NORTHEAST NOW (Assamese)

ঘাইপথ মেৰামতিৰ বাবে দিয়া ধন আত্মসাৎ; তদন্তৰ দাবী মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ

April 24, 2019 7:57 pm · মানস প্ৰতিম গগৈ

মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত পাৱৈৰ পৰা লিডু লৈকে থকা জৰাজীৰ্ণ ৩৮ নং ৰাষ্টীয় ঘাইপথছোৱাই অঞ্চলটোৰ ৰাইজক জীয়াতু ভোগাই আহিছে। বিগত প্ৰায় তিনিবছৰে পথটোৰ বিভিন্ন অংশত সৃষ্টি হৈছে দ’ দ’ গাঁত ৷

বিভিন্ন দল-সংগঠন আৰু অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিন ধৰি পথছোৱা মেৰামতিৰ দাবী জনাই অহাৰ পিছত শেহতীয়াকৈ ৰাইজক সাময়িক সকাহ দিয়াৰ বাবে পথৰ জৰাজীৰ্ণ অংশ মেৰামতিৰ বাবে গড়কাপ্তানী বিভাগে প্ৰায় ৬০ লাখ টকা মোকলাই দিছিল ৷

কিন্তু ইয়াৰ পিছতো আজি পৰ্যন্ত পথটোৰ সামান্যতমো উন্নতি সাধন নহ’ল। আনহাতে ঠিকাদাৰে নামমাত্ৰ কাম কৰিয়ে মোকলাই দিয়া ধনৰ সিংহভাগ আত্মসাৎ কৰা বুলি গুৰুতৰ অভিযোগ উঠিছে।

ফলত আজি মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই অতি শীঘ্ৰে  পথটোৰ পুনঃনিৰ্মাণ আৰু মেৰামতিৰ নামত মোকলাই দিয়া ৬০ লাখ টকাৰ সন্দৰ্ভত তদন্ত কৰি দোষীৰ ওপৰত আইনগত ব্যৱস্থা ল’বলৈ দাবী জনাই মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷

মাৰ্ঘেৰিটা মহকুমাধিপতিৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰকপত্ৰৰ প্ৰতিলিপি গড়কাপ্তানী মন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মালৈ প্ৰেৰণ কৰা হয়।

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰ আৰু সম্পাদক ৰাণাজ্যোতি নেওগ স্বাক্ষৰিত স্মাৰকপত্ৰখনৰ যোগে অহা ৭২ ঘণ্টাৰ ভিতৰত প্ৰসাশনে স্থিতি স্পষ্ট নকৰিলে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই  ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হ’ব বুলি স্পষ্ট কৰি দিয়ে।

উল্লেখযোগ্য যে মাৰ্ঘেৰিটা, বৰগোলাই আৰু লিডুত মৰণফাণ্ডত পৰিণত হোৱা ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ বাবে মাৰ্ঘেৰিটাৰ বিধায়কৰ গৰাকীয়ে তেওঁৰ অতি ঘনিষ্ঠ বিতৰ্কিত ঠিকাদাৰ ৰঞ্জিত বৰপূজাৰীক ৭০ লাখ টকাৰ ঠিকা দিয়া বুলি ব্যাপক চৰ্চা হৈছিল।

আনহাতে ঠিকাদাৰ গৰাকীয়ে কেইটামান শিল-বালি পেলাই সিংহভাগ ধন আত্মসাৎ কৰা বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও অভিযোগ কৰি আহিছে৷

আজিৰ স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ প্ৰায় কেইজন বিষয়ববীয়া উপস্থিত থাকে।

Related News