• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিহাৰৰ নিৰ্বাচনত প্ৰাৰ্থী অমিতাভ বচ্চন! যুঁজ দিছে সুভাষ চন্দ্ৰ বসু আৰু মনমোহন সিঙেও, ঘটনাটো কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2025 12:40 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কথাতে কয় নামে কি কৰে, গুণেহে সংসাৰ তৰে। পিচে, নামৰ মাহাত্ম্যও অনেক। অন্ততঃ বিহাৰ বিধানসভা নির্বাচনৰ প্রার্থীৰ তালিকাখন চাই এই কথাই ক’ব পাৰি৷

এইবাৰ বিহাৰ বিধানসভাৰ নিৰ্বাচনত যুঁজ দিয়াসকলৰ তালিকাত অমিতাভ বচ্চন, মনমোহন সিং, লালু প্ৰসাদ যাদৱ, নীতিশ কুমাৰৰ নাম আছে। কেৱল সেয়াই নহয়, ছইফ আলী খান, কানহাইয়া কুমাৰো প্ৰাৰ্থী। আনকি প্ৰাৰ্থী সুভাষ চন্দ্ৰ বসুও।

Apply Now

বৃহস্পতিবাৰে বিহাৰ বিধানসভাৰ প্ৰথমটো উপ-নিৰ্বাচন অনুষ্ঠিত হয়। এইবাৰ ২৬১৬ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত নামিছে।

প্ৰাৰ্থীৰ তালিকাখনলৈ চালে হয়তো এনে লাগিব যে অমিতাভ বচ্চন বহুদিনৰ মূৰত ৰাজনীতিলৈ ঘূৰি আহিছে। আৰু লালু প্ৰসাদ যাদৱে আৰজেডিৰ বিৰুদ্ধে যুঁজ দিছে।

কিন্তু এইবোৰ আমাৰ সেই চিনাকি ব্যক্তিবোৰ নহয়। একে নামৰ আন মানুহহে। বিহাৰৰ বিভিন্ন সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত বিগ বিয়ে এলাহাবাদ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। যদিও তেওঁ নিৰ্বাচনত জয়ী হয়, পিছলৈ তেওঁ ৰাজনীতিৰ পৰা আঁতৰি যায়। অৱশ্যে অমিতাভ বচ্চনে বিহাৰৰ বাৰহ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁ বিগ বি নহয়, এই সমষ্টিৰ পৰা ৰাষ্ট্ৰীয় সনাতন পাৰ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ নামো অমিতাভ বচ্চন। তেওঁ এজন ঠিকাদাৰ। এইবাৰ তেওঁ প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে।

তেওঁৰ নাম অমিতাভ। স্কুলত পঢ়ি থাকোঁতে তেওঁৰ শিক্ষকে তেওঁক বচ্চন উপাধি দিছিল। তেতিয়াৰ পৰাই তেওঁ এই নামটো ব্যৱহাৰ কৰি আহিছে। অমিতাভে কয় যে বিহাৰৰ ক’তো দৰিদ্ৰ লোকে কোনো সেৱা লাভ কৰা নাই। পৰিস্থিতি সলনি কৰাৰ লক্ষ্যৰে তেওঁ নিৰ্বাচনী যুঁজত প্ৰৱেশ কৰিছে।

ইয়াতেই শেষ নহয়, মণিহাৰী সমষ্টিৰ পৰা এন চি পিৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাজন হৈছে ছইফ আলী খান। তেওঁৰ নামটো বলীউডৰ এগৰাকী জনপ্ৰিয় তাৰকাৰ নামেৰে ৰখা হৈছে।

প্ৰতিদ্বন্দ্বিতা কৰা নাই আৰজেডিৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে। অৱশ্যে মাৰহাউৰা আসনত আৰজেডিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় জনসদ্ভাৱনা পাৰ্টিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰা প্ৰাৰ্থীৰ নামো লালু প্ৰসাদ যাদৱ।

আকৌ দেশৰ দুজন প্ৰাক্তন আৰু প্ৰয়াত প্ৰধানমন্ত্ৰীৰ নামেৰেও প্ৰাৰ্থী আছে। ৰাষ্ট্ৰীয় জন লোক পাৰ্টিৰ পৰা সন্দেশ আসনৰ প্ৰাৰ্থী ৪৭ বছৰীয়া প্ৰাক্তন কৰ্মচাৰী মনমোহন সিং। আনহাতে, গৰিব জনতা পাৰ্টিৰ পৰা বেলদৌৰ আসনৰ প্ৰাৰ্থী অটল বিহাৰী বাজপেয়ী।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ বিধানসভাৰ সদস্য নহয়। প্ৰকৃত নীতিশ কুমাৰে বিধানসভাতো প্ৰতিদ্বন্দ্বিতা কৰা নাই। অৱশ্যে একে নামৰ চাৰিজন লোকে প্ৰতিদ্বন্দিতাত নামিছে। আনহাতে, জন সুৰজ পাৰ্টিয়ে ছিকন্দ্ৰা আসনত প্ৰক্ষেপ কৰা প্ৰাৰ্থীৰ নাম সুভাষ চন্দ্ৰ বসু।

খেলপথাৰত আছে কানহাইয়া কুমাৰ। কংগ্ৰেছ নেতা কানহাইয়া কুমাৰৰ সৈতে একে নামৰ দুজন নিৰ্দলীয় প্ৰাৰ্থী। আনকি বিজেপিৰ সাংসদ ৰবি শংকৰ প্ৰসাদৰ সৈতে একে নামৰ দুজন প্ৰাৰ্থীও দুখন আসনত প্ৰতিদ্বন্দিতা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd