• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Gall bladder পিত্তস্থলীৰ ৰোগৰ কথা নিশ্চয় শুনিছে! জানো আহক আৰু কিছু কথা

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 24, 2022 3:11 pm
476
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পিত্তস্থলী(Gall bladder) মানুহৰ যকৃতৰ তলৰ ফালে থকা এটি অংগ। লিভাৰত উ্ৎপাদিত পিত্তৰস(bile) এই অংগটিত সঞ্চিত হয়।

পিত্তৰসে চৰ্বি হজম কৰাত সহায় কৰে আৰু এই ৰস পিত্তস্থলীৰ পৰা ওলাই ক্ষুদ্ৰান্তৰ ওপৰ অংশত(ডিওডেনাম) খাদ্যৰ প্ৰয়োজন মতে, বিশেষভাৱে চৰ্বিৰ কাৰণে মুকলি হয়।

Apply Now

পিত্তস্থলীৰ(নিৰাপদ)ৰোগৰ কাৰক

কোনো ব্যক্তিৰ কোনো ধৰণৰ লক্ষণ প্ৰকাশ নোপোৱাকৈ পিত্ত পাথৰী ৰোগ হ’ব পাৰে। এই পিত্ত পাথৰ একোটি বালি কণাৰ সমান সৰু বা একোটা তামোলৰ সমান ডাঙৰ হ’ব পাৰে।

যি কি নহওক, যদি পাথৰবোৰ আকাৰত ডাঙৰ হয়, সেইবিলাকে পিত্তস্থলীৰ পৰা ওলাই যোৱা পিত্ত নলীডাল বন্ধ কৰি পেলাব পাৰে।

পিত্ত পাথৰবিলাকক ইয়াৰ ৰাসায়নিক উপাদানৰ ভিত্তিত কেইবাটাও শ্ৰেণীত ভাগ কৰা হৈছে।

সেইবিলাক হৈছে- কলেষ্টেৰল পাথৰ, মিশ্ৰিত পাথৰ আৰু ৰংচঙীয়া পাথৰ(cholesterol stonex, missed stone pigment stones)। পিত্ত পাথৰৰ ভিতৰত ৯০ শতাংশই মিশ্ৰিত পাথৰ আৰু এইবিলাকত কলেষ্টেৰলেই হৈছে প্ৰধান উপাদান।

পিত্তপাথৰে বিষ-যন্ত্ৰণাৰ সৃষ্টি কৰে আৰু তাৰ বাবে চিকিৎসাৰ প্ৰয়োজন হয়। প্ৰথমতে এইবিলাকে পিত্ত নলীডাল বন্ধ কৰি দিব পাৰে আৰু পিছত আঁতৰি যায় আৰু মাজে সময়ে বিষ সৃষ্টি কৰে।

পিত্ত নলী যদি একেৰাহে বন্ধ হৈ থাকে, তেনেহ’লে জীৱনলৈ সংশয় নমাব পাৰে আৰু পিত্তস্থলীটো অস্ত্ৰোপচাৰ কৰি উঠাই পেলাব লগীয়া হয়। ভাৰতবৰ্ষত এটা কথা মানি লোৱা হৈছে যে পিত্তপাথৰ আৰু পিত্তস্থলীৰ কেন্সাৰ গংগা অববাহিকাৰ উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ আৰু অসমত সচৰাচৰ দেখা পোৱা গৈছে ৬.১ শতাংশ।

পুৰুষৰ মাজত এই হাৰ হৈছে ৩.৩ শতাংশ আৰু মহিলাৰ ক্ষেত্ৰত এই হাৰ ৯.২ শতাংশ। অৱশ্যে অসমত এতিয়ালৈকে এনেধৰণৰ অধ্যয়ন্ চলোৱা হোৱা নাই।

পিত্ত স্থলীত পাথৰ হোৱাৰ কাৰণ কেইবাটাও। তাৰ ভিতৰত প্ৰধান কাৰক হ’ল- বিপাকীয়, সংক্ৰমণাত্মক আৰু পিত্তৰসৰ স্থবিৰতা। পুৰুষতকৈ মহিলাসকলৰ পিত্তপাথৰী ৰোগ হোৱাৰ আশংকা বেছি।

যিসকল মহিলাই হৰমোন প্ৰয়োগ চিকিৎসা গ্ৰহণ কৰিছে, তেওঁলোক পিত্তপাথৰীৰ চিকাৰ হোৱাৰ আশংকা বেছি।

ক্লিনিকেল কাৰণবোৰ জানো আহক

১)বিশেষভাৱে আহাৰ খোৱাৰ পিছত বদহজম, গেচ, পেটফুলা, পাকস্থলীত গেছ সৃষ্টি হোৱা, উগাৰ অহা।

২)প্ৰধানকৈ পেটৰ উপৰিভাগৰ সোঁফালে, মধ্য-ওপৰ পেটত হোৱা বিষ। এই বিষ পিঠি আৰু বাহুলৈকে বাগৰিব পাৰে।

৩)আহাৰ খোৱাৰ পিছত বিষ হ’ব পাৰে। তেল চৰ্বিযুক্ত খাদ্য সহ্য কৰিব নোৱাৰা হয়।

৪)বমিৰ ভাব, বমি আৰু খাদ্যৰ প্ৰতি অৰুচি।

পিত্ত পাথৰী ৰোগৰ প্ৰতিক্ৰিয়া আৰু জটিলতা:-

ক)পিত্তস্থলীৰ ভিতৰত:লক্ষণবিহীন পাথৰ, ক্ৰণিক কলেচিষ্টাইটিছ,একিউট কলেচিষ্টাইটিছ।গেংৰিন(ৰক্ত সঞ্চালন কমি যোৱাৰ বাবে পিত্ত স্থলীৰ বেৰৰ এক বুজন অংশ নষ্ট হৈ পৰে)।

পিত্ত স্থলীৰ বেৰত ফুটা হয়(পিত্তস্থলীৰ বেৰত ফুটা হোৱাৰ বাবে সংক্ৰমণৰ দ্ৰব্য সেই ছিদ্ৰইদি সৰকি যায়) এম্পাইয়েমা(পিত্তস্থলীৰ ভিতৰত পূঁজ জমা হয়)।
মিউকোচিল(পিত্তস্থলীৰ ভিতৰত শ্নেষ্মা সঞ্চিত হয়) কাৰ্চিনোমা(পিত্তস্থলীত কেন্সাৰ)।

খ)পিত্তস্থলীৰ বাহিৰত:
পিত্তস্থলীৰ পাথৰে পিত্তনলীৰ বাধাজনিত জণ্ডিচ, চোলাঞ্জাইটিছ(পিত্তনলীত বেক্টেৰিয়াৰ সংক্ৰমণ), একিউট পেনক্ৰিয়াটাইটিছ আৰু একিউট আন্ত্ৰিক প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd