• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এগৰাকী ধৰ্ষিতাৰ পৰা লেভেল থ্ৰী ফিটনেছ ট্ৰেইনাৰলৈ জেছমিন ম’ছা; এক অনুপ্ৰেৰণামূলক জীৱন কাহিনী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 19, 2020 12:43 pm

2 min read

এগৰাকী ধৰ্ষিতাৰ পৰা লেভেল থ্ৰী ফিটনেছ ট্ৰেইনাৰলৈ জেছমিন ম’ছা; এক অনুপ্ৰেৰণামূলক জীৱন কাহিনী

জেছমিন ম'ছা, ফ'টো-ইনষ্টাগ্ৰাম

8.8k
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ ১৮ বছৰীয়া এগৰাকী যুৱতী। সমাজত তাই পৰিচিতা এগৰাকী ডিৰ্ভোছীৰূপে।

অদম্য জীৱনবোধ, জীৱনীশক্তিৰ অধিকাৰিণী যুৱতী গৰাকী বৰ্তমান লেভেল থ্ৰী ফিটনেছ ট্ৰেইনাৰ।

যুৱতী গৰাকীৰ নাম হ’ল জেছমিন ম’ছা।

কেৰেলাৰ কালিকোটৰ এখন অতি ভিতৰুৱা ঠাইৰ জেছমিনক পৰিয়ালে বিয়া দিছিল মাত্ৰ ১৭ বছৰ বয়সতে। বিয়াৰ দিনাহে প্ৰথমবাৰ দেখিছিল স্বামীক।

জীৱন কি বুজি উঠাৰ পূৰ্বে পৰিয়ালৰ হেঁচাত বিবাহপাশত আৱদ্ধ হোৱা জেছমিনৰ জীৱনটো হৈ পৰিছিল অতিশয় দুৰ্বিষহময়।

দাম্পত্য জীৱনৰ প্ৰথমটো নিশাই স্বামীয়ে তাই ইচ্ছাৰ বিৰুদ্ধে গৈ জোৰ-দবৰদস্তিৰে স্থাপন কৰিছিল শাৰীৰিক সম্পৰ্ক।

তাইৰ ভাষাত স্বামীয়ে তাইক কৰিছিল ধৰ্ষণ। দৈনিক পুনৰাবৃত্তি ঘটিছিল এই কাণ্ডৰ। তাইৰ সন্মতি অসন্মতিৰ কোনো গুৰুত্ব নাছিল স্বামীৰ ওচৰত। দৈনিক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলিছিল জেছমিনৰ ওপৰত।

এদিন জেছমিন গৰ্ভৱতী হ’ল। স্বামীৰ অত্যাচাৰ কিন্তু নকমিল। এদিন ৰাতি জেচমিনৰ পেটত স্বামীয়ে প্ৰচণ্ড গুৰ শুধাই গৰ্ভস্থ সন্তানটো হত্যা কৰিলে।

কেইবা সপ্তাহৰ চিকিৎসাৰ অন্তত জেচমিন সুস্থ হৈ উঠিল। ভাঙি পৰিল জেছমিন।

তাৰপিছত তাই ৰৈ নাথাকিল। ঘৰলৈ খবৰ পঠিয়ালে।

স্বামীৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ গোচৰ তৰিলে। স্বামী কাৰাৰুদ্ধ হ’ল।

স্বামীক ডিৰ্ভোছ দিলে। তেতিয়া তাইৰ বয়স মাত্ৰ ১৮ বছৰ। ১৮ বছৰীয়া জেছমিন ডিৰ্ভোছী হৈ ঘৰলৈ উভতি আহিল। কিন্তু ওচৰ চুবুৰীয়াই জেছমিনক গাঁৱত শান্তিৰে জীয়াই থাকিবলৈ নিদিলে। গাঁৱত ডিৰ্ভোছীয়ে স্বাভাৱিক জীৱন কটাব নোৱাৰে!

জেছমিনে ঘৰৰ পৰা গুচি গ’ল কোচিলৈ। কোচিৰ এখন প্ৰতিষ্ঠিত ফিটনেছ চেন্টাৰত

ৰিচেপশ্যনিষ্টৰূপে যোগ দিলে।

জেছমিনে কয় ‘তেতিয়াৰ পৰাই মই নিজক মানসিক আৰু শাৰীৰিকভাৱে গঢ়ি তুলিবলৈ আৰম্ভ কৰিলো। ফিটনেছ প্ৰতিষ্ঠানটোৰ মানুহখিনিয়ে মোৰ মনোবল বৃদ্ধি কৰাৰ লগতে জীয়াই থকাৰ অনুপ্ৰেৰণা দিলে। আৰু এইদৰে তেওঁলোকৰ সহায়ত মই নিজকে গঢ়ি তুলিলো।’

তাই নিজৰ ভাষাত তাই এগৰাকী ধৰ্ষিতা। ধৰ্ষিতাৰ পৰা কঠোৰ পৰিশ্ৰমেৰে তাই এতিয়া নিজক এগৰাকী লেভেল থ্ৰীৰ ফিটনেছ ট্ৰেইনাৰৰূপে গঢ়ি তুলিছে।

‘এতিয়া মোৰ এটা চাকৰি আছে, মোৰ এটা পৰিচয় আছে আৰু মোক ভাল পোৱা মানুহে মোক সদায় আগুৰি থাকে। মই তেতিয়া ভাবিছিলো মই আৰু জীয়াই নাথাকিম। কিন্তু মই সিদ্ধান্ত লৈছিলো যে মোৰ জীৱনটো মোৰ দৰে সজাব খুজো আৰু মোৰ দৰে জীয়াব খুজো; আৰু জীৱনৰ প্ৰতি গঢ়ি উঠা এই দৃষ্টিভংগীয়ে মোক সলনি কৰি আজিৰ জীৱনটোক দিছে।’

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd