‘ভাৰতবৰ্ষৰ ভাৱমূৰ্তি ম্লান কৰাত পশ্চিমীয়া সংবাদ মাধ্যমৰ অৰিহনা অধিক’: ফ্ৰাঁছোৱা গতিয়েৰ

IMG-20191026-WA0080-1

ভাৰতত কৰ্মৰত জ্যেষ্ঠ ফৰাচী সাংবাদিক ফ্ৰাঁছোৱা গতিয়েৰ।

‘’পৃথিৱীৰ অন্যতম প্ৰাচীন সভ্যতা সংস্কৃতিৰে সমৃদ্ধ ভাৰতবৰ্ষৰ ভাৱমূৰ্তি আন্তৰ্জাতিক প্ৰেক্ষাপটত ম্লান কৰাত ভূমিকা গ্ৰহণ কৰি আহিছে পশ্চিমীয়া দেশৰ একাংশ সংবাদ মাধ্যমে।‘’

এই মন্তব্য ভাৰতত কৰ্মৰত জ্যেষ্ঠ ফৰাচী সাংবাদিক ফ্ৰাঁছোৱা গতিয়েৰৰ।

মহানগৰীৰ সাংবাদিক সকলৰ লগত হোৱা এক বাৰ্তালাপত গতিয়েৰে পশ্চিমৰ বেছিভাগ সাংবাদিকে ভাৰতক হেয় দৃষ্টিৰে চোৱাৰ প্ৰৱণতা পুহি ৰখা বুলি মন্তব্য কৰে।

অৱশ্যে ভাৰতীয় নাগৰিকৰ অবাঞ্ছিত সোৰোপালি আৰু নতুন প্ৰজন্মক গঢ় দিয়াত ভুল শিক্ষানীতি গ্ৰহনেও ইয়াত অৰিহনা যোগাইছে বুলি তেওঁ লগতে মন্তব্য কৰে।

গতিয়েৰে যুক্তি দেখায় যে বিদেশৰ সাংবাদিক সকলে মূলত দিল্লীলৈ আহি তাৰ পৰাই সমগ্ৰ ভাৰতৰ বাতৰি প্ৰেৰণ কৰে।

তদুপৰি, তেওঁলোক তিনি বা চাৰি বছৰৰ পাছত কৰ্তব্যৰ খাতিৰত অন্য ঠাইত গুচি  যায়। ভাৰতলৈ আহোতে তেওঁলোকে কিছু নেতিবাচক ধাৰণা লৈ আহে আৰু নিজৰ কাৰ্য্য কালত তাৰ সংশোধন নকৰাকৈয়ে তেওঁলোক আঁতৰি যায়।

পেৰিচত জন্ম গ্ৰহণ কৰি পশ্চিমীয়া শিক্ষাৰে শিক্ষিত আৰু বৰ্তমানেও বহুকেইখন ফৰাচী সংবাদ পত্ৰৰ নিয়মীয়া লিখক গতিয়েৰে বাখ্যা কৰে যে দিল্লীয়েই ভাৰতবৰ্ষ নহয়।

তেওঁ কয় যে দক্ষিণ ভাৰত অথবা পূব ভাৰতৰ পৰা দিল্লী বহু হাজাৰ কিলোমিটাৰ দূৰত অৱস্থিত। বেছিভাগ বিদেশী সাংবাদিকে ভাৰতবৰ্ষৰ দৰে এখন বিশাল আৰু  বিচিত্ৰ দেশক জানিবলৈ নিয়মীয়া ভ্ৰমণৰ প্ৰয়োজন। অন্যথা দিল্লীত তেওঁলোকে যি কথা ভাবে সমগ্ৰ দেশৰ নাগৰিকে তেনেধৰনে চিন্তা কৰে  বুলি ধৰি লব পাৰে।
দ্বিতীয়তে, এই সাংবাদিক সকলে ভাৰত সম্পৰ্কত তেওঁলোকৰ সম্পাদক সকলৰ ভুল বাখ্যা শুনি এই দেশলৈ আহে। তাৰ লগে লগে কিছু ভাৰতীয় সংবাদিকেও বিদেশী সংবাদ পত্ৰত  নিজৰ প্ৰবন্ধ প্ৰকাশৰ স্বাৰ্থত নিজ দেশৰ নেতিবাচক কথা
প্ৰচাৰ কৰে।

আনকি যুগ যুগ ধৰি লাঞ্চনা আৰু অৱমাননাৰ বলি হোৱা  হিন্দু সমাজকো অসহিষ্ণু বুলি প্ৰচাৰ কৰে। ফলত ভাৰতৰ ভাৱমূৰ্তি উজ্জলৰ পথ সদায় বাধাগ্ৰস্ত হৈ থাকে। অৱশ্যে শেহতীয়াকৈ বিকল্প সংবাদ মাধ্যমৰ প্ৰভাৱৰ ফলত এই দেশখনৰ ঐতিহ্য,সভ্যতা,সংস্কৃতিৰ চৰ্চাৰ পথ পুনৰ মুকলি হৈছে আৰু পশ্চিমীয়া দেশৰ সাধাৰণ নাগৰিকেও এই মাধ্যমৰ জৰিয়তে ভাৰত সম্পৰ্কত নিত্য নতুন তথ্য লাভ কৰিছে।

