• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়াতে পঢ়ক নাগৰিকত্ব (সংশোধন) বিধেয়ক, ২০১৯ৰ প্ৰস্তাৱসমূহ ||সম্পূৰ্ণ কেব

অনুবাদজনিত বিভ্ৰান্তি বা ব্যাখ্যাৰ ক্ষেত্ৰত ইংৰাজী ৰূপটোৱেই অগ্ৰাধিকাৰ পাব।

এন ই নাও নিউজ by এন ই নাও নিউজ
December 10, 2019 9:54 pm
MHA lapse time in framing rules over CAA, Parl committee to ask questions

লোক সভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব আইন, ১৯৫৫ত কেন্দ্ৰই আনিব খোজা সংশোধনসমূহ।

বিধেয়কখনৰ নাম: নাগৰিকত্ব (সংশোধন) বিধেয়ক, ২০১৯

THE CITIZENSHIP (AMENDMENT) BILL, 2019

ভাৰত গণৰাজ্যৰ সত্তৰসংখ্যক বৰ্ষত তলত দিয়া ধৰণেৰে ইয়াক সংসদৰ দ্বাৰা গৃহীত কৰা হওক–

১. (১) এই আইনক নাগৰিকত্ব (সংশোধন) আইন, ২০১৯ বুলিব পৰা যায়।

(২) কেন্দ্ৰীয় চৰকাৰে গেজেট জাননীযোগে নিৰ্দিষ্ট কৰিব পৰা তাৰিখৰ পৰা ই বলবৎ হ’ব।

২. নাগৰিকত্ব আইন, ১৯৫৫ (ইয়াৰ পিছৰ পৰা মূল আইনখন বুলি বুজোৱা হ’ব)ৰ ২নং ধাৰাৰ, (১) উপধাৰাৰ, (বি) দফাত তলৰ চৰ্তখিনি অন্তৰ্ভুক্ত কৰিব খোজা হৈছে, যথা:–

                     “এই চৰ্তত যে ২০১৪ চনৰ ডিচেম্বৰৰ ৩১ তাৰিখ বা তাৰ আগতে আফগানিস্তান, বাংলাদেশ বা পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চি বা খ্ৰীষ্টান সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত যিকোনো ব্যক্তি আৰু যাক কেন্দ্ৰীয় চৰকাৰে পাছপ’ৰ্ট (ভাৰতত প্ৰৱেশ) আইন, ১৯২০-অৰ ৩ ধাৰাৰ (২) উপধাৰাৰ (চি) দফাৰ দ্বাৰা বা ইয়াৰ অধীনত বা বিদেশী আইন, ১৯৪৬ বা তাৰ অধীন যিকোনো বিধি বা নিৰ্দেশ প্ৰয়োগৰ পৰা ৰেহাই দি আহিছে, তেওঁক এই আইনৰ উদ্দেশ্যসাপেক্ষে অবৈধ প্ৰব্ৰজনকাৰী বুলি গণ্য কৰিব নালাগে।”

৩. মূল আইনৰ ৬এ ধাৰাৰ পিছত তলৰ ধাৰাটো অন্তৰ্ভুক্ত কৰিব লাগে, যথা:—

‘৬বি. (১) কেন্দ্ৰীয় চৰকাৰ বা ই নিৰ্দিষ্ট কৰা এক কৰ্তৃপক্ষই, যথাবিহিত চৰ্তাৱলী, প্ৰতিবন্ধকতা আৰু প্ৰণালীৰে, এইক্ষেত্ৰত দাখিল কৰা আৱেদন এখন সন্দৰ্ভত ধাৰা ২ৰ উপধাৰা (১)ৰ দফা (বি)ৰ অধীনত থকা ব্যৱস্থাসাপেক্ষে এগৰাকী ব্যক্তিক এক পঞ্জীয়ন প্ৰমাণপত্ৰ বা দেশীকৰণৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব পাৰে।

(২) ধাৰা ৫ত নিৰ্দিষ্ট কৰা চৰ্তাৱলী বা তৃতীয় সূচীৰ ব্যৱস্থাৱলীৰ অধীন দেশীকৰণৰ যোগ্যতাসমূহৰ পূৰ্তি সাপেক্ষে, উপধাৰা (১)ৰ অধীনত পঞ্জীয়নৰ প্ৰমাণপত্ৰ বা দেশীকৰণৰ প্ৰমাণপত্ৰ পোৱা এগৰাকী ব্যক্তিক তেওঁ ভাৰতত প্ৰৱেশ কৰা দিনৰ পৰা ধৰি ভাৰতৰ এগৰাকী নাগৰিক বুলি গণ্য কৰিব লাগে।

                      (৩) নাগৰিকত্ব (সংশোধন) আইন, ২০১৯ বলবৎকৰণ হোৱা তাৰিখ আৰু তাৰিখৰপৰা, এগৰাকী ব্যক্তিৰ বিৰুদ্ধে অবৈধ প্ৰব্ৰজন বা নাগৰিকত্ব সন্দৰ্ভত এই ধাৰাৰ অধীনত পৰি থকা যিকোনো কাৰ্য্যব্যৱস্থা তেওঁক নাগৰিকত্ব প্ৰদানৰ জৰিয়তে সীমিতকৰণ হ’ব লাগে:

এই চৰ্তত যে তেওঁৰ বিৰুদ্ধে পৰি থকা কাৰ্য্যব্যৱস্থাৰ ভিত্তিত এনে ব্যক্তি এই ধাৰাৰ অধীনত নাগৰিকত্বৰ আৱেদন কৰাৰ বাবে অযোগ্য হ’ব নালাগে আৰু কেন্দ্ৰীয় চৰকাৰ বা ই এইক্ষেত্ৰত নিৰ্দিষ্ট কৰা কৰ্তৃপক্ষই তেওঁৰ আৱেদন সেই ভিত্তিত নাকচ কৰিব নালাগে যদি অন্য ধৰণে তেওঁ এই ধাৰাৰ অধীনত নাগৰিকত্ব প্ৰদানৰ বাবে যোগ্য:

আৰু এই চৰ্তত যে এই ধাৰাৰ অধীনত নাগৰিকত্বৰ বাবে আৱেদন কৰা ব্যক্তিগৰাকী, তেওঁৰ আৱেদনপ্ৰাপ্তিৰ তাৰিখত তেওঁক দিয়া তেওঁৰ অধিকাৰসমূহ আৰু সুবিধাসমূহৰ পৰা, এনে আৱেদন দাখিল কৰাৰ ভিত্তিত বঞ্চিত হ’ব নালাগে।

(৪) এই ধাৰাৰ একোৱে সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত হোৱা ধৰণেৰে অসম, মেঘালয়, মিজোৰাম বা ত্ৰিপুৰাৰ জনজাতীয় এলেকা আৰু দি বেংগল ইষ্টাৰ্ন ফ্ৰণ্টিয়াৰ ৰেগুলেচন, ১৮৭৩ৰ অধীনত জাননীকৃত “দি ইনাৰ লাইন”ৰ অধীনত সামৰি লোৱা এলেকাত প্ৰযোজ্য নহ’ব।’

৪. মূল আইনৰ ৭দি ধাৰাত,—

(i) দফা (দি)ৰ পিছত তলৰ দফাটো অন্তৰ্ভুক্ত কৰিব লাগে, যথা:—

“(দি এ) অ’ভাৰচীজ (বিদেশী) চিটিজেন অৱ ইণ্ডিয়া কাৰ্ডধাৰীয়ে এই আইনৰ যিকোনো ব্যৱস্থাৱলী বা বিভাগীয় গেজেটত প্ৰকাশিত জাননীত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিৰ্দিষ্ট কৰিব পৰা বলবৎ হৈ থকা অৱস্থাৰ যিকোনো আইনৰ ব্যৱস্থাৱলী উলংঘা কৰিছে; বা”।

(ii) দফা (এফ)ৰ পিছত তলৰ চৰ্ত অন্তৰ্ভুক্ত কৰিব লাগে, যথা:—

“এই চৰ্তত যে অ’ভাৰচীজ (বিদেশী) চিটিজেন অৱ ইণ্ডিয়া কাৰ্ডধাৰীক শুনানিৰ এক যুক্তিসংগত সুযোগ-অন্যথা এই ধাৰাৰ অধীনত কোনো নিৰ্দেশ পাৰিত কৰিব নালাগে।”

৫. মূল আইনৰ ধাৰা ১৮, উপধাৰা (২), দফা (ইই)ত তলৰ দফাটো অন্তৰ্ভুক্ত কৰিব লাগে, যথা:—

“(ই ই আই) ধাৰা ৬বিৰ উপধাৰা (১)ৰ অধীনত পঞ্জীয়নৰ প্ৰমাণপত্ৰ বা দেশীকৰণৰ প্ৰমাণপত্ৰ প্ৰদানৰ চৰ্তাৱলী, প্ৰতিবন্ধকতা আৰু প্ৰণালীসমূহ;”

৬. মূল আইনৰ তৃতীয় সূচী, দফা (দি)ত তলৰ চৰ্ত অন্তৰ্ভুক্ত কৰিব লাগে, যথা:—

‘এই চৰ্তত যে আফগানিস্তান, বাংলাদেশ বা পাকিস্তানৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চি বা খ্ৰীষ্টান সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত ব্যক্তিৰ বাবে, বসবাস বা ভাৰতৰ চৰকাৰৰ সেৱাৰ মুঠ সময় এই দফাৰ অধীনত প্ৰয়োজন হোৱা অনুসৰি “ন্যূনতম এঘাৰ বছৰ”ৰ ঠাইত “ন্যূনতম পাঁচ বছৰ”ৰূপে পঠিত হ’ব লাগে।”‘।

—সমাপ্ত—

এইখিনি সংশোধনৰ প্ৰস্তাৱসমূহ। বিধেয়কখনত থকা প্ৰস্তাৱনা, ইয়াৰ ঘোষিত উদ্দেশ্য আদি সম্পূৰ্ণকৈ পঢ়িবলৈ তলত ইংৰাজী ৰূপটো দিয়া হৈছে।

অনুবাদত বিভ্ৰান্তি বা ব্যাখ্যাৰ ক্ষেত্ৰত ইংৰাজী ৰূপটোৱেই অগ্ৰাধিকাৰ পাব।

[pdf-embedder url=”https://assam.nenow.in/wp-content/uploads/2019/12/370_2019_LS_Eng.pdf” title=”Citizenship (Amendment) Bill, 2019″]

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd