• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মোবাইলত চলি থকা ৱাটছ এপ নম্বৰৰ চিমখন ডিভাইছত লগোৱাটো বাধ্যতামূলকঃ ১মাৰ্চৰ পৰা চৰকাৰৰ নতুন নিয়ম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2026 6:11 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১ মাৰ্চৰ পৰা ভাৰতৰ হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ বাবে সলনি হ’ব বহু পুৰণি নিয়ম। ভাৰত চৰকাৰে এতিয়া হোৱাটছএপ ব্যৱহাৰৰ ক্ষেত্ৰত চিম বাইণ্ডিং বা চিম সংযোগ বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লৈছে। যোগাযোগ বিভাগৰ নতুন টেলিকম চাইবাৰ ছিকিউৰিটি নিয়ম অনুসৰি এই নতুন ব্যৱস্থা কাৰ্যকৰী কৰা হ’ব। ইয়াৰ অৰ্থ হ’ল আপোনাৰ হোৱাটছএপ একাউণ্টটো যিটো মোবাইল নম্বৰত চলি আছে, সেই চিমখন আপোনাৰ মূল ফোনটোত সোমাই থকাটো এতিয়াৰ পৰা বাধ্যতামূলক। চৰকাৰে স্পষ্ট কৰি দিছে যে অহা ২৮ ফেব্ৰুৱাৰীৰ ভিতৰতে এই কাম সম্পূৰ্ণ হ’ব লাগিব আৰু ইয়াৰ সময়সীমা কোনো কাৰণতে বৃদ্ধি কৰা নহ’ব। দেশৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আৰু ক্ৰমান্বয়ে বৃদ্ধি পোৱা চাইবাৰ প্ৰৱঞ্চনা ৰোধ কৰিবলৈকে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰালয়ে জনাইছে।

বৰ্তমান সময়ত হোৱাটছএপে সমগ্ৰ বিশ্বতে এবাৰ ভেৰিফাই কৰা পদ্ধতি অনুসৰণ কৰি আহিছে। ইয়াত আপুনি মাত্ৰ এবাৰ ওটিপি দি একাউণ্টটো সক্ৰিয় কৰি ল’লে পিছলৈ চিমখন ফোনত নাথাকিলেও বা চিমখন খুলি থ’লেও হোৱাটছএপ ব্যৱহাৰ কৰি থাকিব পাৰি। আনকি ইণ্টাৰনেট সংযোগ থাকিলে অন্য ডিভাইচতো হোৱাটছএপ চলোৱাটো সম্ভৱ হয়। কিন্তু ভাৰতৰ নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা হোৱাটছএপ একাউণ্টৰ সৈতে আপোনাৰ ফোনত চিমখন নিৰন্তৰভাৱে সংযোগ হৈ থাকিব লাগিব। জানিব পৰা মতে প্ৰতি ৬ ঘণ্টাৰ মূৰে মূৰে হোৱাটছএপে পৰীক্ষা কৰিব যে পঞ্জীয়নভুক্ত চিমখন আচলতে আপোনাৰ ফোনটোত আছে নে নাই। যদি আপুনি চিমখন ফোনৰ পৰা উলিয়াই দিয়ে বা সলনি কৰে, তেন্তে চিমখন পুনৰ ভৰাই নিদিয়ালৈকে আপোনাৰ হোৱাটছএপ বন্ধ হৈ পৰিব।

