NORTHEAST NOW (Assamese)

বিভিন্ন দাবীত কোকৰাঝাৰত গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ অনশন

January 19, 2019 10:41 pm · ৰিনয় বসুমতাৰী
Updated: January 19, 2019 10:42 pm

বিজেপি চৰকাৰে যোৱা নিৰ্বাচনৰ ইস্তাহাৰত গৰীয়া মৰিয়া দেশী জনগোষ্ঠী তথা ইছলাম ধৰ্মীয় খিলঞ্জীয়া অসমীয়াসকলৰ বাবে সুকীয়া জৰীপ, বিশেষ অৰ্থনৈতিক পেকেজ আদিকে ধৰি ভালেকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও ক্ষমতাত অহাৰ পিছত চৰকাৰে প্ৰতিশ্ৰুতি ৰূপায়ণ নকৰাত ক্ষুব্ধ হৈ পৰিছে গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদ।

আজি কোকৰাঝাৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপৰ শিশু উদ্যানত পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৪ বজালৈ ৬ ঘন্টীয়া প্ৰতিবাদ সাব্যস্ত কৰি গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে। অসমৰ খিলঞ্জীয়া গৰীয়া মৰিয়াসকলক বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰূপায়ণ নকৰিলে ভোট বৰ্জন কৰা হ’ব বুলি হুংকাৰ দিয়ে পৰিষদৰ জিলা সভাপতি শ্বেখ ছেলিম পাটগিৰিয়ে।

অনশনৰ অন্তত অসমৰ গৰিয়া মৰিয়া দেশী, জলহা আদি ইছলাম ধৰ্মীয় খিলঞ্জীয়া জনগোষ্ঠী সমূহক চৰকাৰীভাৱে চিনাক্তকৰনৰ বাবে সুকীয়া জৰীপ কাৰ্য্য সম্পন্ন কৰি জনজাতিকৰণ কৰা, নাগৰিকত্ব সংশোধনী বিধেয়ক২০১৬ ৰ জৰিয়তে বাংলাদেশী সুৰক্ষাৰ সলনি ৰাষ্ট্ৰসংঘৰ ঘোষণা পত্ৰৰ আধাৰত অসমৰ খিলঞ্জীয়া লোক সকলক বিশেষ সাংবিধানিক সুৰক্ষা প্ৰদান কৰা, বিধানসভা, লোকসভা, ৰাজ্যসভা আৰু প্ৰস্তাৱিত উচ্চ বিধান পৰিষদত গৰিয়া মৰিয়া দেশী সকলৰ বাবে ১০ শতাংশ আসন সংৰক্ষণ কৰা, গৰিয়া মৰিয়া দেশী সকলৰ অৰ্থনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক বিকাশৰ বাবে বিশেষ পেকেজ প্ৰদান কৰা, গৰীয়া মৰিয়া দেশীকে ধৰি খিলঞ্জীয়া লোক সকলৰ “ডি” ভোটাৰ যুক্ত সকলক “ডি” ভোটাৰ মুক্ত কৰা, গৰিয়া উন্নয়ন পৰিষদ কাৰ্যকৰী কৰাৰ লগতে দেশী সকলৰ বাবে সুকীয়া উন্নয়ন পৰিষদ ঘোষণা আদিকে ধৰি ৭ দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰে।

Related News