বিশিষ্ট সাংবাদিকগৰাকীয়ে লগতে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ কথা উল্লেখ কৰি  কয় যে নতুন প্ৰজন্মক এই মহান দেশখনক লৈ গৌৰৱ কৰিবলৈ শিকোৱা নহয়। তেওঁলোকক ইউৰোপ আৰু আমেৰিকাৰ দেশৰ তুলনাত ভাৰতক নি:স্ব আৰু পিছপৰা বুলি পাকে প্ৰকাৰে বুজোৱা হয়।

আজি সমগ্ৰ পৃথিৱীত ভাৰতীয় মূলৰ বিজ্ঞানী,অৰ্থনীতিবিদ,অভিযন্তা, চিকিৎসক  আদিয়ে সেই দেশসমূহক সেৱা কৰি আহিছে। তদুপৰি তেওঁলোকে তাতেই নিগাজীকৈবাস কৰে আৰু তেওঁলোকৰ সতি-সন্ততি সকল ভাৰতীয় ভাব ধাৰাৰ
পৰা লাহে লাহে বিছিন্ন হৈ পৰে।

গতিয়েৰে আন দিশ তুলি ধৰি এজন সাধাৰণ ইজৰাইলি নাগৰিকৰ দৰে স্বদেশ আৰু স্বজাতিক ৰক্ষা কৰাৰ কাৰণে প্ৰয়োজনীয় সাহস আৰু সততা ভাৰতে শিকিব লগা আছে বুলি ব্যক্ত কৰে।

তেওঁ কয় যে ইজৰাইলি সকলে প্ৰাচীন ভাষা হিব্ৰুক পুনৰ প্ৰচলনৰ কাৰণে যি উদ্যোগ হাতত লৈছিল ভাৰতীয় সকলেও পৃথিৱীৰ অন্যতম প্ৰাচীন ভাষা সংস্কৃতক উজ্জীৱিত কৰিবলৈ  প্ৰয়াস কৰিব লাগে।

ভাৰতৰ দৰে বিচিত্ৰ ভাষা-ভাষী লোকৰ দেশত আদিভাষা সংস্কৃতে দেশৰ ঐক্য,সংহতি আৰু অখণ্ডতাৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰিব।গতিয়েৰে অৱশ্যে সংস্কৃত ভাষাক সৰলীকৃত কৰি ডিজিটেল মাধ্যমৰে সংপৃক্তকৰণৰ দৰে প্ৰয়োজনীয় পদক্ষেপ লব লাগে বুলি মন্তব্য কৰে আৰু এনে উদ্যোগ যিমান সোনকালে লব পাৰে সিমানেই মংগল বুলি কয়।

স্বাধীনতাৰ পিছৰে পৰা দেশখনত প্ৰচলন হোৱা অবাঞ্ছিত ৰাজকীয় আদব কায়দাৰ সমালোচনা কৰি গতিয়েৰে ক্ষমতাসীন ৰাজনৈতিক ব্যক্তি, আমোলা,অথবা ধনাঢ্য ব্যক্তিৰ  ক্ষেত্ৰত প্ৰযোজ্য বহুনীতি সলনিৰ যুক্তি দৰ্শায়।

নিৰাপত্তা বেষ্টনীত থকাটো কোনো ব্যক্তিৰ  মৰ্য্যদাৰ প্ৰতীক হব নালাগে যি প্ৰৱণতা ভাৰতত এতিয়াও সুলভ। এনে ব্যৱস্থাৰ পৰিবৰ্তনে বহু পৰিমাণৰ ৰাজহৰ অপব্যৱহাৰ ৰোধ কৰাৰ লগতে শাসক আৰু জনগণৰ মাজৰ সম্পৰ্ক মৰ্য্যদাপূৰ্ণ হব
বুলি তেওঁ উল্লেখ  কৰে।

অন্যএক প্ৰসংগত গতিয়েৰে ভাৰতীয় সভ্যতা সংস্কৃতিৰ ক্ষেত্ৰত মাৰ্ক্সবাদী তথা বাওঁপন্থী সকলে  ক্ষতিকাৰক ভূমিকা গ্ৰহণ কৰা বুলি উল্লেখ কৰি কয় যে সমগ্ৰ পৃথিৱীৰ পৰা এই ৰাজনৈতিক মতাদৰ্শ আজি বিলুপ্তিৰ পথত।

তেওঁ কয় যে কিউবা অথবা চীনত এতিয়া মাৰ্ক্সবাদতকৈ অধিক প্ৰাধান্য লাভ কৰিছে পুঁজিবাদী সকলে।

তেওঁ লগতে ভাৰতবৰ্ষৰ ইতিহাসৰ পুনৰ লিখনতো গুৰুত্ব আৰোপ কৰে।