• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সেৱন কৰোতে সাৱধান : ফলৰ ৰসো হ’ব পাৰে কেন্সাৰৰ কাৰণ!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 18, 2019 5:16 pm
Fotolia_91514768_Subscription_Monthly_M-640x359
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰীষ্মৰ দিনত সকলোৱে এগিলাছ শীতল ছডা বা ফলৰ ৰস সেৱন কৰিবলৈ ভাল পায়। কিয়নো ইয়াৰ অপূৰ্ব সোৱাদৰ লগতে ই মন প্ৰাণ জুৰ পেলায়। বহুতেই দেহৰ ওজন হ্ৰাস কৰাৰ বাবে বা ইয়াত থকা পুষ্টিৰ বাবেও জ্যুচ সেৱন কৰে। কিন্তু জ্যুচ সেৱনৰ সেইটোৱে সম্পূৰ্ণ সত্য নহয়। ব্ৰিটিছ মেডিকেল জাৰ্ণেলত শেহতীয়াভাৱে প্ৰকাশিত এক অধ্যয়নৰ প্ৰতিবেদনত কোৱা হৈছে যে ছডা বা আনকি ফলৰ ৰস সেৱনেও কেন্সাৰ হোৱাৰ বিপদ বৃদ্ধি কৰিব পাৰে।

গৱেষকসকলে বিচাৰি পাইছে যে আনকি প্ৰায় ১০০ মিলি লিটাৰ ছডাই কিছুমান কেন্সাৰৰ মাত্ৰা ১৮ শতাংশ বৃদ্ধি কৰিব পাৰে য’ত অকল স্তনৰ টিউমাৰ ২২ শতাংশ পৰ্যন্ত বৃদ্ধিৰ আশংকা থাকে। মিঠা নিদিয়া ফলৰ ৰসেও কোনো ভাল ফলাফল দিব নোৱাৰে। গৱেষকসকলে কাৰ্বোণটেড ড্ৰিংকছ, স্পৰ্টছ ড্ৰিংকছ, ছিৰাপ আৰু ফলৰ ৰসকে ধৰি ৯৭ বিধ পানীয়ৰ অধ্যয়ন সামৰি লৈছে।

Apply Now

যদিওৱা অধ্যয়নটোৱে ইয়াৰ আঁৰত থকা কাৰণ বিচাৰি উলিয়াব পৰা নাই, কোৱা হৈছে যে ই শৰীৰ স্বাভাৱিক চৰ্বিত চেনিৰ প্ৰভাৱ, ব্লাড ছুগাৰ লেভেল বা শৰীৰ প্ৰদাহ বৃদ্ধিত প্ৰভাৱ পেলাব পাৰে।কিন্তু ছডা বা জ্যুচেই কেন্সাৰৰ বিপদ বৃদ্ধি কৰিব পৰা একমাত্ৰ খাদ্য নহয়। বহু গৱেষণাই দেখুৱাইছে যে এক বিভিন্ন প্ৰকাৰ খাদ্য সামগ্ৰীয়ে এনে বিপদৰ কাৰণ হ’ব পাৰে।

processed-meat-655x353
খোৱাৰ বাবে প্ৰস্তুত কৰা জন্তুৰ মাংস।

কেন্সাৰৰ আশংকা বৃদ্ধি কৰিব পৰা কিছুমান কাৰ্চিনোজেনিক (কৰ্কটোৎপাদক) খাদ্য হৈছে :-

কাৰ্চিনোজেনছ হৈছে উপাদান যাৰ কেন্সাৰৰ সৈতে সম্পৰ্ক আছে। কাৰ্চিনোজেনিক খাদ্যই কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। উল্লেখযোগ্য যে কাৰ্চিনোজেনিক খাদ্যই কেন্সাৰৰ কাৰণ নহয়, ই কেৱল কেন্সাৰৰ বিপদহে বৃদ্ধি কৰে।

যিবোৰ খাদ্য কম আঁহযুক্ত কিন্তু অতি শৰ্কৰাযুক্ত বা ৰিফাইন কাৰ্বছে কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। ৰিফাইন কাৰ্বছে শৰীৰত অতিমাত্ৰা ব্লাড ছুগাৰ (গ্লুক’জ)ৰ সৃষ্টি কৰি পাকস্থলী, স্তন আৰু কলেষ্টৰেল কেন্সাৰৰ আশংকা বৃদ্ধিৰ কাৰণ হৈ পৰে।

শৰীৰত থকা ইনছ্যুলিনে কেন্সাৰ কোষৰ শাখাবোৰক সহযোগ কৰে, যিয়ে ইয়াক অপসাৰণ কৰাটো কঠিন কৰি তোলে। আপুনি যদি ডায়েবেটিক, আপুনি চেনি আৰু ৰিফাইন কাৰ্বছৰ আন উপাদানসমূহ বৰ্জন কৰাটো আপোনাৰ বাবে অধিক গুৰুত্বপূৰ্ণ কিয়নো ই কলেষ্টৰেল কেন্সাৰ হোৱাৰ আশংকা অধিক পৰিমানে বৃদ্ধি কৰে।

জ্বলি যোৱা খাদ্যয়ো পলিচাইক্লিক এৰোমেটিক হাইড্ৰকাৰ্বোনছ উৎপাদন কৰিব পাৰে, যিটো কাৰ্চিনোজেনিক উপাদানসমূহৰ আন এটা গোট। সেয়েহে আপুনি বেছিকৈ ৰান্ধি থকা বা জ্বলি যোৱা খাদ্য বৰ্জন কৰক আৰু ভপোৱা, উতলোৱা, সেকা আদি আন ৰন্ধন প্ৰমালী ব্যৱহাৰ কৰক।

জন্তুৰ মাংস (ৰেড মীট) খোৱাটোতো সাৱধানতা অৱলম্বন কৰা উচিত। ৰন্ধা জন্তুৰ মাংসকো কাৰ্চিনোজনিক গোটৰ অন্তৰ্গত হিচাপে ধৰা হয় আৰু ইও কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। ৰন্ধা জন্তুৰ মাংস অধিক পৰিমানে খালে কলেষ্টৰেল কেন্সাৰৰ আশংকা বৃদ্ধি পায়।

Dairy-products-1-655x353
ডেইৰী উৎপন্ন খাদ্য।

মদ্যপানে শৰীৰৰ বিভিন্ন অংশত বিভিন্ন ধৰণে কেন্সাৰৰ সৃষ্টি কৰিব পাৰে। কাৰ্চনোজেনিক খাদ্যৰ প্ৰথম গোটৰ ভিতৰত মদ অন্যতম হিচাপে ধৰা হয়। সেয়েহে কেন্সাৰ সৃষ্টিৰ আশংকাৰ ক্ষেত্ৰত ইয়াক এক শক্তিশালী কাৰক হিচাপে ধৰা হয়।

ইয়াৰ কাৰণ হিচাপে ধাৰণা কৰা হয় যে মদে আপোনাৰ মুখ আৰু ডিঙিৰ গহ্বৰ ক্ষতিগ্ৰস্ত কৰিব পাৰে। ই লগতে আপোনাৰ শৰীৰত হ’ৰমনৰ স্তৰ বিঘ্নিত কৰি স্তনৰ কেন্সাৰৰ আশংকাও বৃদ্ধি কৰিব পাৰে। আনকি মজলীয়া মদ্যপানতো কেন্সাৰৰ আশংকা বৃদ্ধি পোৱা দেখা যায়। তদুপৰি, ইয়াৰ লগতো ধূমপান কৰা লোকৰ ক্ষেত্ৰত এই আশংকা তুলনামূলকভাৱে বৃদ্ধি পোৱা দেখা যায়। মদ্যপান বাদ দিয়াটো সম্ভৱ নহ’লে অন্তত: ইয়াক সীমিত কৰাৰ চেষ্টা কৰক।

আনহাতে, ডেইৰী উৎপাদিত গাখীৰৰ সামগ্ৰীসমূহে যদিওৱা কেন্সাৰৰ কাৰক নহয়, তথাপি বহু গৱেষণাই দেখুৱাইছে যে ডেইৰী উৎপন্ন সামগ্ৰীসমূহৰ অত্যধিক সেৱনে প্ৰষ্টেট কেন্সাৰৰ আশংকা বৃদ্ধি কৰে।

ইন্টাৰনেশ্যনেল জাৰ্ণেল অফ কেন্সাৰত প্ৰকাশিত অক অধ্যয়নত প্ৰকাশ পাইছে যে  ৬০ ডিগ্ৰী চেলছিয়াছতকৈ অধিক গৰম পানীয় সেৱনে অন্ননলীৰ কেন্সাৰৰ আশংকা বৃদ্ধি কৰে। কোৱা হৈছে যে আহাৰ নলীত বাৰে বাৰে হোৱা প্ৰদাহৰ বাবে সেয়া হ’ব পাৰে। সেয়েহে, গৰম কফি বা চাহ সেৱন কৰাৰ আগতে অলপ জুৰাই লওক।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd