• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অখিল গগৈৰ মুক্তিৰ দাবীত নুমলীগড়ৰ পৰা পদযাত্ৰা কৰি কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত চাৰিগৰাকী যুৱক

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 18, 2020 3:51 pm

2 min read

Akhil Gogoi story

পদযাত্ৰা কৰা যুৱক চাৰিগৰাকী

3.1k
VIEWS
Share on FacebookShare on Twitter

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ মুক্তিৰ দাবীত পিনতু গগৈ, হিৰক জ্যোতি শইকীয়া, যতীন ফুকন আৰু প্ৰাঞ্জল বৰা নামৰ চাৰিজন যুৱকে নুমলীগড়ৰ পৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ পদযাত্ৰা আৰম্ভ কৰিছে।বিগত ৯ মাৰ্চত নুমলীগড়ৰ পৰা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ পদযাত্ৰা আৰম্ভ কৰা যুৱক চাৰিজনে কোনো দল, সংগঠনৰ বেনাৰত পদযাত্ৰা নকৰি সম্পূৰ্ণ নিজাববীয়াকৈ কৰিছিল বুলি প্ৰকাশ কৰে।

দহ দিনৰ মূৰত প্ৰায় ২৬০ কিঃমিঃ দূৰত্ব খোজ কাঢ়ি আজি ৰাতিপুৱা ৯:৩০ বজাত লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয় যুৱক কেইজন।

অহৰহভাৱে দহদিন ধৰি খোজ কাঢ়ি অহাৰ বাবে ভৰিৰ ছাল ছিঙি গৈছিল যুৱককেইজনৰ, তথাপি থমকি ৰোৱা নাছিল তেওঁলোক।

পদযাত্ৰাৰ সময়ত মূৰ আৰু ডিঙিত অসমীয়াৰ স্বাভিমান গামোচা আৰু অখিল গগৈৰ ছবি সম্বলিত টি চাৰ্ট পৰিধান কৰি পদযাত্ৰা কৰিছিল যুৱক কেইজনে।

‘‘জনতাৰ কণ্ঠ অখিল গগৈক বিনা চৰ্তত মুকলি কৰি দিয়ক,’’ যুৱক কেইগৰাকীৰ দাবী।

যুৱক কেইজনৰ মাজৰ পিনতু গগৈৰ চৰকাৰলৈ প্ৰশ্ন ‘‘অসমীয়াৰ হৈ মাত মাতিলেই মাওবাদী হয় নেকি? যদি তেনেই হয় আমি হাজাৰ বাৰ অসম মাতৃৰ হকে মাত মাতি যাম।’’

ইয়াৰ পাছতো যদি অখিলক মুক্তি নিদিয়ে তেন্তে দিছপুৰৰ দিল্লীলৈ পদযাত্ৰাৰ হুংকাৰ দিয়ে যুৱক কেইজনে।

কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ যুৱক কেইজনে কৃষক নেতা অখিল গগৈক সাক্ষাৎ কৰে।

কেন্দ্ৰীয় কাৰাগাৰত যুৱক কেইজনক কৃষিক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য, অন্য জাতীয় দল সংগঠনৰ বহু নেতাই আহি সাক্ষাৎ কৰা পৰিলক্ষিত হয়।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd