মণিপুৰৰ ৰাজধানী ইম্ফলত মঙলবাৰে পুৱাই সংঘটিত বোমা বিস্ফোৰণৰ ফলত চাৰি গৰাকী আৰক্ষীৰ লোক গুৰুতৰভাৱে আহত হৈছে।
উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত আহত আৰক্ষীৰ লোককেইজনক ততাতয়াকৈ ওচৰৰ হাস্পাতালত ভৰ্তি কৰোৱা হয়।
আৰক্ষীৰ লোকে অঞ্চলটো ঘেৰি ৰাখিছে আৰু আক্ৰমণকাৰীৰ সন্ধানত নামি পৰিছে।
বাতৰি অনুসৰি, আৰক্ষীৰ লোকক লক্ষ্য কৰিয়েই আক্ৰমণটো চলোৱা হৈছিল। আক্ৰমণত এজন লোকো গুৰুতৰভাৱে আহত হৈছে।
ইম্ফলত কটকটীয়া নিৰাপত্তা ব্যৱস্থা চলি থকাৰ মাজতে বিস্ফোৰণটো সংঘটিত হৈছে। কোনো অজ্ঞাত উগ্ৰপন্থীয়ে বোমাটো সংস্থাপন কৰাৰ সন্দেহ কৰা হৈছে।
অৱশ্যে এতিয়ালৈকে কোন উগ্ৰপন্থী জড়িত আছে সেই খৱৰ পোহৰলৈ অহা নাই।
উল্লেখযোগ্য যে ঘটনাটো সংঘটিত হোৱা স্থানৰ পৰা আৰক্ষী থানালৈ মাত্ৰ ১৫০ মিটাৰ দূৰত্ব হ’ব বুলি জানিব পৰা গৈছে।
বিস্ফোৰম সংঘটিত হোৱাৰ এঘন্টাৰ ভিতৰতে মুখ্য মন্ত্ৰী এন বীৰেন সিঙে ঘটনাস্থলী পৰিদৰ্শন কৰে। তেওঁ এনে আক্ৰমণক কাপুৰুষালি বুলি অভিহিত কৰি দোষীক বিচাৰি উলিয়াই কঠোৰ শাস্তি প্ৰদানৰ কথা সদৰী কৰে।
বৰ্তমান সুৰক্ষা আৰু ফৰেইনচিক বিভাগৰ তদন্তৰ বাবে গোটেই অঞ্চলটো ছীল কৰি দিয়া হৈছে।
বোমা বিস্ফোৰণ সংঘটিত হোৱা অঞ্চলটোত অধিক বিহাৰী সম্প্ৰদায়ৰ লোক বাস কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে গোচৰ এটা ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনে ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই।