৰোধ কৰে। তেওঁলোকক আৰু লগতে গাড়ীৰ চালকক গুলীয়াই হত্যা কৰাৰ লগতে গাড়ীখনত জুই লগাই দিয়ে দুস্কৃতিকাৰীয়ে।

লগতে পঢ়কঃ ৰাম মন্দিৰৰ অভিষেকৰ আগদিনা দিয়ক জয় শ্ৰীৰাম ধ্বনিঃ মুছলমান সমাজলৈ আহ্বান আৰ এছ এছ নেতাৰ

ঘটনাৰ পিছতে উপত্যকাটোৰ লগতে কাষৰীয়া পাহাৰীয়া অঞ্চলতো উত্তেজনা বিয়পি পৰে। এই সংঘৰ্ষত আন কেইবাজনো লোক আহত হয়। এনে পৰিস্থিতিত মণিপুৰৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা এন বীৰেণ সিঙে দুয়োটা দলকে সংযম ৰক্ষা কৰিবলৈ আহ্বান জনায়। তেওঁ কেবিনেটৰ জৰুৰী বৈঠক আহ্বান কৰে।

উল্লেখ্য যে যোৱা ২০২২ চনৰ ৩ মে’ত জনজাতি ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’ (আটছুম)ৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি উত্তৰ-পূব ৰাজ্যত অশান্তিৰ সৃষ্টি হয়। মণিপুৰ উচ্চ ন্যায়ালয়ে মেইটেইসকলক অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়টো বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল। ইয়াৰ পিছতে ইয়াৰ বিৰোধিতা কৰি জনজাতীয় সংগঠনবোৰ ওলাই আহে।

লগতে পঢ়কঃ চাণক্য নীতি! নাৰীৰ এই গুণবোৰৰ আগত দুৰ্বল হৈ পৰে পুৰুষ; প্ৰশংসা কৰি ভাগৰি নপৰে কেতিয়াও

সেই ঘটনাৰ পিছৰে পৰা কুকি, জো, আৰু অন্যান্য অনুসূচিত জনজাতিৰ সৈতে সংঘাত আৰম্ভ হৈছিল মণিপুৰৰ আদিবাসী মেইটেই জনগোষ্ঠীৰ। বছৰ বাগৰিল যদিও উত্তৰ-পূবৰ ৰাজ্যখনত হিংসা বন্ধ হোৱা নাই৷ এতিয়ালৈকে মৃত্যুৰ সংখ্যা প্ৰায় দুশ। আনহাতে, ৬০ হাজাৰৰো অধিক লোক গৃহহীন হৈছে।