অসমীয়াৰ বাবে ৮০ শতাংশ চাকৰি সংৰক্ষণ: ৰাজহুৱা স্বাৰ্থজনিত আৱেদন গ্ৰহণ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

PIL seeking 80 percent job reservation for Assamese people অসম চুক্তি ৰূপায়ণৰ ৬ নং দফাৰ ওপৰত গঠিত উচ্চ পৰ্যায়ৰ সমিতিৰ পৰামৰ্শৰ  ভিত্তিত স্থানীয় প্ৰাৰ্থীসকলৰ নিযুক্তিৰ ওপৰত এখন ৰাজহুৱা স্বাৰ্থৰ আৱেদন (পিআইএল) গুৱাহাটী উচ্চ ন্যায়ালয়ে ১০ আগষ্টত গ্ৰহণ কৰে।

ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বি কে শৰ্মাৰ নেতৃত্বত গৃহ মন্ত্ৰালয়ে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে সাংবিধানিক, আইনী আৰু প্ৰশাসনিক সুৰক্ষা প্ৰদানৰ বাবে গ্ৰহণ কৰিবলগা ব্যৱস্থা আৰু পৰামৰ্শ দিবলৈ গঠন কৰি দিয়া উচ্চ-পৰ্যায়ৰ সমিতিয়ে  ২০২০ চনৰ ফেব্ৰুৱাৰীত অসম চৰকাৰক ইয়াৰ প্ৰতিবেদন দাখিল কৰে।

লগতে পঢ়ক: ৰাজ্যৰ নতুন মুখ্য সচিব নিযুক্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া পৱন কুমাৰ বৰঠাকুৰ

দফা ৬-ত কোৱা হৈছে, ” উপযুক্ত সাংবিধানিক, আইনী আৰু প্ৰশাসনিক সুৰক্ষাৰ লগতে অসমীয়া লোকৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্যৰ সুৰক্ষা, সংৰক্ষণ আগবঢ়োৱা হ’ব।”

সমিতিখনে ৰাজ্য চৰকাৰৰ প্ৰতিষ্ঠানসমূহৰ অধীনত খালী পদসমূহৰ ৮০ শতাংশ সংৰক্ষণ আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰী (পিপিপি) সংস্থাকে ধৰি ব্যক্তিগত খণ্ডত সৃষ্টি হোৱা খালী পদৰ ৭০ শতাংশ অসমীয়া লোকৰ বাবে সংৰক্ষণৰ পৰামৰ্শ দিছিল।

মুখ্য ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছাহয়া আৰু ন্যায়াধীশ সৌমিত্ৰ ডেকাক লৈ গঠিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে পিআইএল (৫২/২০২২ নং) খন গ্ৰহণ কৰে আৰু অহা ২৬ আগষ্টত শুনানিৰ পৰৱৰ্তী দিন ধাৰ্য কৰে।

লগতে পঢ়ক: ৰাষ্ট্ৰৰ মালিক যেন জনসাধাৰণ নহয়, ক্ষমতাশালী মহলহে যেন ইয়াৰ মালিক! মন্তব্য ড০ হীৰেন গোহাঁইৰ

পিআইএলখন এগৰাকী নিবনুৱা যুৱক আৰু ভাৰতীয় ছাত্ৰ সংগঠন (ISO) নামৰ এটা বেচৰকাৰী সংগঠনৰ নেতা দুৰ্লভ তালুকদাৰে দাখিল কৰিছিল। পিআইএলখনে বিজনেছ ষ্টেণ্ডাৰ্ডৰ প্ৰতিবেদনৰ উদ্ধৃতি দি উল্লেখ কৰে যে ৩১ ডিচেম্বৰ, ২০১৮ লৈকে উপলব্ধ তথ্য অনুসৰি অসমত মুঠ ১৬,৯৯,৯৭৭ জন শিক্ষিত নিবনুৱা আছে। প্ৰতিবেদনখনত কোৱা হৈছে যে সমগ্ৰ ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰৰ তথ্যসমূহেও দেখুৱাইছে যে ২০১৮ চনত অসমত ২০,২৪,৮৮৬ জন পঞ্জীভুক্ত নিবনুৱা আছে।

ইয়াত দাবী কৰা হৈছে যে চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি (CMIE)য়ে কৰা এক জৰীপ অনুসৰি ২০২০ চনৰ এপ্ৰিলত অসমৰ নিবনুৱাৰ হাৰ ১৯ মাহৰ সৰ্বোচ্চ ১১.১ শতাংশত উপনীত হয়। দীঘলীয়া সময়ৰ বাবে নিবনুৱাৰ হাৰ এপ্ৰিল ২০১৬-ৰ ০.৭ শতাংশৰ পৰা বৰ্তমানৰ হাৰলৈ বৃদ্ধি হৈছে।

পিআইএলখনে কেৰালা চৰকাৰৰ এক প্ৰতিবেদনৰ উদ্ধৃতি দিছে য’ত কোৱা হৈছে যে ১৭.৫ শতাংশ প্ৰব্ৰজনকাৰী শ্ৰমিক ৰাজ্যখনলৈ অসমৰ পৰা আহি আছে।

লগতে পঢ়ক: কেনেকৈ বাংগালোৰত কাম দিয়াৰ নামত দালালে কাশ্মীৰত বিক্ৰী কৰিলে বিশ্বনাথৰ যুৱকক?

পিআইএলখনত হাৰিয়ানা চৰকাৰে গৃহীত কৰা ৰাজ্যিক স্থানীয় প্ৰাৰ্থী নিযুক্তি (HSELC) আইন, ২০২০ ৰ কথাও উল্লেখ কৰা হৈছে য’ত ৰাজ্যখনত নিয়োগকৰ্তাসকলক (ব্যক্তিগত নিয়োগকৰ্তাসহ) স্থানীয় প্ৰাৰ্থীক ৭৫ শতাংশ নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে।

পিআইএলখনে ৰাজ্যখনৰ ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰী কোম্পানীসমূহত স্থানীয় প্ৰাৰ্থীসকলৰ বাবে কমেও ৭৫ শতাংশ চাকৰি সংৰক্ষণ ৰখাৰ বাবে অন্ধ্ৰ প্ৰদেশ উদ্যোগ/কাৰখানা আইন, ২০১৯ৰ কথাও উল্লেখ কৰে।