NORTHEAST NOW (Assamese)

বিশাখাপট্টমৰ একেটা কাৰখানাতে নিশা পুনৰ নিৰ্গত বিষাক্ত গেছ; খালী কৰা হৈছে ওচৰৰ গাঁওসমূহ

May 8, 2020 7:32 am · এন ই নাও নিউজ
আতংকিত লোক ঘৰ এৰি ওলাই আহিছে পথলৈ।

অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টমৰ ৰাসায়নিক কাৰখানাটোত বৃহস্পতিবাৰে নিশা পুনৰ গেছ নিৰ্গত হৈছে।

কেইঘন্টামানৰ ভিতৰতে পুনৰ গেছ নিৰ্গমনৰ এই ঘটনাই আতংকিত কৰি তুলিছে আশে-পাশে থকা গাঁওসমূহক।

আতংকিত হৈ পৰা লোকসকল ঘৰ এৰি পথলৈ ওলাই আহে।

অগ্নিনৰ্বাপক বাহিনীৰ লগতে নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ’ৰ্চৰ এটি দলে কাষৰীয়া গাঁওসমূহৰ পৰা লোকসকলক নিৰাপদ স্থানলৈ নিয়াৰ কাম আৰম্ভ কৰে।

উদ্ধাৰকাৰী দলটোৱে ৰাসায়নিক কাৰখানাটোৰ তিনি কিলোমিটাৰৰ ভিতৰত থকা গাঁওসমূহ তাৎক্ষণিকভাৱে খালী কৰে।

পৰিস্থিতিৰ জটিলতালৈ লক্ষ্য কৰি এম্বুলেন্স প্ৰস্তুত কৰি ৰখা হৈছে।

অগ্নি নিৰ্বাপক বাহিনীয়ে কাৰাখানাটোৰ পৰা হৈ থকা গেছৰ নিৰ্গমন বন্ধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখে।

উল্লেখ্য যে বৃহস্পতিবাৰে পুৱা ৰাসায়নিক এই কাৰখানাটোতে বিষাক্ত ষ্টেৰিন গেছ নিৰ্গত হোৱাৰ ফলত শিশুসহ ১১জন লোকৰ মৃত্যু হয়।

আনহাতে, হাস্পাতলত এক হাজাৰতকৈয়ো অধিক অসুস্থ হৈ পৰা লোক চিকিৎসাধীন হৈ আছে।

চিকিৎসাধীন অৱস্থাত থকা বহুকেইজন লোকৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে।

ৰাষ্ট্ৰসংঘই এই ঘটনাত উদ্বেগ প্ৰকাশ কৰি স্থানীয় কৰ্তৃপক্ষৰ দ্বাৰা সম্পূৰ্ণ তদন্তৰ পোষকতা কৰিছে।

ইপিনে, আৰক্ষীয়ে কাৰখানাটোৰ মালিকপক্ষৰ বিৰুদ্ধে এটা অপৰাধৰ গোচৰ ৰুজু কৰিছে।

Related News