কৰ’না মহামাৰীয়ে দেশজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত কৰ’না সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত স্বচ্ছতাৰ দিশটোৰ প্ৰতি সৰ্ব্বাধিক গুৰুত্ব আৰোপ কৰাৰ সময়তে কিন্তু নগাঁৱৰ কেইবাঠাইতো বৃহৎ বৃহৎ দুৰ্গন্ধময় জাৱৰৰ দ’মে নগাঁওবাসীৰ লগতে উক্ত অঞ্চল সমূহেৰে যাতায়তৰ সময়ত বহু অসুবিধাৰ সন্মুখীন হব লগাত পৰিছে জনসাধাৰণ ৷
কিয়নো আজি কেইবা সপ্তাহ ধৰি এই জাৱৰৰ দ’ম সমূহৰ পৰা পৌৰ সভাৰ জাৱৰ নিয়া গাড়ীয়ে এই জাৱৰ বোৰ কঢ়িয়াই নি পৌৰ সভাৰ নিদিষ্ট ডাম্পীং এৰিয়া সমূহত নেপেলোৱাৰ বাবেই দীৰ্ঘদিনে এনেদৰে ৰ’দ বৰষুণৰ ফলত গেলি পচি এক দুৰ্গন্ধময় পৰিবেশৰ সৃষ্টি কৰি উক্ত পথ সমূহেৰে যাতায়ত কৰা সকল ভীষণ অসুবিধাৰ সন্মুখীন হৈছে।
এইক্ষেত্ৰত নগাঁও পৌৰসভাৰ দায়িত্বপ্ৰাপ্ত কাৰ্যাবাহী বিষয়া-অভিযন্তাই কোনো তাৎক্ষণিক পদক্ষেপ লোৱা দেখিবলৈ পোবা নাই নগাঁওবাসীয়ে ৷
জানিব পৰা মতে, নিৰ্বাচনৰ ঠিক তিনিমাহ আগে আগে নগাঁৱৰ প্ৰতিটো ৱাৰ্ডত বসবাস কৰা তথা পৌৰ কৰ আদায় দিয়া প্ৰতিটো পৰিয়ালক দুটাকৈ মিনি ডাষ্টবিন প্ৰদান কৰা হৈছিল ৷ এটা শুকান জাৱৰ পেলাবৰ বাবে আৰু আনটো তিতা বা ভিজা জাৱৰ পেলাবৰ বাবে ৷ এনেদৰে প্ৰায় ৩২ হেজাৰটা পৰিয়ালক এই ডাষ্টবিন প্ৰদান কৰা হৈছিল নগাঁও পৌৰসভাৰ তৰফৰ পৰা৷
প্ৰতিদিনে পুৱা সাত-আঠ বজাৰ ভিতৰত এই ডাষ্টবিনসমূহ পৰিয়ালসমূহৰ ঘৰৰ পৰা কঢ়িয়াই নিবলৈ বুলি একোজন শ্ৰমিকক নিয়োগ কৰা হৈছিল লগতে তেওঁলোকক একোখনকৈ ট্ৰ’য় চাইকেলো প্ৰদান কৰা হৈছিল যাতে পৰিয়াল সমূহৰ ঘৰত জমা হোৱা মিনি ডাষ্টবিনৰ পৰা তেওঁলোকে জাৱৰ সমূহ সংগ্ৰহ কৰি পৌৰসভাৰ নিদিষ্ট বাহনত জমা কৰিব পাৰে ৷
ইয়াৰ বিনিময়ত প্ৰতিটো পৰিয়ালে দুটা মিনি ডাষ্টবিনৰ বিনিময়ত পৌৰসভাৰ এজেন্ট সকলক প্ৰদান কৰিব লাগে মাহে ষাঠি টকাকৈ মাননি ৷ অৱশ্যে এইসকল শ্ৰমিকক প্ৰতিমাহে তিনিহেজাৰকৈ টকা পাৰিশ্ৰমিক হিচাপে আগবঢ়োৱাৰ দায়িত্বত আছে নগাঁও পৌৰসভাৰ অন্তৰ্গত একাংশ আত্মসহায়ক গোট ৷
কিছুদিন এনেকৈ সুকলমে শ্ৰমিক সকলে পুৱাই পুৱাই গৃহস্থৰ ঘৰৰ পদুলিৰ কৰা জাৱৰসমূহ কঢ়িয়াই নিছিল আৰু পৰিয়াল সমূহে দুই-তিনি মাহ মাহে ষাঠি টকাকৈ তেওঁলোকক প্ৰদান কৰিছিল মাননি ৷
