ঘৰত প্ৰৱেশ কৰি পৰিয়ালৰ ৪ সদস্যক গুলীয়াই হত্যা; ঘটনাৰ বলি দলিত শিক্ষক,পত্নী আৰু দুই কন্যা

ফটোঃ সংগ্ৰহীত।

উত্তৰ প্ৰদেশৰ আমেথিৰ ভৱানী নগৰৰ এগৰাকী দলিত শিক্ষকৰ ঘৰত হঠাৎ প্ৰৱেশ কৰে একাংশ দুষ্কৃতিকাৰী। তাৰ পিছত গুলীয়াই হত্যা কৰে শিক্ষকজনৰ লগতে তেওঁৰ পত্নী আৰু দুগৰাকী কন্যাক।

এই সমগ্ৰ ঘটনা বৃহস্পতিবাৰে আৰক্ষীৰ প্ৰায় সন্মুখতে সংঘটিত হয়। জানিব পৰা মতে, মৃত শিক্ষক সুনীল কুমাৰ, তেওঁৰ পত্নী পুনম আৰু ৬ আৰু ১বছৰ বয়সৰ দুই শিশুকন্যাক দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে।

জানিব পৰা মতে, ভবানী নগৰত এখন মেলাৰ বাবে অঞ্চলটো কটকটীয়া নিৰাপত্তাৰে ঘেৰি ৰখা হৈছিল। কিন্তু তাৰমাজতে সংঘটিত এনে ঘটনাই প্ৰশ্ন উত্থাপন কৰিছে।

লগতে পঢ়কঃ গুৱাহাটীত অপহৰণ কাণ্ডত জড়িত চক্ৰ উৎখাত; দুজনক গ্ৰেপ্তাৰ

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মৃত শিক্ষকজন ভৱানী নগৰৰ এটা ভাড়াঘৰত বাস কৰিছিল। কিছুদিন পূৰ্বে তেওঁৰ পত্নীয়ে প্ৰাণহানি আৰু যৌন নিৰ্যাতনৰ আশংকাত থানাত এজাহাৰ দাখিল কৰিছিল। আৰু তাৰ পিছতে বৃহস্পতিবাৰে এই আক্ৰমণৰ ঘটনা ঘটে।

আৰক্ষীয়ে জনোৱা মতে, মূল ৪ অভিযুক্ত পলাতক। ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে চাৰিটা গুলীৰ খোলা আৰু এটা কাৰ্টিজ। ঘটনাক লৈ উত্তৰ প্ৰদেশত বিয়পি পৰিছে চাঞ্চল্য।

লগতে পঢ়কঃ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি; অসমীয়াৰ বাবে স্বস্তিৰ খৱৰ!

ইপিনে, বিৰোধীয়ে আইন-শৃংখলাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। অনুসূচিত জাতি- অনুসূচিত জনজাতি আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এক বিবৃতিত কয় যে দোষীক শীঘ্ৰেই শাস্তি প্ৰদান কৰা হ’ব।