NORTHEAST NOW (Assamese)

নগাঁৱৰ অসামৰিক চিকিৎসালয়ত ”মুখ্যমন্ত্ৰী বিনামূলীয়া চি টি স্কেন সেৱা” মুকলি

September 23, 2018 7:10 am · এন ই নাও নিউজ
মুখ্যমন্ত্ৰী বিনামূলীয়া চিটি স্কেন সেৱা মুকলি কৰাৰ সময়ত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা। ফটো : নৰ্থইষ্ট নাও

”আৰ্থিক দুৰৱস্থা স্বাস্থ্যৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হ’ব নোৱাৰে। এই ক্ষেত্ৰত আমি এখোপ আগুৱাই গৈছো। সকলো লোকৰ বাবে এই সেৱা মুকলি কৰা হৈছে।” শনিবাৰে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ”মুখ্যমন্ত্ৰী বিনামূলীয়া চি টি স্কেন সেৱা” মুকলি কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই এইদৰে কয়।

তেওঁ লগতে বিজেপি নেতৃত্বাধীন চৰকাৰে স্বাস্থ্যৰ ক্ষেত্ৰত আমোল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে বুলিও উল্লেখ কৰে।

নগাঁৱৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰা, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল পাটৰ, নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ জে আহমেদৰ উপস্থিতিত অনুষ্ঠিত মুখ্যমন্ত্ৰী বিনামূলীয়া চি টি স্কেন সেৱা মুকলি অনুষ্ঠানত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ বিভিন্ন বিভাগৰ ডাক্তৰ-নাৰ্চ, বিষয়া-কৰ্মচাৰীৰ লগতে জিলাখনৰ বহু কেইজন গণ্য-মান্য ব্যক্তি আৰু শতাধিক ৰাইজ উপস্থিত থাকে।

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ”মুখ্যমন্ত্ৰী বিনামূলীয়া চি টি স্কেন সেৱা” মুকলি হোৱাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। বৃহত্তৰ নগাঁও অঞ্চলত চৰকাৰী স্বাস্থ্যসেৱাত এনেধৰণৰ ব্যয় সাপেক্ষ চিকিৎসাৰ সেৱা বিনামূলীয়াকৈ লাভ কৰিলে সৰ্বসাধাৰণ ৰাইজ উপকৃত হ’ব বুলিও ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

Related News