NORTHEAST NOW (Assamese)

ভোটাৰ কাৰ্ড, পান কাৰ্ড, বেংকৰ নথি নাগৰিকত্বৰ প্ৰমাণ নহয় : গুৱাহাটী উচ্চ ন্যায়ালয়

February 17, 2020 2:17 pm · এন ই নাও নিউজ
Updated: February 17, 2020 8:53 pm

গুৱাহাটী উচ্চ ন্যায়ালয়ে সোমবাৰে কয় যে ভোটাৰ পৰিচয় পত্ৰ এগৰাকী ব্যক্তিৰ নাগৰিকত্ব প্ৰমান কৰাৰ চূড়ান্ত নথি হ’ব নোৱাৰে।

আদালতে লগতে সদৰী কৰে যে মাটিৰ খাজনাৰ ৰছিদ, পান কাৰ্ড আৰু বেংকৰ নথি নাগৰিকত্ব প্ৰমানৰ ক্ষেত্ৰত ব্যৱহাৰ হ’ব নোৱাৰে।

ন্যায়াধীশ মনোজিৎ ভূঞা আৰু ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ এখন খণ্ড বিচাৰপীঠে পূৰ্বে মহম্মদ বাবুল ইছলাম বনাম অসম চৰকাৰ (৩৫৪৭নং) গোচৰৰ ৰায়টোকে দোহাৰে।

আদালতে ৰায় প্ৰদান কৰে যে ‘ভোটাৰ ফটো পৰিচয় পত্ৰ নাগৰিকত্বৰ এক প্ৰমান নহয়’।

আদলতখনে অসম চুক্তিৰ আধাৰত কোন বিদেশী সেই প্ৰসংগতে এই ৰায় প্ৰদান কৰে।

উল্লেখ্য যে বিভিন্ন সময়ত ভাৰতীয় নাগৰিকত্ব প্ৰমান হিচাপে ভোটাৰ কাৰ্ড, পান কাৰ্ড আদিক ব্যৱহাৰ কৰাৰ সপক্ষে-বিপক্ষে বিভিন্ন পক্ষই মত পোষণ কৰি আহিছে।

আদালতে এই দিশত এতিয়া স্পষ্ট কৰি দিলে যে ভোটাৰ কাৰ্ড বা পান কাৰ্ড নাগৰিকত্ব প্ৰমানৰ প্ৰসংগত এক গুৰুত্বহীন নথি।

Related News