• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গান্ধীৰ আদৰ্শৰ প্ৰাসংগিকতা আজিৰ যুগত বৃদ্ধি পাইছে: সবৰমতী আশ্ৰমত জাৰ্মান চ্যান্সেলৰ ফ্ৰেডিক মেৰ্জৰ মন্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 12, 2026 3:36 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত ভ্ৰমণলৈ অহা জাৰ্মানীৰ চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জে সোমবাৰে আহমেদাবাদৰ ঐতিহাসিক সাবৰমতী আশ্ৰম পৰিদৰ্শন কৰে। প্ৰথমবাৰৰ বাবে ভাৰতলৈ অহা জাৰ্মান চ্যান্সেলৰগৰাকীয়ে মহাত্মা গান্ধীৰ আদৰ্শক উচ্চ প্ৰশংসা কৰি কয় যে গান্ধীৰ উত্তৰাধিকাৰে ভাৰতীয় আৰু জাৰ্মানসকলক বন্ধুত্বৰ জৰীৰে একত্ৰিত কৰিছে। তেওঁ উল্লেখ কৰে যে বৰ্তমানৰ পৃথিৱীখনত মহাত্মা গান্ধীৰ দৰ্শনৰ প্ৰয়োজনীয়তা পূৰ্বতকৈ বহুগুণে বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্ৰমত উপস্থিত হৈ চ্যান্সেলৰ মেৰ্জক উষ্ম আদৰণি জনায় আৰু দুয়োগৰাকী নেতাই জাতিৰ পিতৃৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিৱেদন কৰে।

শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদী আৰু চ্যান্সেলৰ মেৰ্জে আশ্ৰমৰ ভিতৰত থকা হৃদয় কুঞ্জ পৰিদৰ্শন কৰে, য’ত মহাত্মা গান্ধী আৰু তেওঁৰ পত্নী কস্তুৰবাই স্বাধীনতা সংগ্ৰামৰ সময়ত বাস কৰিছিল। এই ভ্ৰমণকালত জাৰ্মান চ্যান্সেলৰগৰাকীয়ে পৰম্পৰাগত যঁতৰৰ জৰিয়তে কেনেকৈ খাদী সূতা কটা হয়, সেই দৃশ্য অতি আগ্ৰহেৰে প্ৰত্যক্ষ কৰে। উল্লেখ্য যে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কালত গান্ধীয়ে আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হিচাপে যঁতৰত সূতা কাটি খাদীৰ প্ৰসাৰ চলাইছিল। আশ্ৰমৰ দৰ্শনাৰ্থীৰ বহীত চ্যান্সেলৰ মেৰ্জে এক আৱেগিক টোকা লিখে যে প্ৰতিজন ব্যক্তিৰ স্বাধীনতা আৰু মৰ্যাদাৰ ওপৰত গান্ধীৰ যি বিশ্বাস আছিল, সেয়া আজিও সমগ্ৰ বিশ্বৰ বাবে অনুপ্ৰেৰণাৰ উৎস।

Apply Now

আশ্ৰমৰ কাৰ্যসূচী সমাপ্ত কৰি দুয়োগৰাকী নেতা সবৰমতী ৰিভাৰফ্ৰন্টত উপস্থিত হয়, য’ত প্ৰধানমন্ত্ৰী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় ঘুৰি মহোৎসৱ-২০২৬ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনৰ পাছত দুয়োগৰাকী নেতাই এখন মুকলি বাহনত উঠি মেলাৰ পৰিৱেশ উপভোগ কৰে আৰু নিজেই চিলা উৰোৱাৰ আনন্দ লয়। উৎসৱস্থলীত তেওঁলোকে চিলা তৈয়াৰ কৰা মহিলা শিপিনীসকলৰ সৈতে মত বিনিময় কৰে আৰু কেনেকৈ নিপুণ হাতেৰে ঘুৰি নিৰ্মাণ কৰা হয়, সেই প্ৰক্ৰিয়াটো বুজি লয়। জাৰ্মান চ্যান্সেলৰগৰাকীয়ে ভাৰতৰ এই লোক সংস্কৃতিৰ সৈতে পৰিচিত হৈ যথেষ্ট উৎসাহ প্ৰকাশ কৰা দেখা যায়।

গুজৰাট চৰকাৰৰ তথ্য অনুসৰি এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱত বিশ্বৰ ৫০খন দেশৰ ১৩৫ জন চিলা উৰুৱৈৰ লগতে ভাৰতৰ প্ৰায় এহেজাৰ অনুৰাগীয়ে অংশগ্ৰহণ কৰিছে। ইতিমধ্যে যোৱা দুদিন ধৰি ৰাজকোট, চুৰাট আৰু ধোলাভিৰাৰ দৰে স্থানত এই মহোৎসৱৰ অংশ হিচাপে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈ গৈছে। আহমেদাবাদত এই মহোৎসৱ অহা ১৪ জানুৱাৰী অৰ্থাৎ মকৰ সংক্ৰান্তি বা উত্তৰায়ণলৈকে চলিব। উল্লেখযোগ্য যে যোৱা বছৰ এই উৎসৱত প্ৰায় ৪ লাখৰ ওচৰা-উচৰি দৰ্শনাৰ্থীৰ সমাগম হৈছিল।

এই আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱৰ জৰিয়তে গুজৰাট পৰ্যটন বিভাগে ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্য আৰু পৰ্যটনস্থলীসমূহক বিশ্বৰ দৰবাৰত দাঙি ধৰিবলৈ চেষ্টা কৰিছে। বিশেষকৈ ধোলাভিৰা আৰু ষ্টেচু অৱ ইউনিটিৰ দৰে স্থানলৈ দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰাই ইয়াৰ মূল লক্ষ্য। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষত এই মহোৎসৱ চাবলৈ পাঁচ লাখতকৈ অধিক পৰ্যটক গুজৰাটলৈ অহাৰ সম্ভাৱনা আছে। মেৰ্জৰ এই ভ্ৰমণে ভাৰত আৰু জাৰ্মানীৰ মাজত থকা কূটনৈতিক সম্পৰ্কৰ লগতে সাংস্কৃতিক আদান-প্ৰদানকো এক নতুন মাত্ৰা প্ৰদান কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am
ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd