• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মধ্যপ্ৰদেশত চৰম অপুষ্টিৰ ফলত চাৰি মহীয়া শিশুৰ মৃত্যু! বিজেপি শাসিত ৰাজ্যত হাহাকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 23, 2025 11:17 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱপুৰীত দিব্যাংশী। শ্বেওপুৰত ৰাধিকা। সতনাত হুছেইন। বিজেপি শাসিত মধ্যপ্ৰদেশত চৰম অপুষ্টিৰ ফলত মৃত্যু আন এজন শিশুৰ।

মঙলবাৰে নিশা মাৰৱা গাঁৱৰ জিলা চিকিৎসালয়ত মৃত্যু হয় চাৰি মহীয়া শিশু হুছেইনৰ। তাৰ আগতে তেওঁ পিআইচিইউত চাৰিদিন ধৰি মৃত্যুৰ সৈতে যুঁজি আছিল। এই বয়সৰ আন শিশুৰ ওজন কমেও পাঁচ কেজি হ’ব লাগে যদিও হুছেইনৰ ওজন আছিল মাত্ৰ ডেৰ কিলোগ্ৰাম। তেওঁৰ কংকালৰ দৰে মুখখন, আধা খোলা চকু দুটা আৰু শেঁতা ওঁঠ দুটা তেওঁৰ অসুস্থতাৰ নিৰৱ প্ৰমাণ আছিল। তেওঁ ইমানেই দুৰ্বল আছিল যে তেওঁৰ কান্দিবলৈও শক্তি নাছিল। জন্মৰ সময়ত হুছেইনৰ ওজন আছিল ৩ কেজি। কিন্তু তাৰ পিছত হুছেইন নিউমোনিয়াত আক্ৰান্ত হয় আৰু তেওঁৰ ওজন অতি দ্ৰুত হাৰত কমিবলৈ ধৰিলে। তেওঁ অত্যন্ত দুৰ্বল হৈ পৰিল। জানিব পৰা মতে, জন্মৰ পৰা এটাও টিকা দিয়া নাছিল। ফলত তেওঁৰ কণমানি শৰীৰটোৱে অধিক বিপদৰ সন্মুখীন হ’বলগীয়া হ’ল। শেষত হুছেইনে এই পৃথিৱীৰ পৰা মেলানি মাগে।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা শনিবাৰে পুত্ৰৰ সৈতে মাতৃ আছমা বানো চিকিৎসালয়লৈ আহিছিল। শিশু চিকিৎসকে হুছেইনক পৰীক্ষা কৰি তেওঁক সোনকালে ‘গুৰুতৰভাৱে পুষ্টিহীন’ বুলি ঘোষণা কৰা হ’ল। হুছেইনক প্ৰথমে পুষ্টি পুনৰ্বাসন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল, তাৰ পিছত পিকিউলৈ প্ৰেৰণ কৰা হয়। পিছত তেওঁৰ তাতেই মৃত্যু হয়। হুছেইনৰ মৃত্যুত তিনিজন কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে। চিকিৎসা বিষয়া এছ পি শ্ৰীবাস্তৱ, স্বাস্থ্যকৰ্মী লক্ষ্মী ৰাৱট আৰু আশা কৰ্মী উৰ্মিলা সতনমীৰ বিৰুদ্ধে জাননী জাৰি কৰা হৈছে।

উল্লেখ্য যে হুছেইনৰ মৃত্যু মধ্যপ্ৰদেশত পুষ্টিহীনতাৰ বাবে শিশুৰ মৃত্যুৰ প্ৰথমটো ঘটনা নহয়। ইয়াৰ পূৰ্বেও এনে ঘটনা সংঘটিত হৈছে। আগষ্ট মাহত শিৱপুৰীত ১৫ মহীয়া দিব্যাংশীৰ মৃত্যু বা শ্বেওপুৰত ডেৰ বছৰীয়া ৰাধিকাৰ মৃত্যু স্বাস্থ্য বিভাগৰ গাফিলতিৰ জ্বলন্ত প্ৰমাণ। পৰিসংখ্যা আৰু অধিক উদ্বেগজনক। ২০২৫ চনৰ এপ্ৰিল মাহত সমগ্ৰ দেশতে পাঁচ বছৰৰ তলৰ শিশুৰ মাজত গুৰুতৰ আৰু মধ্যমীয়া অপুষ্টিৰ গড় হাৰ আছিল ৫.৪০ শতাংশ। মধ্যপ্ৰদেশত এই হাৰ আছিল ৭.৭৯ শতাংশ। কেৱল সেয়াই নহয়, কেন্দ্ৰীয় তথ্য অনুসৰি ৰাজ্যৰ ৫৫খন জিলাৰ ভিতৰত ৪৫খন জিলা ‘ৰেড জ’ন’ৰ অধীনত আছে, য’ত ২০ শতাংশতকৈ অধিক শিশুৰ ওজন তেওঁলোকৰ বয়সৰ অনুযায়ী অতি কম। চৰকাৰী হিচাপ অনুসৰি এন আৰ চি কেন্দ্ৰত গুৰুতৰভাৱে পুষ্টিহীন শিশুৰ বাবে আবণ্টন মাত্ৰ ১২ টকা। এই বিষয়টো শেহতীয়াকৈ বিধানসভাত উত্থাপন কৰিছিল মধ্যপ্ৰদেশ কংগ্ৰেছৰ বিধায়ক বিক্ৰান্ত ভুৰিয়াই। তেওঁৰ এটা প্ৰশ্নৰ উত্তৰত ৰাজ্য চৰকাৰে পুষ্টিহীনতা দূৰ কৰাৰ বাবে দৈনিক আবণ্টনৰ তথ্য প্ৰকাশ কৰে। আৰু সেই তথ্য পোহৰলৈ অহাৰ পিছত সকলোৰে চকু কপাঁলত উঠে। ভুৰিয়াই বিধানসভাৰ আগত কয় যে চৰকাৰে অপুষ্টিকৰ শিশুৰ বাবে প্ৰতিদিনে মাত্ৰ ৮-১২ টকা খৰচ কৰে, আনহাতে গৰুৰ গোবৰৰ বাবে প্ৰতিদিনে ৪০ টকাৰ আবণ্টন কৰা হৈছে। কিন্তু ৰাজ্যৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী নিৰ্মলা ভুৰিয়াই স্বীকাৰ কৰে যে পুষ্টিহীনতা ৰোধৰ বাবে ৰাজ্যত এনে আবণ্টন নাই। পুষ্টিহীনতা দূৰ কৰিবলৈ আমি কেন্দ্ৰক অধিক আৰ্থিক সাহায্য বিচাৰিছো বুলিও কয় তেঁও দাবী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd