সমগ্ৰ বিশ্বৰ লগতে বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত উদ্যানতো উদ্যানখনৰ কৰ্তৃপক্ষ, ডব্লিউ ডব্লিউ এফ আৰু মানাহ এভাৰ ৱেলফেয়াৰ ছ’চাইটিৰ উদ্যোগত ২২ ছেপ্টেম্বৰৰ দিনটো বিশ্ব গঁড় দিৱস হিচাপে উদযাপন কৰা হয়।
এই উদ্দেশ্যে উদ্যানখনৰ সঞ্চালক হিৰণ্য কুমাৰ শৰ্মা আৰু উদ্যানখনৰ বিশেষ কৰ্তব্যৰত বিষয়া ধৰণীধৰ বড়োৱে বাঁহবাৰী ৰেঞ্জৰ দ্বিতীয় প্ৰৱেশদ্বাৰত আয়োজন কৰা এক অনুষ্ঠানত বিশ্ব গঁড় দিৱস তথা গঁড়ৰ সংৰক্ষণ সন্দৰ্ভত বাখ্যা আগবঢ়ায়। লগতে তেওঁলোক দুজনে গঁড়ৰ খড়গক লৈ আমাৰ সমাজৰ একাংশ মানুহৰ মনত যি অন্ধবিশ্বাস আছে তাৰ ওপৰতো বক্তব্য আগবঢ়ায়।
বিশ্ব গঁড় দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠানত স্থানীয় বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ লগতে বৰপেটা ৰোডৰ জিএলচি কলেজ আৰু ব্ৰিলিয়াণ্ট একাডেমিৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলেও অংশ গ্ৰহণ কৰে৷
ডব্লিউ ডব্লিউ এফৰ দেৱ কুমাৰ দত্ত, সুশান্ত বৰঠাকুৰ, আবিনাশ বড়োই ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃতিৰ বিষয়ে জ্ঞান দিয়ে৷ অনুষ্ঠানত মিউজৰ সভাপতি চিক্ৰম বৰ্মন, সম্পাদক বুবুল নাথ উপস্থিত থাকে৷
প্ৰাপ্ত তথ্য মতে বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনত থকা গঁড়ৰ সংখ্যা হৈছে ৩৬ টা ৷