NORTHEAST NOW (Assamese)

বৰপেটাত বানপীড়িত সকলক সেনাৰ উদ্যোগত বিনামূলীয়া চিকিৎসা প্ৰদান

July 22, 2019 12:02 pm · পুলেন্দ্ৰ দাস

ৰাজ্যত এতিয়া বানৰ বিভীষিকা কিছু পৰিমাণে কমাৰ পিছতে বানাক্ৰান্তসকলৰ মাজত দেখা দিছে না না ৰোগ আৰু খাদ্য সংকটে। এনে বানাক্ৰান্ত লোক তথা পশুধনৰ চিকিৎসা প্ৰদানৰ উদ্দেশ্যে দেওবাৰে অৰ্থাৎ ২১ জুলাইত গণকুছিত সেনাৰ নৱম জাত ৰেজিমেণ্টে চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে।

এই চিকিৎসা শিবিৰৰ জৰিয়তে তিনি হাজাৰ বন্যাৰ্ত আৰু প্ৰায় ৮ শতাধিক পশুধনৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰে।

সেনা বাহিনীৰ ৰেড হৰ্ণ ডিভিজন আৰু বৰপেটাৰ নৱম জাত ৰেজিমেন্টৰ যৌথ প্ৰচেষ্টাত অনুষ্ঠিত এই চিকিৎসা শিবিৰত বৰপেটাৰ গণককুছি, পাটবাউসী, মাজৰগাঁও, পালহাজি আদি অঞ্চলৰ বন্যাৰ্ত আৰু পশুধনক সাঙুৰি লোৱা হয় ৷

সেনাৰ দুখন যন্ত্ৰচালিত নাৱেৰে ৰুগীয়া লোকসকলক চিকিৎসা শিবিৰলৈ অনা-নিয়াৰ ব্যৱস্থা কৰে সেনা জোৱান সকলে। এই চিকিৎসা শিবিৰত সেনাৰ চিকিৎসক, পশু চিকিৎসক তথা সেনাৰ ৰেড হৰ্ণ আৰু নৱম জাত ৰেজিমেন্টৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

ইফালে অঞ্চলটোৰ বানপীড়িতসকলৰ বাবে সেনা বাহিনীয়ে লোৱা এনে কাৰ্যসূচীক ভূয়সী প্ৰশংসা কৰে বৃহত্তৰ অঞ্চলটোৰ লোকসকলে।

Related News