Apply Now

চৰকাৰৰ এই কঠোৰ সিদ্ধান্তৰ আঁৰত আছে দেশত বৃদ্ধি পোৱা ভয়ংকৰ চাইবাৰ অপৰাধ। বহু সময়ত প্ৰৱঞ্চকসকলে ভাৰতীয় চিম ব্যৱহাৰ কৰি এবাৰ হোৱাটছএপ সক্ৰিয় কৰি লয় আৰু তাৰ পিছত বিদেশৰ পৰা বা অন্য ঠাইৰ পৰা চিম নোহোৱাকৈয়ে একাউণ্ট চলাই প্ৰৱঞ্চনা কৰে। ইয়াৰ ফলত অপৰাধীক বিচাৰি উলিওৱাত আৰক্ষী বা তদন্তকাৰী সংস্থাৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি হয়। চিম বাইণ্ডিং বাধ্যতামূলক কৰিলে প্ৰতিটো সক্ৰিয় একাউণ্ট এজন কেৱাইচি ভৰি থকা গ্ৰাহকৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ থাকিব। চৰকাৰী তথ্য অনুসৰি ২০২৪ চনত চাইবাৰ প্ৰৱঞ্চনাৰ বাবে দেশত ২২,৮০০ কোটি টকাতকৈও অধিক ধন লোকচান হৈছে, যাৰ বাবেই এই নতুন নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই নতুন নিয়মৰ ফলত কম্পিউটাৰ বা টেবলেটত হোৱাটছএপ ব্যৱহাৰ কৰা লোকসকল আটাইতকৈ বেছি প্ৰভাৱিত হ’ব। ১ মাৰ্চৰ পৰা কম্পিউটাৰ বা লেপটপত হোৱাটছএপ ব্যৱহাৰ কৰিলে প্ৰতি ৬ ঘণ্টাৰ মূৰে মূৰে আপোনাৰ একাউণ্টটো লগ আউট হৈ যাব পাৰে। পুনৰ সংযোগ কৰিবলৈ আপোনাৰ চিম থকা মূল ফোনটোৰ প্ৰয়োজন হ’ব। ইয়াৰ উপৰিও যিসকলে চিম নোহোৱাকৈ কেৱল ৱাই-ফাইৰ জৰিয়তে টেবলেট বা অন্য ফোনত হোৱাটছএপ চলায়, তেওঁলোকেও এতিয়া সঘনাই মূল ফোনটোৰ সহায় ল’বলগীয়া হ’ব। ইতিমধ্যে বহু ব্যৱহাৰকাৰীক হোৱাটছএপে এই সম্পৰ্কে সৰ্তকবাৰ্তা পঠিয়াবলৈ আৰম্ভ কৰিছে।

বিপদৰ পৰা বাচিবলৈ আৰু হোৱাটছএপ সেৱা অবিৰতভাৱে চলাই নিবলৈ গ্ৰাহকসকলে কিছুমান কথা মনত ৰখাটো জৰুৰী। আপুনি ব্যৱহাৰ কৰি থকা হোৱাটছএপ নম্বৰটো আৰু আপোনাৰ ফোনত থকা চিমখন একেটা হয়নে নহয় সেয়া নিশ্চিত কৰক। লগতে নিজৰ হোৱাটছএপটো শেহতীয়া সংস্কৰণলৈ আপডেট কৰি ৰাখক। যদি আপুনি অফিচৰ কামত কম্পিউটাৰত হোৱাটছএপ ব্যৱহাৰ কৰে, তেন্তে কামৰ সময়ত চিম থকা ফোনটো সদায় নিজৰ ওচৰত ৰাখিব যাতে বাৰে বাৰে লগ আউট হ’লেও আপুনি সহজে পুনৰ লগ ইন কৰিব পাৰে। ১ মাৰ্চৰ আগতেই এই প্ৰস্তুতি চলাই থ’লে আপুনি কোনো অসুবিধা নোহোৱাকৈ হোৱাটছএপ ব্যৱহাৰ কৰি থাকিব পাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

July 20, 2026 5:30 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

July 20, 2026 4:00 pm
সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা

সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা

July 20, 2026 3:59 pm
বোকাখাতত লেখক, অনুবাদক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ উন্মোচন

বোকাখাতত লেখক, অনুবাদক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ উন্মোচন

July 20, 2026 2:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

July 20, 2026 5:30 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

July 20, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd