প্ৰকৃতিৰ ৰোষত পৰিছে তুৰস্ক। আজি পুৱতি নিশা উদ্ভৱ হোৱা ভয়াৱহ ভূমিকম্পই তুৰস্কত সহস্ৰাধিক লোকৰ প্ৰাণহানি কৰাৰ সময়তে কাহৰামানমাৰাছ প্ৰদেশৰ এলবিষ্টান জিলাত আন এক ৭.৬ ৰিখটাৰৰ বৃহৎ ভূমিকম্পই আঘাত হানিছে। ছিৰিয়াৰ সংবাদ সংস্থা ছানাই প্ৰকাশ কৰা বাতৰি অনুসৰি ডামাস্কাছ, লাটাকিয়া আৰু ছিৰিয়াৰ অন্যান্য প্ৰদেশতো এই কঁপনি অনুভূত হৈছে।
সোমবাৰে পুৱা দক্ষিণ-পূব তুৰস্ক আৰু উত্তৰ ছিৰিয়াত ৭.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পত ১৪০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক আহত হোৱাৰ খবৰ ইতিমধ্যে প্ৰকাশ পাইছে। এই দুৰ্যোগত এতিয়াও শ শ লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে।
তুৰস্কৰ ৰাষ্ট্ৰপতি এৰদোগানে এই ভূমিকম্পক দেশখনে সন্মুখীন হোৱা শতিকাৰ আটাইতকৈ ডাঙৰ দুৰ্যোগ বুলি অভিহিত কৰে। সোমবাৰে পুৱা তুৰস্কত সংঘটিত হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত প্ৰায় ৯১২ জন লোকৰ মৃত্যু হোৱা বুলি ৰাষ্ট্ৰপতি ৰেচেপ টাইব এৰদোগানে জনায়। আনহাতে ছিৰিয়াত এই ভূমিকম্পৰ ফলত প্ৰায় ৫৬০ জন লোকৰ মৃত্যু হয়।
বৰ্তমানো অনুসন্ধান তথা উদ্ধাৰ অভিযান অব্যাহত আছে বুলি কৰ্তৃপক্ষই সদৰী কৰিছে। গতিকে এই দুৰ্যোগত নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে প্ৰশাসনে। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি দক্ষিণ তুৰস্কত ৭.৮ ৰিখটাৰ স্কেলৰ শক্তিশালী ভূমিকম্পটোৰ পিছতে ৬.৭ প্ৰাবল্যৰ আন এক প্ৰবল ভূমিকম্পৰো উদ্ভৱ হৈছিল।
প্ৰাৰম্ভিক ভূমিকম্পটো গাজিয়ানেপ প্ৰদেশৰ নুৰদাগি চহৰৰ পৰা ২৬ কিলোমিটাৰ পূবে ১৭.৯ কিলোমিটাৰ গভীৰতাত সৃষ্টি হোৱাৰ বিপৰীতে দ্বিতীয়টো কিছু সময় পিছতে মধ্য তুৰস্কত ৯.৯ কিলোমিটাৰ গভীৰতাত উদ্ভৱ হয়।