NORTHEAST NOW (Assamese)

পুৰণি পুখুৰী আশ্ৰয় শিবিৰত থকা উচ্ছেদিত ৰাইজৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰ

June 24, 2019 10:11 pm · পাৰ্শ্বজ্যোতি গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

শিৱসাগৰৰ পুৰণি পুখুৰী আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা প্ৰায় ৮০ জন উচ্ছেদিত লোকৰ মাজত দেওবাৰে ঐক্যবদ্ধ সংগ্ৰামী মঞ্চৰ আহ্বানত বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিয়ে এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে।

উক্ত স্বাস্থ্য শিবিৰত শিশুৰ পৰা বৃদ্ধলৈকে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰে আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে। আনহাতে জাতীয়তাবাদী যুৱ পৰিষদে এই সকল ৰাইজৰ সুবিধাৰ্থে এটা দমকল স্থাপন কৰি দি এটুপি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰি দিয়ে।

ইফালে দুয়োটা সংগঠনে জিলা প্ৰশাসনক অতি শীঘ্ৰে এই উচ্ছেদিত পৰিয়াল কেইটাক পুনৰ সংস্থাপিত কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

উল্লেখ্য যে প্ৰায় ৪০ বছৰ ধৰি  বসবাস কৰি অহা ভূমীহীন দুখীয়া কৈৱৰ্ত জনগোষ্ঠীয় এই পৰিয়াল কেইটাৰ ওপৰত যোৱা ১১ মে’ত প্ৰশাসনে উচ্ছেদ কাৰ্য চলাইছিল। সেইদিনাই স্থানীয় ৰাইজ আৰু কৈৱৰ্ত ছাত্ৰ সন্থাই পুৰণি পুখুৰীৰ পাৰৰ ৰাজহুৱা ৰংগমঞ্চত এটা অস্থায়ী শিবিৰ স্থাপন কৰি দিছিল আৰু তেতিয়াৰ পৰা আজি পৰ্যন্ত তাতেই প্ৰায় ৮০ জন লোকে ৰ’দে বৰষুণে আশ্ৰয় লৈ আছে।

এটা সৰু ৰংগ মঞ্চত একেলগে ইমান সংখ্যক লোকে থাকিব লগীয়া হোৱাত বহুত অসুবিধাৰ সৃষ্টি হৈছে লোকসকলৰ। এতিয়াও তেওঁলোকে চৰকাৰ বা প্ৰশাসনে কিবা সু ব্যৱস্থা কৰি দিব বুলি আশা কৰি আছে যদিও প্ৰকৃততে কিন্তু জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান কৰা নাই এই সকল লোকক।

Related News