• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2026 7:30 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াৰে পৰা অধিক সংখ্যক কৰ্মচাৰী ভৱিষ্যৎ সঞ্চয় আৰু সামাজিক সুৰক্ষাৰ আওতালৈ অহাৰ পথ মুকলি হ’ল। কেন্দ্ৰীয় চৰকাৰে এপিএফঅ’‎ অৰ্থাৎ এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ বাধ্যতামূলক অন্তৰ্ভুক্তিৰ বাবে থকা দৰমহাৰ সীমা ১৫ হাজাৰৰ পৰা ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাই শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ এই প্ৰস্তাৱত সন্মতি দিয়ে।

নতুন নিয়ম কাৰ্যকৰী হ’লে মাহে ১৫ হাজাৰৰ পৰা ২৫ হাজাৰ টকালৈ দৰমহা লাভ কৰা বহু কৰ্মচাৰী বাধ্যতামূলকভাৱে এপিএফঅ’‎ৰ আওতালৈ আহিব। চৰকাৰৰ হিচাপ অনুসৰি, ইয়াৰ ফলত ৫১ লাখতকৈ অধিক নতুন কৰ্মচাৰী এই সামাজিক সুৰক্ষা ব্যৱস্থাৰ অন্তৰ্ভুক্ত হ’ব পাৰে।

Apply Now

বৰ্তমান কোনো কৰ্মচাৰীয়ে চাকৰিত যোগদান কৰাৰ সময়ত মাহে ১৫ হাজাৰতকৈ অধিক দৰমহা লাভ কৰিলে তেওঁক স্বয়ংক্ৰিয়ভাৱে এপিএফঅ’‎ৰ আওতাত অন্তৰ্ভুক্ত কৰা নহয়। কিন্তু নতুন সীমা কাৰ্যকৰী হ’লে এই বাধ্যতামূলক অন্তৰ্ভুক্তিৰ সীমা ২৫ হাজাৰ টকালৈ বৃদ্ধি পাব। ফলত অধিক সংখ্যক কৰ্মচাৰীৰ ভৱিষ্যৎ সঞ্চয় গঢ়ি উঠাৰ লগতে নিয়ম অনুসৰি পেঞ্চন আৰু জীৱন বীমাৰ সুবিধাও লাভ কৰাৰ সুযোগ সৃষ্টি হ’ব।

দীৰ্ঘদিন ধৰি এপিএফঅ’‎ৰ দৰমহাৰ সীমাত কোনো পৰিৱৰ্তন হোৱা নাছিল। ২০০৪ চনৰ পৰা ২০১৪ চনলৈ এই সীমা একেই আছিল। ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত শেষবাৰৰ বাবে এই সীমা বৃদ্ধি কৰি ১৫ হাজাৰ টকা কৰা হৈছিল। ইয়াৰ পাছত যোৱা ১২ বছৰত দেশত দৰমহা আৰু আয়ৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগতে আনুষ্ঠানিক চাকৰিৰ পৰিসৰো বিস্তৃত হৈছে। বহু ৰাজ্য আৰু কৰ্মক্ষেত্ৰত ন্যূনতম মজুৰিও ১৫ হাজাৰ টকাৰ ওচৰ চাপিছে বা তাৰ ওপৰলৈ গৈছে। এই পৰিস্থিতিতে পুৰণি সীমা সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি, এই নতুন ব্যৱস্থা ৰূপায়ণ কৰিবলৈ বছৰি প্ৰায় ১১,৩৩৯ কোটি টকাৰ ব্যয় হ’ব। বৰ্তমান এই ক্ষেত্ৰত বছৰি প্ৰায় ১০,২৫০ কোটি টকাৰ বাজেট সহায় আগবঢ়োৱা হয়। পাঁচ বছৰত এই নতুন ব্যৱস্থাৰ মুঠ আনুমানিক ব্যয় প্ৰায় ৫৬,৬৯৬ কোটি টকা হ’ব বুলি ধাৰণা কৰা হৈছে।

এই প্ৰস্তাৱক লৈ বিভিন্ন মন্ত্ৰালয়ৰ মাজত দীঘলীয়া আলোচনা চলিছিল। ২০২৬ চনৰ ১৬ জুনত অনুষ্ঠিত এক্সপেনডিচাৰ ফাইনেন্স কমিটীৰ বৈঠকতো এই প্ৰস্তাৱ অনুমোদনৰ বাবে আগবঢ়োৱাৰ পৰামৰ্শ দিয়া হৈছিল।

শেহতীয়া এপিএফঅ’‎ৰ তথ্য অনুসৰি, সংস্থাটোত প্ৰায় ৭.৯৮ কোটি সদস্য আৰু প্ৰায় ৭.৬৮ লাখ প্ৰতিষ্ঠান নিয়মিতভাৱে জড়িত হৈ আছে। একে সময়তে এমপ্লয়িজ পেঞ্চন স্কিমৰ অধীনত প্ৰায় ৮২ লাখ পেঞ্চনভোগী আছে। নতুন দৰমহাৰ সীমা কাৰ্যকৰী হ’লে এপিএফঅ’‎ৰ সদস্য সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

কেন্দ্ৰীয় চৰকাৰৰ মতে, এই সিদ্ধান্তই কৰ্মচাৰীৰ অৱসৰকালীন আৰ্থিক সুৰক্ষা অধিক শক্তিশালী কৰাৰ লগতে আনুষ্ঠানিক চাকৰিৰ পৰিসৰ বৃদ্ধিতো সহায় কৰিব পাৰে। নিয়োগকৰ্তাৰ ক্ষেত্ৰতো কৰ্মচাৰী ধৰি ৰখা আৰু চাকৰিৰ স্থিৰতা বজাই ৰখাত ইয়াৰ প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd