ৰত্নপীঠ মহাবিদ্যালয়ত নৱাগত আদৰণি অনুষ্ঠান সম্পন্ন

পশ্চিম অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ থানা এলেকাৰ বহালপুৰৰ ওচৰত নাথপাৰা নামে ঠাইত অৱস্থিত এক মাত্ৰা উচ্চ শিক্ষাৰ অনুষ্ঠান “”ৰত্নপীঠ ” মহাবিদ্যালয়ৰ ২০২১-২০২২ শিক্ষাবৰ্ষৰ নৱাগত আদৰণি সভা কালি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।

পুৱা ৯;৩০ বজাত পতাকা উত্তোলনৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ ন-পুৰণি ছাত্ৰ ছাত্ৰীৰ চিনাকি অনুষ্ঠান অনুষ্ঠিত হয় ৰাতিপুৱা ১১;০০ বজাত ।

ইপিনে দিনৰ ১ বজাৰ পৰা অধ্যক্ষ শ্বেখ হেদায়েতুল্লাহৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়।

ইপিনে আদৰণি পত্ৰ পাঠৰ পিছত নবাগত ছাত্ৰ- ছাত্ৰীৰ ওপৰত কৰা পুষ্প বৃষ্টি আছিল এটি অনন্য কাৰ্যসূচী।

সভাত মুখ্য অতিথি হিচাপে ভাষণ দি এন ডি ২৪ ৰ মুখ্য কাৰ্যবাহী সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাই কয় যে প্ৰশাসনিক ক্ষেত্ৰখন অসমীয়াৰ বাবে শূন্য হ’বলৈ গৈ আছে।

অসমৰ ছাত্ৰ- যুৱ সমাজে প্ৰশাসনিক ক্ষেত্ৰত প্ৰৱেশ কৰাৰ বাবে অধিক তৎপৰ হব লাগে।

জাতি – জনগোষ্ঠীগত পৰিচয়ৰ ক্ষেত্ৰত সংগঠন বোৰে কাম কৰক, সমস্যা নাই, কিন্তু সেই কৰিবলৈ যাওঁতে অতি সাম্প্ৰদায়িক হব নালাগে বুলি বাইলুং বৰুৱাই কয়।

সভাত ড° মিনতি কংসবনিক সোঁৱৰণী ছাত্ৰ বৃত্তি ছাত্ৰী বৰ্ণালী মেধিক প্ৰদান কৰে চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ অৰুণ কংসবণি্কে ।

এই মনোগ্ৰাহী সভাত উপস্থিত থাকে কলেজ পৰিচালনা সমিতিৰ সভাপতি ড° প্ৰভাস দাস, প্ৰতিষ্ঠাপক অধ্যক্ষ তথা ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণী কান্ত ৰায় , জ্যেষ্ঠ সহযোগী অধ্যাপিকা কমলা দেৱী সমন্বিতে অন্যান্য অধ্যাপক অধ্যাপিকা ক্ৰমে ড° সাহজাহান আলী সেখ, মঞ্জুলা দাস, গুল ৰৌশনাৰা বেগম, ওৱাছিম আৰিফ, মানিক চন্দ্ৰ সিংহ , তৰুণ কুমাৰ হালদাৰ, ড° মনীষা তালুকদাৰ, বৰ্ষা চাংমাই, ড° দেবনাথ নাৰ্জাৰী, মৃদুষ্মিতা নাথ, ছাদদাম হুছেইন, চৈতন্য কলিতা, ফিৰ্দৌছী বেগম, নাছমিন চুলতানা,প্ৰণীতা চৌধুৰী, চুলতানা চেনেহী বেগম আদি ।

ইপিনে এই সভাত শিক্ষক শিক্ষয়িত্ৰী ফালৰ পৰা বক্তৱ্য ৰাখে কমলা দেৱীয়ে। এই নৱাগত আদৰণি সভাৰ কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যাপক উৎসাহ উদ্দীপনাৰ সৃষ্টি কৰিছে।