পুনৰ সাধাৰণ লোকৰ ওপৰত মাধমাৰ : এতিয়াৰ পৰা মাজুলীলৈ যাবলৈ ভৰিব লাগিব দুগুণ টকা
ৰাজ্য চৰকাৰৰ ইটোৰ পিছত সিটো সিদ্ধান্তই সাধাৰণ ৰাইজৰ মূৰত সোধাইছে মাধমাৰ। মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে সাধাৰণ তথা দৰিদ্ৰ জনতাক। এইবাৰ ৰাজ্য চৰকাৰে ১০০ শতাংশ বৃদ্ধি কৰিলে মাজুলীৰ ফেৰী সেৱাৰ ভাড়া। দৰিদ্ৰ মাজুলীবাসীক বিপদত পেলালে মাজুলীৰ উন্নয়নৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰেখনে।
মাজুলীবাসীৰ মতামত, বিভিন্ন দল সংগঠনত মতামতৰ বিৰুদ্ধে গৈ ৰাজ্য চৰকাৰে অৱশেষত দুগুণ বৃদ্ধি কৰিলে ফেৰী সেৱাৰ ভাড়া। ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছে এই নতুন ভাড়া। নতুন নিৰিখ মতে প্ৰতিজন সাধাৰণ যাত্ৰীয়ে নিমাতি–কমলাবাৰী ঘাট পাৰ হওঁতে এতিয়াৰ পৰা দিব লাগিব ৩০ টকাকৈ ভাড়া। যিটো পূৰ্বতে আছিল ১৫ টকা।
আনহাতে মটৰ চাইকেল পাৰ কৰাৰ বাবদ ৬০ টকা, সৰু চাৰি চকীয়া বাহন পাৰ কৰাৰ ক্ষেত্ৰত ৮০০ টকা, ছয় চকীয়া বাহনৰ ক্ষেত্ৰত ১৯০০ টকালৈ বৃদ্ধি কৰিছে ভাড়া। ইয়াৰ লগতে যাত্ৰীয়ে এতিয়াৰে পৰা বয় বস্তু কঢ়িওৱাৰ ক্ষেত্ৰত প্ৰতি কুইন্টলত ১০০ টকাকৈ ভাড়া দিব লাগিব। যাৰ বাবে এতিয়া দুয়োটি পাৰৰ যাত্ৰীৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।
উল্লেখ্য যে মাজুলীৰ অধিকাংশ জনগণেই কৃষিজীৱি। বাৰিষাৰ বানে প্ৰতিবছৰে অৱস্থা কাহিল কৰে এই কৃষিজীৱি লোকসকলৰ। গতিকে অধিকাংশ মাজুলীয়ালেই অৱস্থা সম্পন্ন নহয়। তেনেক্ষেত্ৰত একে ৰাতিতে দুগুণ ভাড়া বৃদ্ধিৰ বাবে এক প্ৰকাৰৰ হতাশাত ভুগিছে মাজুলীৰ দৰিদ্ৰ জনগণ।
এতিয়া মাজুলীবাসী ৰাইজে মনত পেলাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত বিনামূলীয়া ফেৰী সেৱা দিয়াৰ কথা।