NORTHEAST NOW (Assamese)

নগাঁৱত বিজেপি নেতাক পিষ্টলসহ আটক গাৰো ৰেজিমেণ্টৰ

September 15, 2018 7:59 pm · মিণ্টু দাস
Updated: September 15, 2018 8:06 pm
সোঁফালে পিষ্টলসহ আটকাধীন বিজেপি নেতাজন।

পূৰ্বতে ধনদাবী আৰু ডকাইতিৰ দৰে গোচৰৰ অভিযোগত অভিযুক্ত তথা বৰ্তমান বহু হাইপ্ৰফাইল নেতাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা নগাঁও জিলাৰ এজন বিজেপি নেতাক শুকুৰবাৰে নিশা পিষ্টলসহ গ্ৰেপ্তাৰ কৰাৰ ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে নগাঁও চহৰৰ চাৰিখুঁটিৰ পৰা আতাউৰ ৰহমান নামৰ বিজেপি নেতাজনক ডিফুৰ গাৰো ৰেজিমেণ্টৰ এটা দলে অভিযান চলাই পিষ্টলসহ গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ পাখিমৰীয়া মণ্ডলৰ সম্পাদকৰ দৰে গুৰু দায়িত্ব বহন কৰা আতাউৰৰ পৰা পইণ্ট টু টুপিষ্টল আৰু ৩ ৰাউণ্ড সক্ৰিয় গুলীও জব্দ কৰে। গাৰো ৰেজিমেণ্টৰ দলটোৱে আতাউৰৰ বাসগৃহৰ চৌহদৰ পৰা এই অবৈধ মাৰণাস্ত্ৰ জব্দ কৰে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

বিজেপি নেতা আতাউৰ ৰহমানক গ্ৰেপ্তাৰ কৰিবলৈ গাৰো ৰেজিমেণ্টৰ এটি দলে নগাঁৱত বাহৰ পাতি আছিল। তিনি দিন ধৰি গাৰো ৰেজিমেণ্টৰ দলটিয়ে নগাঁৱত বাহৰ পাতি অৱশেষত শুকুৰবাৰে নিশা নেতাজনক অভিযান চলাই আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Related News