NORTHEAST NOW (Assamese)

টীয়ক চাহ বাগিচাৰ শ্ৰমিকক বিনামূলীয়া মাস্ক যোগান বাগিচা কৰ্তৃপক্ষৰ

March 28, 2020 3:38 pm · নিৰ্মলেন্দু পাঠক
Updated: March 28, 2020 4:01 pm

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি আজি যোৰহাট জিলাৰ টীয়ক চাহ বাগিচাৰ কৰ্তৃপক্ষই বাগিচাখনৰ শ্ৰমিকসকলক বিনামূলীয়া মাস্ক যোগান ধৰে। প্ৰতি ঘৰ শ্ৰমিক পৰিয়ালৰ সকলো সদস্যৰ বাবেই যোগান ধৰা হয় বিনামূলীয়া মাস্ক।

আনহাতে ল’কডাউনৰ ফলত বাগিচাসমূহ বন্ধ কৰি থোৱা হৈছে যদিও জিলা উপায়ুক্তৰ পৰা অনুমতি লৈ বাগিছা কৰ্তৃপক্ষই তেওঁলোকৰ অধীনস্থ শ্ৰমিকসকলক সপ্তাহটোৰ মজুৰি দিয়ে। এইক্ষেত্ৰত বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা যায়।

মজুৰি গ্ৰহণৰ বাবে শ্ৰমিকসকলৰ এক মিটাৰ দূৰত্বত শাৰীপাতি, মুখত মাস্ক মাৰি মজুৰি গ্ৰহণৰ ব্যৱস্থা কৰিছে টীয়ক চাহ বাগিচাৰ কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে পাৰিশ্ৰমিক লোৱাৰ পূৰ্বে শ্ৰমিকসকলক ভালকৈ চাবোনেৰে হাত ধোৱাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে পাৰিশ্ৰমিক লোৱাৰ পাছত ঘৰত গৈ পুনৰ হাত ধুবলৈ বাগিচা কৰ্তৃপক্ষই সকলোকে আহ্বান জনায়।

Related News