NORTHEAST NOW (Assamese)

সাত বছৰ পাছতো ন্যায় নোপোৱা গদাপানি পাঠকৰ পৰিয়ালে বিচাৰে ফাষ্ট ট্ৰেক আদালতত বিচাৰ

May 4, 2019 11:36 am · এন ই নাও নিউজ
Updated: May 4, 2019 5:44 pm
গদাপানি পাঠকৰ পত্নীক মুখ্য মন্ত্ৰীৰ চেক প্ৰদান।ফাইল ফটো

সন্দেহযুক্ত সন্ত্ৰাসবাদী গোটে ২০১২ চনৰ ৩ মে’ত অপহৰণ কৰি নি হত্যা কৰা অভিযন্তা গদাপানি পাঠকৰ পৰিয়ালৰ সদস্যসকলে সমগ্ৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত সম্পন্ন কৰাৰ বাবে দাবী জনাই।

গোৱালপাৰা সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত পাঠকৰ সপ্তম মৃত্যু বাৰ্ষিকী পালন কৰে। অনুষ্ঠানত পাঠকৰ পৰিয়ালৰ সদস্যসকলৰ লগতে গোৱালপাৰা সৈনিক স্কুলৰ বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

গোৱালপাৰা সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে চৰকাৰক দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে দাবী জনাই। পাশৱিক হত্যাকাণ্ডৰ সাত বছৰ অতিক্ৰম কৰাৰ পাছতো আজি ভূক্তভোগী পৰিয়ালটোৱে চৰকাৰৰ পৰা ন্যায়ৰ অপেক্ষাত আছে।

আনহাতে, অনুষ্ঠানত বক্তব্য ৰাখি পাঠকৰ পত্নীয়ে চৰকাৰক বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত সম্পন্ন কৰিবলৈ দাবী জনাই শীঘ্ৰে দোষীক কঠোৰ শাস্তি বিহাৰ বাবে অনুৰোধ কৰে।

আনহাতে, প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে সাত বছৰ অতিক্ৰম কৰাৰ পাছতো দোষীক শাস্তি বিহিব নোৱাৰা বাবে চৰকাৰক সমালোচনা কৰি পৰিয়ালৰ লোকৰ যাতায়তৰ অসুবিধাৰ বাবে গোচৰটো অভয়াপুৰীৰ পৰা গুৱাহাটীলৈ বদলি কৰাৰ বাবে আহ্বান জনাই।

Related News