শান্তি আৰু অহিংসাৰ প্ৰতীক মহাত্মা গান্ধী কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবে আদৰ্শ।
বাপুক স্মৰণ কৰি সমগ্ৰ দেশে কালি পালন কৰিলে গান্ধী জয়ন্তী। এদিনৰ বাবে গান্ধীজীৰ গুণ-গানত ডুব গ’ল সকলো।
গান্ধীৰ জন্মদিন ২ অক্টোবৰত সমগ্ৰ বিশ্বতে অহিংস দিৱস হিচাপে পালন কৰা হয়। বিশ্বই শনিবাৰে গান্ধীক অহিংস আৰু শান্তিৰ ধ্বজাবাহী হিচাপে শ্ৰদ্ধাঞ্জলি শ্ৰদ্ধাঞ্জলি জনাই স্মৰণ কৰে। ডুবাইও ইয়াৰ ব্যতিক্ৰম নহ’ল।
মহাত্মাৰ ১৫২ তম জন্ম জয়ন্তীত জাতিৰ পিতাক বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ডুবাইত। পোহৰৰ জৰিয়তে উজ্জীৱিত হ’ল বাপুজী।
পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকা বুৰ্জ খলিফাত শনিবাৰে পোহৰৰ মাধ্যমেৰে উজ্জীৱিত হয় মহাত্মা গান্ধী। গান্ধীজীৰ প্ৰতি সন্মান জনাই বুৰ্জ খলিফাৰ তৰফৰ পৰা সামাজিক মাধ্যমত এটা ভিডিঅ’ পোষ্ট কৰা হয়, য’ত বাপুক লাঠি লৈ খোজ কাঢ়ি থকা দেখা গৈছে। লগতে ভাঁহি আছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা। পতাকাৰ সৈতে একত্ৰিত হৈছে বাপুৰ ছাঁ।
“Be the change you wish to see in the world” – Mahatma Gandhi. #BurjKhalifa celebrates #Gandhi by honouring the father of a nation who’s been an inspiration to many generations. pic.twitter.com/Cx1bcGet3D
— Burj Khalifa (@BurjKhalifa) October 2, 2021
ভিডিঅ’টো পোষ্ট কৰি বুৰ্জ খলিফাই গান্ধীৰ বাৰ্তাৰ উদ্ধৃতি দি কয়, “আপুনি পৃথিৱীখনক চাব বিচৰাৰ দৰে নিজকে সলনি কৰিব লাগিব। মহাত্মা গান্ধীয়ে কৈছিল। বুৰ্জ খলিফাই ৰাষ্ট্ৰৰ পিতৃ গান্ধীজীৰ জন্ম জয়ন্তী উদযাপন কৰিছে। বাপু আহিবলগীয়া বহুপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণা হ’ব।”
উল্লেখ্য যে, পূৰ্বতেও ডুবাইত ভাৰতৰ কেইবাটাও উৎসৱ আৰু বিশেষ দিন উদযাপন কৰা দেখা গৈছিল।ভাৰতৰ স্বাধীনতা দিৱসত বুৰ্জ খলিফাত জাতীয় পতাকাই আৱৰি থকা দেখিবলৈ পোৱা গৈছিল। এইবাৰো তেওঁলোকে গান্ধীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি গান্ধী জয়ন্তী উদযাপন কৰে।