• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেলেংগানা কেবিনেটৰো সিদ্ধান্ত : CAA-ৰ বিৰুদ্ধে প্ৰস্তাৱ ল’ব বিধানসভাত

বিতৰ্কিত আইনখনৰ বিৰুদ্ধে কেৰালা, পাঞ্জাব, ৰাজস্থান, পশ্চিম বংগ আৰু পুডুচেৰীৰ পদাংক অনুকৰণ কৰিব তেলেংগানাই

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2020 1:20 pm
K Chandrasekhar Rao

তেলেংগানাৰ মুখ্য মন্ত্ৰী কে চন্দ্ৰশ্বেখৰ ৰাও।

24.5k
VIEWS
Share on FacebookShare on Twitter

বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইনৰ ক্ষেত্ৰত কেৰালা, পাঞ্জাব, ৰাজস্থান, পশ্চিম বংগ আৰু পুডুচেৰীৰ পদাংক অনুকৰণ কৰি তেলেংগানায়ো আইনখনৰ বিৰুদ্ধে অনুৰূপ প্ৰস্তাৱ গ্ৰহণ কৰিব।

দেওবাৰে ৰাতি হোৱা দীঘলীয়া বৈঠকৰ পিছত ৰাজ্যখনৰ কেবিনেটে এই সিদ্ধান্তটোৰ কথা বিবৃতিৰ জৰিয়তে ঘোষণা কৰে।

প্ৰগতি ভৱন (মুখ্য মন্ত্ৰীৰ চৰকাৰী আৱাস)ত অনুষ্ঠিত বৈঠকত মুখ্য মন্ত্ৰী কে চন্দ্ৰশ্বেখৰ ৰাৱে অধ্যক্ষতা কৰিছিল।

তেলেংগানা কেবিনেটে লগতে কেন্দ্ৰীয় চৰকাৰলৈ ভাৰতীয় নাগৰিকত্বৰ বাবে ধৰ্মৰ ভিত্তিত বৈষম্য নকৰিবলৈ আহ্বান জনাইছে।

“আইনৰ দৃষ্টিত সকলো ধৰ্মক সমানে গ্ৰহণ কৰিব লাগিব। কেবিনেটে তাৰোপৰি কেন্দ্ৰক নাগৰিকত্ব (সংশোধন) আইন, ২০১৯ বাতিল কৰিবলৈও অনুৰোধ জনাইছে, যিখন আইনে নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত ধৰ্মৰ ভিত্তিত বৈষম্যৰ সৃষ্টি কৰিব, আৰু ফলস্বৰূপে সংবিধানত থকা ধৰ্মনিৰপেক্ষতাক সংকটত পেলাব”, বিবৃতিটোত কোৱা হয়।

মুখ্য মন্ত্ৰী চন্দ্ৰশ্বেখৰে পূৰ্বে সংবাদ মাধ্যমৰ আগত এটা মন্তব্যত কৈছিল যে আইনখনৰ বিৰোধিতা কৰিবলৈ তেওঁ দেশৰ আন আন আঞ্চলিক দলবোৰৰ সৈতেও কথা পাতিছে আৰু আঞ্চলিক দলবোৰ আৰু মুখ্য মন্ত্ৰীসকলৰ এখন বৈঠক আয়োজন কৰিব পাৰে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে শাসনাধিষ্ঠিত তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে ভোটদান কৰিছিল।

ইয়াৰ পূৰ্বে কেৰালাই প্ৰথমখন ৰাজ্য হিচাপে বিতৰ্কিত আইনখনৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

পৰৱৰ্তী সময়ত ৰাজস্থান, পাঞ্জাব, পশ্চিম বংগ আৰু পুডুচেৰিয়েও অনুৰূপ প্ৰস্তাৱ গ্ৰহণ কৰে।

যোৱা বছৰৰ ডিচেম্বৰত কেন্দ্ৰৰ বিজেপি চৰকাৰে বিতৰ্কিত আইনখন আনিছিল আৰু এইখনৰ জৰিয়তে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা অমুছলমান ৫টা সম্প্ৰদায় (হিন্দু, বৌদ্ধ, শিখ, পাৰ্চী, খ্ৰীষ্টান)ৰ লোকসকলক বিনাচৰ্তে নাগৰিকত্ব দিয়াৰ দিহা কৰা হৈছে।

 

Recent News

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথৰ

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd