অসম বন্ধত ৰে’ল পথত অগ্নি সংযোগ কৰাৰ অভিযোগত কৃষক মুক্তিৰ ৪ সদস্যক আটক

Golaghat-750x375

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যৰ প্ৰায় অৰ্ধশতাধিক সংগঠনে ২৩ অক্টোবৰত আহ্বান জনোৱা অসম বন্ধৰ সময়ত ৰে’ল পথৰ ক্ষতিসাধন কৰাৰ চেষ্টা চলোৱাৰ অভিযোগত আজি গোলঘাট জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৪ গৰাকী সদস্যক গ্ৰেপ্তাৰ কৰা হয়।

আটকাধীন কৰ্মী কেইজন হৈছে নাওজানৰ কৃষক মুক্তিৰ গোলাঘাট জিলাৰ সম্পাদক পোনা বৰা (৫০) আৰু টেঙানিৰ নয়ন মণি তামুলী (২৭), প্ৰাঞ্জল দুৱৰা (২৮) আৰু অনন্ত গগৈ।

বোকাজানৰ ৰে’লৱে আৰক্ষীয়ে দিয়া এজাহাৰৰ ভিত্তিত বৰপথাৰ আৰক্ষীয়ে তেওঁলোকৰ ভাৰতীয় দণ্ডবিধিৰ ১২০ বি, ১৪৩, ১০৯, ২৮৩, ৩০৭ আৰু ৩৫৩ ধৰাৰ অধীনত ৰাজহুৱা সম্পত্তি ক্ষতিসাধন কৰাৰ অপৰাধত এক গোচৰ ৰুজু কৰে।

গ্ৰেপ্তাৰ কৰা সদস্য কেইজনক আৰক্ষীয়ে সৰুপথাৰৰ মহকুমা দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই পিছত এদিনৰ বাবে নিজৰ জিম্মাত লয়।

উল্লেখযোগ্য যে, এজাহাৰত দিয়া অভিযোগ অনুসৰি কৃষক মুক্তিৰ উক্ত সদস্য কেইগৰাকীয়ে কালি বন্ধৰ সময়ছোৱাত জামুগুৰি আৰু বিলগাঁও ষ্টেচনৰ মাজৰ ৰে’লপথত টায়াৰ জ্বলাই অগ্নি সংযোগ কৰি ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী ট্ৰেইনৰ ক্ষতিসাধন কৰিব খুজিছিল।