NORTHEAST NOW (Assamese)

Kaziranga National Park: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ভাল খবৰ; বুঢ়াপাহাৰ বনাঞ্চলত বন্দুকসহ আত্মসমৰ্পণ ৪ যুৱকৰ

June 14, 2022 7:41 pm · ৰিদীপ শৰ্মা, কলিয়াবৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলত চাৰিজন যুৱকে আজি বন্দুকসহ আত্মসমৰ্পন কৰে।

বুঢ়াপাহাৰ বনাঞ্চলত ৰাষ্ট্ৰীয় উদ্যানখনৰ DFO ৰমেশ গগৈৰ উপস্থিতিত যুৱক  চাৰিজনে আত্মসমৰ্পন কৰে। যুৱককেইজনে হাতত বন্দুকলৈ আত্মসমৰ্পন কৰে।

আত্মসমৰ্পনকাৰী চাৰিজন যুৱক হৈছে ক্ৰমে-অনিত তাঁতী¸ ৰাহুল ভূমিজ¸ ইচাক প্ৰধান আৰু এতুৱা মুণ্ডা।

লগতে পঢ়ক: World Blood Donor Day: ৰক্তদান কৰি যুৱকে দেখুৱাইছে আদৰ্শ; এতিয়ালৈকে ১৩৮ বাৰ ৰক্তদান কৰিলে বিশ্বনাথৰ বিলাল শ্বেখে

আত্মসমৰ্পণকাৰী আটাইকেইজন যুৱকৰ ঘৰ কলিয়াবৰৰ জখলাবন্ধা থানা এলেকাধীন শাকমুঠিয়াত।

তেওঁলোকে হস্তনিৰ্মিত ২টা বন্দুক আৰু মাৰণাস্ত্ৰ নিৰ্মাণ সঁজুলি জমা দিয়ে।

উল্লেখ্য যে দীৰ্ঘসময় ধৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ দুস্প্ৰাপ্য চৰাই-চিৰিকটি আদি নিধন কৰি মাংস বিক্ৰী কৰিছিল এই চাৰিজন যুৱকে।

ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সৈতে হোৱা এলানি আলোচনাৰ পাছতেই আজি মূলসূঁতিলৈ ঘূৰি আহে যুৱক চাৰিজন।

লগতে পঢ়ক: স্বামীক হত্যা: ‘হাউ টু মাৰ্ডাৰ ইয়ৰ হাজবেণ্ড’ গ্ৰন্থৰ লেখিকাক যাৱজ্জীৱন কাৰাদণ্ড!

আত্মসমৰ্পণ কৰা যুৱক চাৰিজনক আৰ্থিক সংস্থাপনৰ কাৰণে আৰণ্যকৰ জড়িয়তে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যোগাযোগ কৰাই দিব বুলি জানিব পৰা গৈছে।

Related News