NORTHEAST NOW (Assamese)

অপ্ৰতিৰোধ্য পুটিন! আজিৰে পৰা ৰাছিয়া অধিকৃত ইউক্ৰেইনৰ চাৰিটা অঞ্চলত আৰম্ভ গণভোট

September 23, 2022 12:50 pm · এন ই নাও নিউজ, গুৱাহাটী

Four Russia-occupied Ukraine regions begin to vote বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মহাশক্তি ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীৰ পৰা ইউক্ৰেইনত “বিশেষ সামৰিক অভিযান” চলাই আহিছে। প্ৰায় সাত মাহ ধৰি চলি থকা যুদ্ধত ৰাছিয়াই ইউক্ৰেইনৰ কেইবাটাও অঞ্চল দখল কৰিছে। ৰাছিয়াপন্থীসকলে ইয়াৰে চাৰিটা অঞ্চল ৰাছিয়াৰ সৈতে একত্ৰিত কৰিবলৈ গণভোটৰ আয়োজন কৰিছে।

উক্ত চাৰিটা অঞ্চল হৈছে লুহানস্ক, ডনেটস্ক, খেৰচন আৰু জাপোৰিজিয়া। এই অঞ্চলসমূহত ২৩ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰলৈ গণভোট অনুষ্ঠিত হ’ব। এই গণভোটৰ ফলাফল ৰাছিয়াৰ পক্ষত অনিবাৰ্য হ’ব বুলি আশা কৰা হৈছে।

লগতে পঢ়ক: ভাৰতীয় টকাৰ সৰ্বকালীন পতন; আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮১ টকা অতিক্ৰম

ইয়াৰ পূৰ্বে ৰাছিয়াৰ বাহিনীয়ে ক্ৰিমিয়া দখল কৰিছিল। ২০১৪ চনত তাত গণভোট অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত ব্যাপক ৰিগিঙৰ ঘটনা আন্তৰ্জাতিক পৰ্যায়ত সমালোচিত হৈছিল। সেই নিৰ্বাচনত ৰাছিয়াৰ সৈতে ক্ৰিমিয়াৰ অন্তৰ্ভুক্তিৰ বাবে ৯৭ শতাংশ ভোট পৰিছিল।

ইউক্ৰেইনৰ পশ্চিমীয়া মিত্ৰশক্তিয়ে ৰাছিয়াৰ এই পদক্ষেপক “ভূমি দখল” বুলি অভিহিত কৰি গৰিহণা দিছে। মিত্ৰশক্তিয়ে লগতে কৈছে যে এই নিৰ্বাচনৰ ফলাফলক স্বীকৃতি দিয়া নহয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে কয় যে এইটো এটা বিপদজনক সিদ্ধান্ত। বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাষণ প্ৰদান কৰি তেওঁ দৃঢ়তাৰে কয় যে ইউক্ৰেইনৰ ভূমিত কোনো ৰাছিয়াৰ দাবীয়ে ইউক্ৰেইনীয়সকলৰ আত্মৰক্ষাৰ অধিকাৰ কাঢ়ি নিব নোৱাৰে।

লগতে পঢ়ক: সৰ্বোপৰি দেশ! ৰাছিয়াৰ সাংসদসকলেও যোগ দিব লাগিব ইউক্ৰেইনৰ যুদ্ধত!

নিশা এক ভাষণত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কয় যে নিৰ্বাচনটো এক প্ৰৱঞ্চনামূলক আৰু অগণতান্ত্ৰিক।

চলিত সপ্তাহৰ আৰম্ভণিতে ৰাছিয়াই লুহানস্ক, ডনেটস্ক, খেৰচন আৰু জাপোৰিজিয়া প্ৰদেশত গণভোট ঘোষণা কৰিছিল। আন্তৰ্জাতিক সংবাদ মাধ্যমৰ তথ্য মতে এই অঞ্চলবোৰ ইউক্ৰেইনৰ প্ৰায় ১৫ শতাংশ বা মধ্য ইউৰোপীয় দেশ হাংগেৰীৰ সমান।

ৰাছিয়াৰ সংবাদ মাধ্যমৰ মতে গণভোটত নিযুক্ত বিষয়াসকলে শুকুৰবাৰৰ পৰা সোমবাৰৰ ভিতৰত পোৰ্টেবল বেলট বাকচলৈ লুহানস্ক, ডনেটস্ক খেৰচন আৰু জাপোৰিজিয়া প্ৰদেশত ঘৰে ঘৰে যাব। পঞ্চম দিনা অৰ্থাৎ ২৭ ছেপ্টেম্বৰ মঙলবাৰে ভোটকেন্দ্ৰৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব।

লগতে পঢ়ক: Supreme Court: শিক্ষানুষ্ঠানসমূহত মুছলমান ছাত্ৰীৰ হিজাব পিন্ধাৰ অধিকাৰ; উচ্চতম ন্যায়ালয়ে সংৰক্ষিত ৰাখিলে ৰায়

যোৱা কেইমাহমান ধৰি ৰাছিয়াৰ এই গণভোটকলৈ চৰ্চা চলি আছে। মস্কোপন্থী কৰ্তৃপক্ষ এই ক্ষেত্ৰত ক্ষিপ্ৰতাৰে আগবাঢ়ি যায়। ইউক্ৰেনে শেহতীয়াকৈ তেওঁলোকৰ কিছু অংশ ৰাছিয়াৰ পৰা পুনৰুদ্ধাৰ কৰিছে। সেয়ে, ইয়াক যাতে বাধা দিব পাৰি তাৰবাবেই ৰাছিয়াই ততাতয়াকৈ ভোটদান আৰম্ভ কৰিছে।

Related News