• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্তই ধৰ্মীয় সংখ্যাগুৰু সকলৰ মনত মুছলমান বিদ্বেষী ভাৱ জগোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ

কটন মুছলিম ছাত্ৰাবাসৰ প্ৰাক্তন আৱাসী সন্থাৰ নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 19, 2019 10:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ সময়তে বিধেয়কখনৰ বিৰোধিতাৰে ওলাই আহিছে কটন মুছলিম ছাত্ৰাবাসৰ প্ৰাক্তন আৱাসীসকল।

বৰ্তমানৰ ছহিদ মোজাম্মিল হক ছাত্ৰাবাস হিচাপে জনাজাত কটন মুছলিম ছাত্ৰাবাসৰ প্ৰাক্তন আৱাসী সন্থাই ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ বাবে কৰা বিধেয়কখন বাতিল কৰাৰ দাবী উত্থাপন কৰিছে। লগতে অহা ৩ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’বলগীয়া ছাত্ৰাবাসটোৰ প্ৰাক্তন আৱাসী সন্থাৰ সাধাৰণ সভাত বিধেয়কখনৰ বিপক্ষে কাৰ্যসূচীৰো সিদ্ধান্ত গ্ৰহণ কৰিব।

Apply Now

শনিবাৰে অৰ্থাৎ আজি কটন মুছলিম ছাত্ৰাবাসৰ প্ৰাক্তন আৱাসী সন্থাই গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলৰ জৰিয়তে এই কথা জানিবলৈ দিছে।

বিধেয়কখন গৃহীত হ’লে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সমাজ জীৱনক সংকটপূৰ্ণ পৰিস্থিতিলৈ ঠেলি নিব বুলি মন্তব্য কৰে ছাত্ৰাবাসটোৰ প্ৰাক্তন আৱাসী সন্থাৰ উপদেষ্টা তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ আব্দুল মান্নানে।

তেওঁ কয়, ‘এই বিধেয়কে ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰত আঘাত হানিব। এন আৰ চিৰ উন্নীতকৰণৰ কাম চলি থকা সময়ত বিজেপিৰ ভোটবেংকত খহনীয়া আহিব বুলি আশংকা কৰিয়েই নাগৰিকত্ব আইনৰ সংশোধনী কৰিব বিচাৰিছে’।

ইয়াৰ উপৰিও তেওঁ এ আই য়ু ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ নাম ব্যৱহাৰ কৰি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় সংখ্যাগুৰু সকলৰ মনত মুছলমান বিদ্বেষী ভাৱ জগোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ৰাজ্যৰ ১৮ টা বিধান সভা সমষ্টি আজমলৰ অধীনলৈ যোৱাৰ পৰা ৰক্ষা কৰিব পৰা যাব বুলি এক বিতৰ্কিত মন্তব্য কৰিছিল।

একেখন সংবাদমেলতে প্ৰাক্তন কটনীয়ান তথা বিজেপিৰ সদ্যপদত্যাগী নেতা মেহদী আলম বৰাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মইনবড়ী সত্ৰ সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে।

সত্ৰখনৰ ওচৰে পাজৰে থকা মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ লগত তাত কোনো সংঘাত নাই বুলি স্পষ্ট কৰি দি তেওঁ কয় যে গৰাখহনীয়াৰ বাবেহে মইনবড়ী সত্ৰ স্থানান্তৰ কৰিবলগীয়া হৈছিল। ‘বুৰঞ্জী নজনাকৈ’ হিমন্তই এই মন্তব্য কৰা বুলিও মেহদী আলম বৰাই সংবাদমেলত কয়।

তেওঁ লগতে কামাখ্যা দেৱোত্বৰৰ ১২ হাজাৰ বিঘা মাটি কোনে বেদখল কৰি আছে সেই কথা স্পষ্ট কৰিবলৈও হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd