NORTHEAST NOW (Assamese)

দুলাল পালৰ মৃত্যু এক হত্যাকাণ্ড : গণতান্ত্ৰিক সংহতি, অসম

October 22, 2019 5:16 pm ·
Updated: October 22, 2019 6:43 pm

ডিটেনশ্যন কেম্পত বন্দী থকা ঢেকীয়াজুলিৰ দুলাল পালৰ মৃত্যুৰ ঘটনাক ‘হত্যা’ বুলি অভিহিত কৰিছে গণতান্ত্ৰিক সংহতি, অসমে।

‘আমি ‘গণতান্ত্ৰিক সংহতি, অসম’ৰ ফালৰ পৰা আগৰে পৰাই ডিটেনশ্যন কেম্পৰ অমানৱীয় চৰিত্ৰৰ বিৰুদ্ধে মাত মাতি আহিছোঁ। ঢেকীয়াজুলিৰ দুলাল পালৰ ক্ষেত্ৰত যি ঘটনা ঘটিল, তাক মৃত্যু নুবুলি হত্যা বুলিহে ক’ব লাগিব।‘ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিক প্ৰকাশ।

লগতে পঢ়ক দুলাল পালৰ মৃতদেহ চমজি নল’লে NRC-ৰ পৰা পৰিয়ালটোৰ নাম কাটি দিয়াৰ ভাবুকি

এনে ঘটনাসমূহে ট্ৰিব্যুনালবোৰে যে দায়িত্বসহকাৰে কৰ্তব্য পালন কৰা নাই সেই কথা দেখুৱাই আহিছে বুলি উল্লেখ কৰি কয়, ‘ফলত নানান জনগোষ্ঠীৰ নিম্নবৰ্গৰ লোকে তথা তেওঁলোকৰ পৰিয়ালে অন্তহীন আইনী দু:স্বপ্নৰ মাজেৰে জীৱন পাৰ কৰিব লগাত পৰে।‘

২০১৭ চনৰ ১১ অক্টোবৰৰ পৰা তেজপুৰ কাৰাগাৰৰ ডিটেনশ্যন কেম্পত বন্দী জীৱন কটোৱা দুলাল পালৰ যোৱা ১৩ অক্টোবৰৰ নিশা গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত মৃত্যু হৈছিল।

‘গণতান্ত্ৰিক সংহতি, অসম’ৰ মতে ‘বিদেশী বুলি চিনাক্ত কৰাত ভুল নহ’লেও বছৰৰ পিছত বছৰ ধৰি ডিটেনশ্যন কেম্পত অমানৱীয় পৰিৱেশত এজন মানুহক বন্দী কৰি ৰখাৰ কোনো যুক্তি মানৱ অধিকাৰৰ দৃষ্টিকোণৰ পৰা সমৰ্খন কৰিব নোৱাৰি।‘

অসমৰ বিভিন্ন জনগোষ্ঠীৰ গণতান্ত্ৰিক আৰু মানৱিক চেতনাসম্পন্ন মানুহৰ ঐক্যৱদ্ধ সংগ্ৰামৰ আহ্বান জনাই উক্ত মঞ্চই চৰকাৰৰ প্ৰতি তলত দিয়া দাবীকেইটা উত্থাপন কৰে –

১. দুলাল পালৰ পৰিয়ালৰ দাবী মানি লওঁক।

২. ট্ৰিব্যুনালবোৰৰ খাম-খেয়ালিবোৰৰ বিষয়ে ক্ষিপ্ৰ তদন্ত হওঁক আৰু সেইবোৰৰ উপযুক্ত সংস্কাৰ হওঁক।

৩. ডিটেনশ্যন কেম্পত এজন বিদেশী বুলি চিনাক্ত ব্যক্তিক ৰখাৰ ম্যাদ সৰ্বাধিক তিনিমাহ হওঁক।

‘গণতান্ত্ৰিক সংহতি, অসম’ৰ হৈ বিবৃতি দিয়া ব্যক্তিসকল হৈছে – ৰাজেন কলিতা, অৰূপা পটংগীয়া কলিতা, অংকুৰ তামুলী ফুকন, মনোৰমা দাসমেধি, কৰিশ্মা হাজৰিকা, ৰূপালীন দত্ত, পূজা নিৰালা, জয়ন্ত কুমাৰ চক্ৰৱৰ্তী আৰু বিদ্যুত সাগৰ বৰুৱা।

Related News