যদিও আজি কেইবামাহ ধৰি কেইবাটাও ৱাৰ্ডত এই শ্ৰমিক সকলে জাৱৰসমূহ কঢ়িয়াই নিবলৈ নহাত আৱাসিক অঞ্চলৰ লোক সকলে এতিয়া যধেমধে নিজৰ ঘৰৰ অলাগতিয়াল জাৱৰ সমূহ পথৰ দাঁতিত থকা পৌৰসভাৰ বৃহৎ বৃহৎ ডাষ্টবিনত পেলায় যদিও সেই ডাষ্টবিনসমূহত জাৱৰৰ দ’মে বৰ্তমান ওখ ওখ পাহাৰ সদৃশ হৈ পৰাৰ লগতে দীৰ্ঘদিন তেনেকৈয়ে পৰি থাকি ৰ’দে বৰষুণে পচি দুৰ্গন্ধময় পৰিৱেশৰ সুচনা কৰি জনজীৱনলৈ ভয়ংকৰ বিপদ মাতি আনিছে ৷
উশাহ নিশাহত পথৰ কাষেৰে পাৰহৈ যোবা পথচাৰী সকলে সেই গেলা দুৰ্গন্ধময় পৰিৱেশত নাকত ৰুমাল দিও কোনো ধৰণৰ সুফল নোপোৱা লেখিয়া অৱস্থা হৈছে ৷ আনহাতে, এই গেলা- দুৰ্গন্ধময় জাৱৰৰ দ’মৰ পৰা বতাহত উৰি আহা দুৰ্গন্ধময় লেতেৰা পলিথিন-খোৱা খাদ্য আদিবোৰ পথচাৰীৰ গালে মুখে পৰাও ঘটনা সংঘটিত হৈছে ৷
চহৰৰ মৰিকলং চিভিল গেটৰ কাষৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ প’ষ্ট ম’ৰ্টেম কৰা গৃহৰ সন্মুখত, লক্ষীনগৰ চাৰিআলি, হয়বৰগাও হাইস্কুলৰ সন্মুখত দীৰ্ঘদিনৰ পৰা জমা হৈ থকা জাৱৰৰ দ’মটোৰ উপৰি নেহৰুবালীৰ সন্মুখত তথা নগাঁও সাংস্কৃতিক প্ৰকল্পৰ সন্মুখত আজি দীৰ্ঘদিনে জমা হৈ থকা বৃহৎ জাৱৰৰ দ’মটোৱে জনজীৱনলৈ ভয়ংকৰ বিপদ মাতি আনিছে ৷
ইয়াৰ উপৰি চহৰৰ পানীগাওঁ চাৰিআলি শংকৰ মিশ্যন আইটিআই ৰোড, কৃষ্ণা হল চাৰি, ইটাচালি চাৰিআলি, খ্ৰীষ্টিয়ানপট্টি, হৰিজন কলনি আদিতো দীৰ্ঘদিনৰ পৰা জমা হোৱা লেতেৰা দুৰ্গন্ধময় জাৱৰৰ দ’ম সমূহে ৰাইজৰ জীৱন যাত্ৰাত ব্যাঘাত জনাইছে ৷
ইফালে এই গেলা-দুৰ্গন্ধময় জাৱৰৰ দ’ম সমূহত চহৰৰ একাংশ চৰণীয়া গৰুৱে জাৱৰৰ দ’মৰ পৰা পলিথিন জাতীয় লেতেৰা দুৰ্গন্ধময় সামগ্ৰী আদি বোৰ খাদ্য হিচাপে গ্ৰহণ কৰা কাৰ্য্যই সমাজ সচেতন লোক সকলৰ লগতে পৰিৱেশ কৰ্মী সকলকো হতচকিত কৰিছে ৷
এইবোৰ খাই বা পাগুলি মুকলি চৰণীয়া গৰু বোৰো যে এটা সময়ত কোনো জটিল ৰোগত আক্ৰান্ত নহব তাক একেষাৰে নুই কৰিব নোবাৰি ৷ এইক্ষেত্ৰত নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভন আৰু নগাঁও পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া-অভিযন্তাক শীঘ্ৰে উচিত ব্যৱস্থা লবলৈ নগাঁওবাসী সচেতন ৰাইজৰ লগতে পৰিৱেশকৰ্মী সকলে দাৱী জনাইছে ৷