• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2026 10:23 am
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াৰ পৰা প্লাষ্টিক বা এলুমিনিয়াম ফইলৰ পেকেটত পাণমছলা বিক্ৰী কৰিব নোৱাৰিব। ভাৰতৰ খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে এই কথা স্পষ্ট কৰি দিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ এই সংস্থাই এখন জাননীযোগে পাণমছলাৰ পেকেট কি সামগ্ৰীৰে তৈয়াৰ কৰিব লাগিব, সেই বিষয়েও নতুন নিৰ্দেশনা জাৰি কৰিছে।

 

Apply Now

কি নীতি সংশোধন কৰা হ‘ল?

 

২০১৮ চনৰ খাদ্য সুৰক্ষা আৰু মান (পেকেজিং) নিয়ন্ত্ৰণ নীতি সংশোধন কৰি তাত পাণমছলা সম্পৰ্কীয় নতুন নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে। ‘খাদ্য সুৰক্ষা আৰু মান (পেকেজিং) সংশোধনী নীতি, ২০২৬’ৰ জৰিয়তে এই নতুন নিয়মৰ বিষয়ে জাননী জাৰি কৰিছে এফএছএছএআই। সোমবাৰে এই সন্দৰ্ভত এক চৰকাৰী গেজেট জাননীও প্ৰকাশ কৰা হৈছে। ইয়াত স্পষ্টকৈ কোৱা হৈছে যে প্লাষ্টিকৰ বাহিৰে আন প্ৰাকৃতিক সামগ্ৰীৰে তৈয়াৰী পেকেটতহে পাণমছলা বিক্ৰী কৰিব লাগিব।

 

কিহৰে তৈয়াৰ কৰিব লাগিব পাণমছলাৰ পেকেট?

 

এফএছএছএআইৰ নিৰ্দেশনা অনুসৰি, কাগজ, পেপাৰবৰ্ড, চেলুল’জ আদিৰ দৰে পৰিৱেশ অনুকূল সামগ্ৰীৰে পাণমছলাৰ পেকেট তৈয়াৰ কৰিব লাগিব। পেকেটৰ সামগ্ৰীত কোনো কাৰণতে প্লাষ্টিক থাকিব নোৱাৰিব। পলিথাইলিন, পলিপ্ৰপাইলিন, পলিষ্টাৰ, পলিভিনাইল ক্ল’ৰাইড আদিৰ দৰে প্লাষ্টিকজাত সামগ্ৰীৰে পাণমছলাৰ পেকেট তৈয়াৰ কৰিব নোৱাৰিব। ইয়াৰ উপৰি এলুমিনিয়াম ফইল বা মেটালাইজড লেয়াৰৰ দৰে সামগ্ৰীৰেও পাণমছলাৰ পেকেট বনোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে, টিন বা কাঁচৰ বটলত পাণমছলা বিক্ৰী কৰাত কোনো বাধা আৰোপ কৰা নাই।

 

নতুন নিয়মৰ আঁৰৰ কাৰণ

 

সংশোধিত নীতিত জনোৱা হৈছে যে, ২০১৬ চনৰ প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা নীতি আৰু ১৯৮৬ চনৰ পৰিৱেশ (সুৰক্ষা) আইন মানি চলি এতিয়াৰ পৰা পাণমছলা পেকেট কৰিব লাগিব। চলিত বৰ্ষৰ ২৮ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে এই নীতি সংশোধনীৰ খচৰা প্ৰকাশ কৰিছিল। এই সন্দৰ্ভত সাধাৰণ মানুহৰ মতামত বিচাৰি ৬০ দিনৰ সময় দিয়া হৈছিল। এফএছএছএআই-এ জনাইছে যে সাধাৰণ ৰাইজৰ মতামত বিবেচনা কৰাৰ পাছতহে এই চূড়ান্ত সংশোধনী প্ৰকাশ কৰা হৈছে। অৱশ্যে, কেন্দ্ৰীয় চৰকাৰৰ এই জাননীত এয়াও স্পষ্ট কৰি দিয়া হৈছে যে দেশত পাণমছলা কোনো কাৰণতে নিষিদ্ধ কৰা হোৱা নাই। বৰঞ্চ পাণমছলা কেনেদৰে পেকেট কৰা হ’ব, তাৰ দ্বাৰা যাতে পৰিৱেশৰ ক্ষতি নহয়, সেই সম্পৰ্কীয় নীতিহে কঠোৰভাৱে প্ৰণয়ন কৰা হৈছে।

 

 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd