NORTHEAST NOW (Assamese)

আকৌ বাঢ়িল গেছৰ দাম! এইবাৰ প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি ৩৯ টকা

September 1, 2024 3:14 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

আগষ্টৰ পাছত ছেপ্টেম্বৰ। আকৌ বাঢ়িল ৰন্ধন গেছৰ দাম। এইবাৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ গেছত ৩৯ টকা বৃদ্ধি পাইছে৷

ফলত ১ ছেপ্টেম্বৰৰ পৰা ১৯ কেজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ বাবে ১ হাজাৰ ৬৯১.৫০ টকা খৰচ কৰিবলগীয়া হৈছে। ৰেষ্টুৰেণ্ট, হোটেলকে ধৰি বিভিন্ন ক্ষেত্ৰত বাণিজ্যিক গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰা হয়।

কিন্তু ঘৰতে ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰা ১৪.২ কেজি চিলিণ্ডাৰ এল পি জি গেছৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। ১৪.২ কেজি গেছ চিলিণ্ডাৰৰ মূল্য ৮২৯ টকা।

ইয়াৰ পূৰ্বে ১ আগষ্টত কোম্পানীসমূহে নতুন দিল্লী, মুম্বাই, কলকাতা, চেন্নাইৰ দৰে মেট্ৰ’ চহৰকে ধৰি সমগ্ৰ দেশতে ১৯ কেজিৰ চিলিণ্ডাৰৰ বাবে ৮.৫০ টকা বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। কিন্তু জুলাই মাহত প্ৰতি চিলিণ্ডাৰৰ মূল্য ৩০ টকা হ্ৰাস পায়।

আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্যৰ উঠা-নমাৰ লগতে দেশত পেট্ৰলিয়াম সামগ্ৰীৰ মূল্যও বৃদ্ধি আৰু হ্ৰাস পায়। তাৰ ওপৰত ভিত্তি কৰি প্ৰতি মাহৰ ১ তাৰিখে গেছৰ মূল্য নিৰ্ধাৰণ কৰা হয়।

Related News