বিৰোধীৰ মুখ বন্ধ কৰিবলৈ চৰকাৰে নিত্য নতুন পন্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ চৰকাৰক সমালোচনা কৰোতে বিৰোধীয়ে ব্যৱহাৰ কৰা বহু কেইটা শব্দক অসংসদীয় শব্দ হিচাবে তালিকাভূক্ত কৰা হৈছিল। কিন্তু ব্যাপক প্ৰতিবাদৰ পিছত সেই সিদ্ধান্ত পৰিহাৰ কৰা হৈছিল।
শেহতীয়াকৈ সংসদত সাংসদসকলৰ বাবে নতুন আচৰণ বিধি প্ৰৱৰ্তন কৰাৰ কথা ভবা-চিন্তা কৰা হৈছে। সংসদৰ সচিবালয়ৰ এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে সংসদৰ শীতকালীন অধিৱেশনৰ পৰা কোনো সাংসদে সংসদৰ ভিতৰত বেনাৰ-পোষ্টাৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব। উল্লেখ্য সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়তো প্ৰতিবাদ কৰাৰ বাবেই লোকসভাৰ চাৰি জন আৰু ৰাজ্যসভাৰ ১৯ জন সাংসদক নিলম্বিত কৰা হৈছিল।
এইবাৰ সেয়ে আচৰণ বিধি প্ৰস্তুত কৰি সাংসদসকলক নাকী লগাব বিচাৰিছে চৰকাৰে। উল্লেখ্য চলিতবৰ্ষৰ ১৮ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত কেতবোৰ বিশেষ শব্দ কোনো সাংসদেই ব্যৱহাৰ কৰিব নোৱাৰিব বুলি কোৱা হৈছিল।
লোকসভা সচিবালয়ে প্ৰকাশ কৰা অসংসদীয় শব্দৰ পুস্তিকাত স্থান লাভ কৰা তেনে অসংসদীয় শব্দ কেইটামান আছিল ‘জুমলাজীভি’, ‘কোভিড স্প্ৰেডাৰ’ আৰু ‘স্নুপগেট’, ‘চামচাগিৰি’, ‘দুৰ্নীতিগ্ৰস্ত’ আদি।
আনকি সাধাৰণতে ব্যৱহৃত শব্দ যেনে ‘লজ্জিত’, ‘দুৰ্ব্যৱহাৰ,’ ‘বিশ্বাসঘাতকতা’, ‘দুৰ্নীতিগ্ৰস্ত’, ‘নাটক’, ‘ভণ্ডামি’ আৰু ‘অক্ষম’, ‘নৈৰাজ্যবাদী’, ‘শকুনি’, ‘স্বৈৰাচাৰী’, ‘বিনাশ পুৰুষ’, ‘খালিস্তানী’ আদি ।লোকসভা আৰু ৰাজ্যসভা উভয় সদনতে অসংসদীয় বুলি গণ্য কৰা হ’ব বুলি কোৱা হৈছিল এনে শব্দবোৰক।
অসংসদীয় হিচাপে তালিকাভুক্ত হোৱা হিন্দী শব্দৰ ভিতৰত আছিল ‘গাদ্দাৰ’, ‘গিৰগিট’, ‘চামচা’, ‘চামচাগিৰি’, ‘চেলা’, ‘অপমান’, ‘অসত্য’, ‘অহংকাৰ’, ‘দুৰ্নীতিগ্ৰস্ত’, ‘কলা দিন’, ‘কলা বজাৰী’ আদি। বিৰোধী দলৰ নেতাসকলে এনে সিদ্ধান্ত বাক স্বাধীনতাৰ ওপৰত আঘাত বুলি মন্তব্য কৰিছিল।ৰাজ্যসভাৰ সদস্য ডেৰেক অ’ব্ৰায়েনে এয়া সাংসদসকলৰ স্বাধীনতাৰ ওপৰত অত্যাচাৰ বুলি কৈছিল।
তৃণমূলৰ সাংসদ মহুয়া মৈত্ৰই টুইটত কৈছিল ” চৰকাৰে বিৰোধীয়ে ব্যৱহাৰ কৰা সকলো শব্দ নাইকীয়া কৰি দেশ ধ্বংস কৰিবলৈ ওলাইছে ।” জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সদস্য জয়ৰাম ৰমেশেও চৰকাৰক এই প্ৰসংগত সমালোচনা কৰিছিল।