আদালত অৱমাননাৰ অপৰাধত অধিবক্তাক ৬ মাহৰ কাৰাদণ্ড গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অধিবক্তা উৎপল গোস্বামী।

আদালত অৱমাননাৰ অপৰাধত দোষী সাব্যস্ত হোৱাৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে এজন অধিবক্তাক ৬মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।অৱশ্যে আদালতে কিছু চৰ্ত আৰোপ কৰি তেওঁৰ শাস্তি স্থগিত ৰাখে। কিন্তু অধিবক্তাজনে আদালতত জামিন বণ্ড দাখিল কৰিব লাগিব।

শেহতীয়াকৈ ন্যায়াধীশ কল্যাণ ৰায় সূৰানা আৰু দেৱাশীষ বৰুৱাৰ খণ্ড বিচাৰপীঠে অধিবক্তা উৎপল গোস্বামীক উচ্চ ন্যায়ালয়ৰ অধীনস্থ যিকোনো আদালতত ১৫ দিনৰ বাবে অধিবক্তা হিচাপে থিয় দিয়াত নিষেধাজ্ঞা আৰোপ কৰে।

লগতে পঢ়ক: বিফল হ’ল ধৰ্ষণৰ চেষ্টা : আত্মৰক্ষাৰ বাবে বেজৰ যৌনাংগ কাটিলে মৰিগাঁৱৰ যুৱতীয়ে

১৯৭১ চনৰ আদালত অৱমাননা আইনখনৰ ১৪ নং ধাৰাত অধিবক্তাজনৰ বিৰুদ্ধে অপৰাধমূলক অৱজ্ঞাৰ অভিযোগ উত্থাপন কৰা হৈছে।

দুজন ন্যায়াধীশৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰে, “উত্তৰদাতা-অৱমাননাকাৰীয়ে সংশ্লিষ্ট বিদ্বান ন্যায়িক বিষয়াজনৰ সততা আৰু নিৰপেক্ষতাৰ ওপৰত ভিত্তিহীন কটু আক্ৰমণ কৰাই নহয়, উক্ত ন্যায়িক বিষয়াজনৰ চৰিত্ৰহননৰ কামো আৰম্ভ কৰিছিল। তদুপৰি, আবেদনকাৰীয়ে বাছনি প্ৰক্ৰিয়াৰ পবিত্ৰতাক লৈ প্ৰশ্ন উত্থাপন কৰি ন্যায়িক বিষয়াৰ বাছনি প্ৰক্ৰিয়াৰ ওপৰত অৱমাননামূলক মন্তব্য কৰিও এই আদালতক আক্ৰমণ কৰিছিল।”

ইয়াৰ পূৰ্বে গোস্বামীয়ে এখন আৱেদন দাখিল কৰিছিল, যিখন আবেদন এতিয়াও  যোৰহাট জিলাৰ অতিৰিক্ত জিলা ন্যায়াধীশ আদালতৰ সন্মুখত বিচাৰাধীন হৈ আছে।

লগতে পঢ়ক: জোকৰ মুখত চূণ! প্ৰধান মন্ত্ৰীক উদ্দেশ্যি কি লিখিলে প্ৰাক্তন আই পি এছ বিষয়াই?

গোস্বামীয়ে আবেদনখনত উল্লেখ কৰিছে যে, “অতিৰিক্ত জিলা ন্যায়াধীশগৰাকীয়ে ৰেম্পত মডেলৰ দৰে গহনা পিন্ধি আদালতৰ অধ্যক্ষতা কৰি আহিছে আৰু প্ৰতিটো ক্ষেত্ৰতে তেওঁ অধিবক্তাৰ কথা নুশুনি অপ্ৰয়োজনীয় গোচৰ আইন আৰু বিধিৰ ধাৰাসমূহৰ উদ্ধৃতি দি অধিবক্তাসকলক চাপ দিবলৈ/হতাশ কৰিবলৈ চেষ্টা কৰে আৰু আদালত কক্ষ নিয়ন্ত্ৰণৰ চেষ্টা কৰে।”

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে বিশ্বাস কৰে যে এই মন্তব্যই দেশজুৰি আন অধিবক্তাসকলক তেওঁলোকৰ স্বাৰ্থৰ বিপৰীতে কোনো সিদ্ধান্ত লোৱাৰ সময়ত ন্যায়াধীশক অপমান আৰু ভাবুকি দিবলৈ অনুপ্ৰাণিত কৰিব।

লগতে পঢ়ক: চাণক্য নীতি: শত্ৰুতকৈও ভয়ংকৰ এইবোৰ মানুহ; ভুলতো তেওঁলোকৰ সহায় নল’ব!

অৱশ্যে দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে অধিবক্তাগৰাকীক এক লাইফলাইনো প্ৰদান কৰে। তেওঁলোকে এই চৰ্তত কাৰাদণ্ডৰ শাস্তি স্থগিত ৰাখে যে অহা চাৰি বছৰত যদি পুনৰ আদালত অৱমাননাৰ গোচৰত দোষী সাব্যস্ত হয়, তেন্তে তেওঁ কাৰাদণ্ড ভুগিব লাগিব।