আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দক্ষিণ কোৰিয়া আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰদূত

দুদিনীয়া ভ্ৰমণসূচীৰে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈছেহি ভাৰতত থকা ফৰাচী ৰাষ্ট্ৰদূত ইমানুৱেল লেনেইন। ৰাষ্ট্ৰদূত গৰাকীৰ লগত সহযোগ কৰে অসম ফ্ৰান্স প্ৰকল্পৰ সঞ্চালক অঙ্কিত টালয়ানে।

অসমৰ বনবিভাগৰ উপ বন সংৰক্ষক ৰোহিণী বল্লভ শইকীয়াৰ নেতৃত্বত এটা উচ্চ পদস্থ বন বিষয়াৰ দলে ৰাষ্ট্ৰদূতজনক কাজিৰঙালৈ আদৰি আনে।

কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্ৰদূত গৰাকীয়ে বিয়লি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ সাধুভেটি নামৰ বন শিবিৰ পৰিদৰ্শন কৰি তাত থকা বনকৰ্মীসকলৰ সৈতে মত-বিনিময় কৰে। ইয়াৰ পাছত তেওঁ বাগৰি বনাঞ্চলত প্ৰৱেশ কৰি ডোঙা বনশিবিৰৰ পৰা কাজিৰঙাৰ সৌন্দৰ্য্য উপভোগ কৰে।

এই ভ্ৰমণ কালত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ লগতে বন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰদূত গৰাকীয়ে কহঁৰাত থকা আৰক্ষীৰ অতিথিশালাত কিছু সময় জিৰণি লৈ পুনৰ বন বিভাগৰ শতবৰ্ষ সমাৰোহ প্ৰেক্ষাগৃহত উপস্থিত হৈ কাজিৰঙাৰ বিষয়ববীয়াৰ সৈতে কাজিৰঙাৰ পৰিচালনা আৰু সমস্যাৰ সম্পৰ্কত আলোচনাত মিলিত হয়।

অনুষ্ঠানতে কাজিৰঙাৰ সঞ্চালকে ৰাষ্ট্ৰদূত গৰাকীৰ আগত এক সচিত্ৰ উপস্থাপন দাঙি ধৰে ৷ ৰাষ্ট্ৰদূত গৰাকীৰ সান্মাৰ্থে নিশা আৰক্ষীৰ অতিথি শালাত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ৷

নিশা এই অতিথি শালাতে কটায় দেওবাৰে ৰাষ্ট্ৰদূত গৰাকীয়ে হাতী আৰু জীপেৰে কাজিৰঙা দৰ্শন কৰি বিয়লিলৈ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ দৰ্শন কৰাৰ কথা।

ইফালে আজি দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূত চিন বংকিলেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে। গুৱাহাটীত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশলৈ পৰিয়ালসহ কাজিৰঙাত উপস্থিত হোৱা ৰাষ্ট্ৰদূত গৰাকীয়ে কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি আপ্লুত হৈ পৰে।