• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সোণোৱালৰ ‘আস্থা আৰু বিশ্বাসক’ প্ৰত্যাহ্বান গৰিমা শইকীয়া গাৰ্গৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 21, 2019 8:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া ৰাইজে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আস্থা আৰু বিশ্বাসত ল’বলৈ কোৱাৰ পাছতে তেওঁক ওভটি ধৰিছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু নাৰী শক্তি সমাজে।

আজি আছুৰ আহ্বানত গুৱাহাটীৰ মহিলাসকলে অনুষ্ঠিত কৰা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি গৰিমা গাৰ্গে কালি অৰ্থাৎ ২০ ডিচেম্বৰত সোণোৱালে সংবাদমেলত কৰা বক্তব্যৰ বিৰোধিতা কৰি তীব্ৰ সমালোচনা কৰে।

Apply Now

‘অসমৰ মুখ্য মন্ত্ৰীয়ে কোৱাৰ দৰে আস্থা আৰু বিশ্বাসৰ সময় কেতিয়াবাই পাৰ হ’ল। আস্থা আৰু বিশ্বাসৰেই তেওঁক আমি গাদীত বহুৱাইছিলো আমাক প্ৰতিনিধিত্ব কৰিবৰ বাবে। কিন্তু তেওঁ এতিয়া কি কৰি দেখুৱালে? তেওঁৰ ওপৰত আস্থা সঁচাকৈয়ে হেৰুৱাইছো।‘ গৰিমা শইকীয়া গাৰ্গে নৰ্থ-ইষ্ট নাওৰ আগত এইদৰে কয়।

ইপিনে, ৰাইজে নিজৰ ভৱিষ্যত আৰু অস্তিত্ব ৰক্ষাৰ বাবে নিজে ওলাই আহিছে বুলি মন্তব্য কৰি গৰিমাই কয় ‘নিজৰ প্ৰতিৰক্ষাৰ বাবে আমি নিজেই ওলাই আহিছো। যদি সোণোৱালৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিব লাগে তেন্তে কিয় তেওঁ তেজৰ নৈ বোৱালে?’

তাৎপৰ্য্যপূৰ্ণভাৱে ‘কা’ ৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ আন্দোলন দেখি ‘সোণোৱাল ভীতিগ্ৰস্ত হৈছে’ বুলিও গৰিমাই মন্তব্য কৰে।

তদুপৰি, ‘অসমত অশান্ত পৰিৱেশ কোনে সৃষ্টি কৰিলে?’ বুলি প্ৰশ্ন কৰি গৰিমাই কয় ‘আমিটো আমি অশান্তি কেতিয়াও বিচৰা নাই। আমি সদায় গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন চলাই আহিছো।‘

ইপিনে, সোণোৱাল চৰকাৰে চকু মুদা কুলিৰ ভাও জুৰিছে বুলি উল্লেখ কৰি গৰিমাই কয় ‘যদি সাহস আছে তেন্তে এতিয়াও ‘কা’ খন বাতিল কৰি দেখুৱাওক। ‘কা’ খন বাতিল কৰিবলৈ তেওঁৰ আপত্তি ক’ত? তেওঁ কিয় আঁকোৰগোজ হৈ আছে?’

‘জাতীয় নায়কৰ পৰা খলনায়ক বুলি ক’ব পৰা অৱস্থা তেওঁ কিয় নিজে সৃষ্টি কৰি ল’লে?’ এইদৰে প্ৰশ্ন কৰি গৰিমাই কয় ‘তেওঁ হিন্দু মুছলমান কৈ কৈ কিয় আমাৰ মাজত বিভাজন আনিলে? তেওঁটো শান্তি-সম্প্ৰীতিৰ কথা কোৱা মানুহ। বৰাক—ব্ৰহ্মপুত্ৰ পাহাৰ-ভৈয়াম বুলি কৈ থকা মানুহজনে কিয় ইমান দমন নীতি প্ৰয়োগ কৰিলে? চহিদ কিয় পাঁচজনকৈ হ’ল? সেই পাঁচজন চহিদ কোনটো জাতি কোনটো জনগোষ্ঠীৰ কোনটো ধৰ্মৰ তেওঁ ক’ব পাৰিবনে?’

আনহাতে, সেই অৱস্থান ধর্মঘটত অংশগ্ৰহণ কৰি নাৰী শক্তি অসমৰ সভানেত্ৰী নম্ৰতা শৰ্মাই কয় ‘কেবৰ ক্ষেত্ৰত সোণোৱালে যি আস্থা আৰু বিশ্বাসৰ কথা কৈছে সেইটো শুনি হাঁহি উঠিছে। তেওঁ কেনেকৈ আস্থা আৰু বিশ্বাসত ল’ম তেওঁক? কেবৰ বিৰুদ্ধে ইমানকৈ তীব্ৰ আন্দোলন হৈ থকাৰ পাছতো কেব বাতিল নকৰিলে। ওলোটাই তেওঁ পাঁচজনকৈ লোকক হত্যা কৰিলে।‘

‘অসমীয়া হৈ যদি অসমীয়াকে সন্মান নকৰে, বা আন্দোলনক সমৰ্থন নকৰে, আন্দোলনৰ পৰা আহিয়েইটো তেওঁ মুখ্য মন্ত্ৰী হৈছে। এই চৰকাৰখনে কেৱল ৰাজনীতি কৰিছে, ৰাজ্যৰ জনসাধাৰণক মাৰিছে, পিটিছে। চৰকাৰৰ মন্ত্ৰীসকলে যিবোৰ কথা কয়, সেইবোৰ ফটুৱা কথা।‘ শৰ্মাই লগতে কয়।

উল্লেখ কৰিব পাৰি যে, শণিবাৰৰ এই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত মহানগৰীৰ সহস্ৰাধিক মহিলা স্বতঃস্ফুৰ্তভাৱে আহি অংশগ্ৰহণ কৰি সকলোৱে একেমুখে ‘কা’ বাতিলৰ দাবী জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd