NORTHEAST NOW (Assamese)

নগাঁৱত জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন

October 2, 2018 2:37 pm · মিণ্টু দাস

সমগ্ৰ দেশৰ লগতে আজি নগাঁৱৰ বিভিন্ন স্থানৰ উপৰি নেহৰু যুৱ কেন্দ্ৰ নগাঁৱৰ কাৰ্যালয়ত জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উদাযাপন কৰা হয়।

নগাঁও জিলা যোগ সন্থাৰ উদ্যোগত আৰু নেহৰু যুৱ গোষ্ঠীৰ নগাঁৱৰ সহযোগত দিনজোৰা কাৰ্য্যসূচীৰে মহামানৱ গৰাকীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী ভাগ উদযাপন কৰে।

কাৰ্যসূচী অনুসৰি পুৱা ৯ কাৰ্যালয় প্ৰাংগণত চাফাই অভিযান, ১০ বজাত যোগ সন্থাৰ পতাকা উত্তোলনৰ পাচত পুৱা ১১ বজাত বন্তি প্ৰজ্জলনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে নগাঁও জিলা যোগ সন্থাৰ সভাপতি ভাৰত নাথে।

ইয়াৰ পাচতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখত মাল্যৰ্পণ কৰে উপস্থিত ব্যক্তিসকলে। সভাখনিৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ দিয়ে নেহৰু যুৱ কেন্দ্ৰ নগাঁৱৰ গাণনিক ধনঞ্জয় তালুকদাৰে।

অনুষ্ঠানটিত যোগ সন্থাৰ সভাপতি ভাৰত নাথ, প্ৰভাত বৰাৰ লগতে কেইবাজনো ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। বিয়লি এক সাংস্কৃতিক অনুষ্ঠানেৰে গান্ধী জয়ন্তী ভাগৰ সামৰণি পৰিব।

Related News