NORTHEAST NOW (Assamese)

গান্ধী জয়ন্তী উপলক্ষে বৰপেটাত উপায়ুক্তৰ নেতৃত্বত চলিল ছাফাই পদযাত্ৰা

October 2, 2019 11:33 am · আনিছুজ জামান
ফটো : নৰ্থ-ইষ্ট নাও

জাতিৰ পিতা মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে আজি বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা আৰু সমূহীয়া ছাফাই পদযাত্ৰা অনুষ্ঠিত হয়।

জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা পুৱা আৰম্ভ হোৱা দুই কিলোমিটাৰ সমূহীয়া ছাফাই পদযাত্ৰাৰ নেতৃত্ব দিয়ে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই।

এই কাৰ্যসূচীত জিলা উন্নয়ন আয়ুক্ত ডাঃ বাবুল চহৰীয়া প্ৰমুখ্যে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া, শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

এই অভিনব পদযাত্ৰাত সকলোৱে বাটে বাটে পেলনীয়া পলিথিন আৰু অন্যান্য আৱৰ্জনা বুটলি পৰিষ্কাৰ কৰে।

ইফালে মিনি মাৰাথন দৌৰ  প্ৰতিযোগিতাৰ মহিলা শাখাত পাটবাউসী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছমা বেগমে প্ৰথম, প্ৰিয়ঙ্কা বাৰিকাৰে দ্বিতীয় আৰু ছুজিনা পাৰবিনে তৃতীয় স্থান লাভ কৰে।

পুৰুষৰ শাখাত সৰ্থেবাৰীৰ ৰবীন দাসে প্ৰথম, কলগাছিয়াৰ আজিবৰ ৰহমান দ্বিতীয় আৰু বাবুল ইছলামে তৃতীয় স্থান লাভ কৰে। বিজয়ী সকলক জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা আৰু জিলা উন্নয়ন আয়ুক্ত বাবুল চহৰীয়াই আনুষ্ঠানিক ভাৱে প্ৰমান পত্ৰ আৰু নগদ ধনেৰে পুৰষ্কৃত কৰে।

অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত সাধন চৰকাৰ, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তীৰ্থনাথ শৰ্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, নিৰ্বাচন বিষয়া প্ৰবীৰ কুমাৰ দত্ত, জিলা ক্ৰীড়া বিষয়া মানস প্ৰতীম দাস, জ্যেষ্ঠ পৰিকল্পনা বিষয়া ডি এন দাস আদি বিষয়া সকল উপস্থিত থাকে।

Related News