• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনিচুকীয়াৰ লিডু কেন্দ্ৰীয় নামঘৰৰ সোণালী জয়ন্তী সমাৰোহ আৰম্ভ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 15, 2018 7:46 pm
636
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ লিডু কেন্দ্ৰীয় নামঘৰৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে শনিবাৰৰে পৰা আৰম্ভ হৈছে সোণালী জয়ন্তী সমাৰোহৰ ৫ দিনীয়া বিস্তৃত কাৰ্যসূচী। সমাৰোহৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক জন্মোৎসৱো আৰম্ভ হৈছে৷

কাৰ্যসূচীৰ প্ৰথম দিনা পুৱা ৬ বজাত পুৱাৰ প্ৰসঙ্গৰ পাছতে টুনীৰাম বৰুৱা সোঁৱৰণী তোৰণ উদ্বোধন কৰে জ্যেষ্ঠ নাগৰিক দীন নাথ দুৱৰাই৷ আঁত ধৰে উদযাপন সমিতিৰ মুখ্য সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে। তাৰ পাছতে ১০০খন ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি লোকনাথ কোঁৱৰে৷

তাৰ পাছতে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি শম্ভুৰাম শইকীয়া আৰু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ডম্বৰুধৰ নেওগে উদ্বোধন কৰে ৫০ গজি বন্তি প্ৰজ্বলন কাৰ্যসূচী৷ দিনৰ ১১ বজাত হীৰেন বাৰুৱতীৰ পৰিচালনাত নাম প্ৰসঙ্গ আৰু কীৰ্ত্তন পাঠ অনুষ্ঠিত হয়।

সন্ধিয়া ৭ বজাৰ পৰা মঞ্চস্থ হৈছে শিশু শিল্পীৰ দ্বাৰা ভোলা দত্ত আৰু ৰাণাজ্যোতি নেওগৰ পৰিচালনাত ‘দ্বিবিদৰ মুক্তি লাভ আৰু বলোৰামৰ হস্তিনাপুৰ উদ্ধাৰ’ শীৰ্ষক স্বৰ্গীয় বাবুলাল প্ৰসাদৰ সোঁৱৰণী ভাওনা৷

দেওবাৰে পুৱা ৬ বজাত পুৱাৰ প্ৰসঙ্গ, ১০বজাত সদৌ তিনিচুকীয়া জিলা ভিত্তিত প্ৰাইজমানি বৰগীত প্ৰতিযোগিতা, শিশুসকলৰ মাজত দিহা নাম আৰু বিয়লি ২ বজাত সদৌ অসম ভিত্তিত মহিলাসকলৰ মাজত দিহা নাম প্ৰতিযোগিতা, বিয়লি ৪ বজাত আলোচনা চক্ৰ আৰু স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হ’ব।

তৃতীয় দিনা সন্ধিয়া ৭ বজাত স্থানীয় যুৱকসকলৰ দ্বাৰা পঙ্কজ শইকীয়াৰ পৰিচালনাত বেদৱতী উপাখ্যান নাট ভাওনা, ৪ৰ্থ দিনা পুৱা ৭ বজাত আইসকলৰ নাম, যুৱকসকলৰ নাম আৰু শিশুসকলৰ নাম, দিনৰ ১১ বজাত নাম-প্ৰসঙ্গ, বিয়লি ২ বজাত পুৰুষসকলৰ মাজত দিহা নাম প্ৰতিযোগিতা আৰু সন্ধিয়া ৬ বজাত সত্ৰীয়া নৃত্যানুষ্ঠান অনুষ্ঠিত হ’ব।

অন্তিম দিনা পুৱা ৫.৩০ বজাত ঊষা কীৰ্ত্তন, পুৱা ৮ বজাত ভাগৱত ভ্ৰমণ, দিনৰ ১২ বজাত ৰাজহুৱা নাম প্ৰসঙ্গ, বিয়লি ৩ বজাত আলোচনা চক্ৰ আৰু বঁটা বিতৰণী অনুষ্ঠান আৰু সন্ধিয়া ৭ বজাত যোৰহাটৰ বৃন্দাবন নাট্য গোষ্ঠীৰ দ্বাৰা বিপ্ৰ দামোদৰ শীৰ্ষক নাট ভাওনা খনি মঞ্চস্থ হ’ব৷

অনুষ্ঠানত মুখ্য অতিথিৰূপে মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী আৰু বিশিষ্ট অতিথিৰূপে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা উপস্থিত থাকিব বুলি উদযাপন সমিতিয়ে উল্লেখ কৰি সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰি গোহাৰি জনাইছে।

Recent News

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd