গৰ্ভ নিৰোধৰ বাবে আহিছে নতুন উপায়। এতিয়াৰে পৰা পুৰুষৰ বাবেও উপলব্ধ হ’ব গৰ্ভনিৰোধক বেজী।
ইতিমধ্যে গৰ্ভ নিৰোধৰ বাবে মহিলাসকৰ বাবে বিভিন্ন পদ্ধতি বা উপায় আছে। কিন্তু এতিয়াৰ পৰা পুৰুষেও বেজী লৈ অনাকাংক্ষিত গৰ্ভধাৰণৰ পৰা বাচি থাকিব পাৰিব।
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আই.চি.এম.আৰ) সফলভাবে সম্পন্ন কৰিছে গৰ্ভনিৰোধক বেজী। প্ৰায় ৩০০ পুৰুষৰ শৰীৰত এই বেজীৰে পৰীক্ষা চলাই সফলতা লাভ কৰিছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে।
এই বেজী লোৱাৰ পিছত কোনো পুৰুষৰ শৰীৰত গুৰুতৰ পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হোৱা নাই। আই.চি.এম.আৰে প্ৰকাশ কৰা তথ্য অনুসৰি ৯৯ শতাংশ পুৰুষৰ ক্ষেত্ৰত গৰ্ভনিৰোধক বেজী সম্পূৰ্ণ কাৰ্যক্ষম বুলি প্ৰমাণিত হৈছে।
উল্লেখ্য যে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে বহু বছৰৰ পৰাই পুৰুষৰ বাবেও গৰ্ভ নিৰোধক বেজী প্ৰস্তুত কৰাৰ চেষ্টা চলাই আহিছিল। এই বিষয়ত গৱেষণা প্ৰতিষ্ঠানটোৱে ৭ বছৰ ধৰি পৰ্যবেক্ষণ আৰু অধ্যয়ন চলাই আছিল। অৱশেষত ৭ বছৰৰ মূৰত সফলতা লাভ কৰিছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে। সংস্থাটোৰ মতে পুৰুষৰ দেহত এনে বেজীয়ে দীঘলীয়া সময়ৰ বাবে কাম কৰিব।
এই বেজীটো লোৱাৰ পিছত পুৰুষৰ বীৰ্যত কিছুদিনলৈ কোনো সক্ৰিয় শুক্ৰাণু নাথাকে। ফলত গৰ্ভধাৰণৰো কোনো আশংকা নাথাকে।