ভাৰত-চীন উত্তেজনাৰ মাজতে ভাৰতত অৱতৰণ ফ্ৰান্সৰ তিনি খনকৈ যুদ্ধ বিমানৰ, কিয় আহিল যুদ্ধ বিমান?

ভাৰত-চীন উত্তেজনাৰ মাজতে ফ্ৰান্সৰ বায়ু সেনাৰ তিনিখন ৰাফেল যুঁজাৰু বিমান ভাৰতত অৱতৰণ কৰিছে। ফ্ৰান্সৰ অত্যাধুনিক যুঁজাৰু বিমানসমূহে তামিলনাডুৰ চুলুৰ বায়ু সেনা ঘাটিত অৱতৰণ কৰে। ভাৰতীয় বায়ু সেনাই কৈছে যে ফ্ৰান্সৰ ৰাফেল জেটবিমান কেইখনে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সামৰিক অনুশীলন কৰিবলৈ আহিছে।

ফ্ৰান্সৰ পৰা ৭০০০ কিলোমিটাৰ একেৰাহে যাত্ৰা কৰাৰ পিছত বিমান কেইখনে ভাৰতত জিৰণি ল’বলৈ নামিছে। ভাৰতীয় বায়ু সেনাই টুইটাৰত কয় যে ফ্ৰান্সৰ ৰাফেল জেটবিমানে অষ্ট্ৰেলিয়াত ‘এক্সাৰচাইজ পিচ ব্লেক-২০২২’ শীৰ্ষক এক সামৰিক অনুশীলনত অংশগ্ৰহণ কৰিবলৈ গৈ আছে। বিমানকেইখনে ১০ আৰু ১১ আগষ্টৰ মাজভাগত কাৰিকৰী প্ৰয়োজনীয়তাৰ বাবে ভাৰতত অৱতৰণ কৰিছিল।

২০১৮ চনত সামৰিক সহযোগিতা শক্তিশালী কৰাৰ বাবে নতুন দিল্লী আৰু পেৰিছৰ মাজত এক ‘লজিষ্টিক সমৰ্থন’ চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ চৰ্তাৱলী অনুসৰি, প্ৰয়োজন হ’লে তেওঁলোকে ইখন দেশে সিখন দেশৰ সামৰিক ঘাটি ব্যৱহাৰ কৰিব পাৰে। এই সন্দৰ্ভত এটা বিবৃতিত বায়ু সেনাই কয় “ভাৰতীয় বায়ু সেনাৰ সহায়ে দুয়োখন দেশৰ মাজত পাৰস্পৰিক বিশ্বাস আৰু সহযোগিতাৰ সম্পৰ্ক কিমান শক্তিশালী সেয়া স্পষ্ট কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে, ফ্ৰান্সৰ বায়ু সেনাই ১০ ৰ পৰা ১৮ আগষ্টলৈ ইণ্ডো-পেচিফিক অঞ্চলত সামৰিক অনুশীলন অনুষ্ঠিত কৰিছে।

অষ্ট্ৰেলিয়াত অনুষ্ঠিত অনুশীলনত অংশগ্ৰহণ কৰিবলৈ ৰাফেল বিমান ঘাটিৰ পৰা ফ্ৰান্সৰ বিমান ঘাটিৰ পৰা প্ৰায় ১৬,৬০০ কিলোমিটাৰ ভ্ৰমণ কৰিব লগা হৈছিল। ফলস্বৰূপে, কাৰিকৰী প্ৰয়োজনীয়তাৰ বাবে ৰাফেল বিমান কেইখনে ভাৰতীয় বায়ু সেনা ঘাটিত অৱতৰণ কৰে।

একে সময়তে, বিশ্লেষকসকলে কয় যে টাইৱানক লৈ সৃষ্টি হোৱা উত্তেজনাৰ মাজত এয়া চীনৰ বাবে এক ডাঙৰ সতৰ্ক বাৰ্তা । মন কৰিবলগীয়া যে ২০১৬ চনত ভাৰত আৰু ফ্ৰান্সৰ মাজত প্ৰায় ৫৯,০০০ কোটি টকাৰ চুক্তি স্বাক্ষৰিত হৈছিল। য’ত ৩৬ খন ৰাফেল যুঁজাৰু বিমান ক্ৰয়ৰ সিদ্ধান্ত লোৱা হৈছিল। ফলস্বৰূপে, প্ৰায় দুটা দশকৰ পিছত, ভাৰতীয় বায়ু সেনাই এখন নতুন অত্যাধুনিক বিদেশী যুঁজাৰু বিমান লাভ কৰে।

বিমানখনে ইতিমধ্যে লাডাখত প্ৰতিকূল বতৰৰ পৰিস্থিতিত অনুশীলন চলাইছে। বিমানখনে দহ টন কাৰ্গো কঢ়িয়াবলৈ সক্ষম। মাটিৰ পৰা সাগৰ বা আকাশৰ লক্ষ্যত আঘাত কৰাৰ ক্ষেত্ৰত, এই বিমান সমৰ্থ। চতুৰ্থ প্ৰজন্মৰ ‘মিডিয়াম মাল্টি ৰোল কমবেট এয়াৰক্ৰাফ্ট’ ৰাফেলত ‘মাট্টিওৰ’, ভিজুৱেল ৰেঞ্জ এয়াৰ-টু-এয়াৰ মিছাইল, ক্ৰুজ মিছাইল ‘স্কেল্প’ আৰু ‘হেমাৰ’ মিছাইল আছে। ৰাফেল বিমানে আকাশত উৰি থকাৰ সময়তে ইন্ধন ভৰ্তি কৰিবলৈও সক্ষম।